অসম

assam

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 9:08 PM IST

ETV Bharat / state

গ’ণ্ডা ৰে’ল দুৰ্ঘটনাৰ চি আৰ এছ তদন্তৰ প্ৰতিবেদন: গাফিলতিৰ বাবে লাইনচ্যুত হৈছিল ৰে’ল - Dibrugarh Express Derail

CHANDIGARH DIBRUGARH EXPRESS DERAIL : ইমিডিয়েট ৰিমুভেল ডিফেক্ট মেচিনৰ দ্বাৰা পৰিদৰ্শনৰ সময়ত ট্ৰেকত এটা দোষ পোৱা গৈছিল, ইয়াৰ পাচতো ৰে’লৱেৰ কৰ্মচাৰীয়ে ট্ৰেকত কৰ্মী নিয়োগ কৰা নাছিল । ইয়াত সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছিল । এই সতৰ্কবাণী চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ ৰে’লৰ চালকৰ ওচৰ পোৱা নাছিল । ইয়াৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় ।

CHANDIGARH DIBRUGARH EXPRESS DERAIL
গ’ণ্ডা ৰে’ল দুৰ্ঘটনাৰ তদন্তৰ প্ৰতিবেদন (ETV Bharat)

নেশ্যনেল ডেস্ক, 21 জুলাই : বিগত 18 জুলাইত উত্তৰ প্ৰদেশৰ গ’ণ্ডা জিলাত চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ ৰে’ল দুৰ্ঘটনা সংঘটিত হয় ৷ এই ৰে’ল দুৰ্ঘটনাত 4 জন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে 31 জন আহত হয় ৷ ৰে’ল দুৰ্ঘটনাৰ তদন্তৰ বাবে ৰে’ল সুৰক্ষা আয়ুক্তৰ নেতৃত্বত পাঁচজনীয়া এটা দল ঘটনাস্থলীত উপস্থিত হয় ৷

ইমিডিয়েট ৰিমুভেল ডিফেক্টৰ মেচিনৰ দ্বাৰা পৰিদৰ্শনৰ সময়ত ট্ৰেকত এটা ত্ৰুটি পোৱা গৈছিল, কিন্তু ইয়াৰ পিচতো ৰে’লৱেৰ কৰ্মচাৰীয়ে ট্ৰেকত কৰ্মী নিয়োগ কৰা নাছিল ৷ সুৰক্ষা আয়ুক্তই উচ্চ পদস্থ বিষয়াসকলক ইয়াৰ তথ্য দিছিল, যাৰ অডিঅ’ ভাইৰেল হৈছে ৷ এইখিনিতে তেওঁ কৈছিল যে 'ছাৰ, ট্ৰেকটো বৰ বেয়া, অনুগ্ৰহ কৰি ইয়াত সাৱধানতা অৱলম্বন কৰক' ৷ তাৰ পিচতো সেইদিনা 2 বজাত এই সতৰ্কবাণী জাৰি কৰা হৈছিল যি চণ্ডীগড়-ডিব্ৰুগড় এক্সপ্ৰেছ ৰে’লৰ চালকৰ ওচৰত গৈ নাপালে ৷ ইয়াৰ বাবেই এটা বৃহৎ দুৰ্ঘটনা সংঘটিত হয় ৷

ৰে’লৱে সুৰক্ষা আয়ুক্ত প্ৰাঞ্জীৱ সাক্সেনাৰ লগতে উত্তৰ-পূব ৰে’লৱেৰ মুখ্য সুৰক্ষা বিষয়া মুকেশ মেহৰোত্ৰা, লক্ষ্ণৌ সংমণ্ডলৰ অতিৰিক্ত সংমণ্ডল প্ৰবন্ধক ৰাজীৱ কুমাৰ আৰু শাখা বিষয়াসকলে স্থান পৰিদৰ্শন কৰি স্থানীয় লোক, বিষয়া-কৰ্মচাৰীৰ বক্তব্য লিপিবদ্ধ কৰে ৷

লগতে পঢ়ক :উত্তৰ প্ৰদেশৰ গ’ণ্ডাত লাইনচ্যুত হ’ল ডিব্ৰুগড় এক্সপ্ৰেছ : নিহত ২, আহত ২০ ৰো অধিক - TRAIN ACCIDENT IN UP

প্ৰাথমিক তদন্তৰ অন্তত দুৰ্ঘটনাটোৰ কাৰণক গাফিলতি বুলি বিবেচনা কৰা হৈছে ৷ তদন্তত ৰে’লৱেৰ পাঁচজনীয়া এটা দলে ৰে’লপথ মেৰামতিৰ ক্ষেত্ৰত গাফিলতি ধৰা পেলাইছে আৰু ৰে’লপথটো সঠিকভাৱে টান কৰা হোৱা নাছিল ৷ ইমিডিয়েট ৰিমুভেল ডিফেক্টৰ মেচিনৰ দ্বাৰা পৰিদৰ্শনৰ সময়ত ট্ৰেকত এটা দোষ পোৱা গৈছিল ৷ কিন্তু ট্ৰেক ষ্টাফ নিয়োগ কৰা হোৱা নাছিল ৷

দুৰ্ঘটনাৰ পূৰ্বে 2.30 বজাত কৰ্তৃপক্ষই এই সুৰক্ষা প্ৰদান কৰে ৷ 30 কিলোমিটাৰ বেগত গাড়ী চলোৱাৰ সতৰ্কতা লোকো পাইলটৰ ওচৰ নাপালে ৷ প্ৰাথমিক তদন্তত গ’ণ্ডা ৰে’লৱেৰ 6 জন বিষয়া-কৰ্মচাৰীৰ বক্তব্য লিপিবদ্ধ কৰা হয় ৷ তদন্তত এই গাফিলতিৰ কথা পোহৰলৈ অহাৰ পাচত সংশ্লিষ্ট কৰ্মচাৰীক শাস্তি দিয়াটো নিশ্চিত ৷

লগতে পঢ়ক :কিদৰে দুৰ্ঘটনাগ্ৰস্ত হৈছিল ডিব্ৰুগড় এক্সপ্ৰেছ ? আঘাতপ্ৰাপ্ত খোৱাঙৰ মুকুল ঘাটোৱাৰে দিলে বিৱৰণ - Dibrugarh Express Accident

ABOUT THE AUTHOR

...view details