অসম

assam

ETV Bharat / state

ৰে'লৱে ভূমি বেদখলকাৰীকেই চৰকাৰৰ বৰপীৰা - PMAY for encroachers In Jonai

AJYCP on PMAY for encroachers: চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই থকাৰ সময়তেই ভূমিহীন শতাধিক পৰিয়ালে লাভ কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ।

By ETV Bharat Assamese Team

Published : 4 hours ago

AJYCP on PMAY for encroachers
বেদখলকাৰীক চৰকাৰী ঘৰ (ETV Bharat Assam)

জোনাই, ৭ অক্টোবৰ:ধেমাজি জিলাৰ জোনাইৰ মুৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫,৬ আৰু ৯ নং ৱাৰ্ডৰ শতাধিক ভূমিহীন পৰিয়ালে লাভ কৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ । এই ধন লাভ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জোনাইৰ বিভিন্ন সচেতন নাগৰিকৰ লগতে দল-সংগঠনে ।

যি সময়ত চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই আছে তেনে সময়তে জোনাইৰ মুৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত জোনাই গাঁও পঞ্চায়তৰ ৫,৬ আৰু ৯ নম্বৰ ৱাৰ্ডৰ ৰে'লৱে ভূমিত বসবাস কৰা ভূমিহীন শতাধিক পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

বেদখলকাৰীক চৰকাৰী ঘৰ (ETV Bharat Assam)

দুখীয়া পৰিয়ালসকলে চৰকাৰী ঘৰ লাভ কৰাত বিৰোধ নকৰে বুলি সংগঠনটোৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই উল্লেখ কৰি কয়," ইতিমধ্যে উক্ত ৰে'লৱে ভূমিত বসবাস কৰা এই পৰিয়ালকেইটালৈ উচ্ছেদৰ বাবে ৰে'লৱে বিভাগৰ পৰা বাৰে বাৰে জাননী দি থকা হৈছে । কিন্তু তাৰ মাজতে মুৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে চৰকাৰী ধন অপচয় কৰাৰ উদ্দেশ্যে ৰে'লৱে ভূমিত বসবাস কৰা ভূমিহীন পৰিয়ালসকলক চৰকাৰী ঘৰ নিৰ্মাণ কৰিবলৈ দিয়াৰ কোনো যুক্তি নাই ।"

গতিকে অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষই চৰজমিন তদন্ত কৰি ৰে'লৱে ভূমিত অবৈধভাৱে দখল কৰি চৰকাৰী ঘৰ নিৰ্মাণেৰে চৰকাৰৰ ধন অপচয় নকৰাৰ আগতে বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে ।

উল্লেখ্য় যে ইয়াৰ পূৰ্বেও জোনাইৰ বাহিৰচিলে গাঁও পঞ্চায়তৰ অন্তৰ্গত কবু চাপৰিত ১৩০ টাতকৈ অধিক পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰি নিৰ্মাণ আৰম্ভ কৰিছিল যদিও পিছলৈ বনভূমিত বসবাস কৰা পৰিয়ালসকলক ধেমাজি জিলা বন বিভাগে উচ্ছেদ কৰাত কোটি কোটি চৰকাৰী ধন অপচয়ৰ উদাহৰণ আছে বুলি উল্লেখ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই ।

লগতে পঢ়ক:পিজিআৰ-ভিজিআৰৰ ভূমিত বাস কৰা অবৈধ বেদখলকাৰীক অচিৰেই কৰা হ’ব উচ্ছেদ

শিক্ষামন্ত্ৰীৰ নামত মাটি বেদখলৰ চেষ্টা: ভূ-মাফিয়াক খেদিলে উত্তেজিত ৰাইজে - Tense Situation

ABOUT THE AUTHOR

...view details