তেজপুৰ, ২১ মে': লিচু বুলিলেই প্ৰথমে মনলৈ আহে তেজপুৰৰ লিচুৰ কথা ৷ তেজপুৰৰ ৰসাল, মঙহাল লিচুৰ সোৱাদ নোলোৱা লোক হয়তো বিচাৰিলে খুব কমেইহে ওলাব ৷ গুণগত মানদণ্ড আৰু সোৱাদৰ বাবে শেহতীয়াকৈ জি আই টেগ লাভ কৰিছে উষা নগৰীৰ লিচুৱে ৷
উল্লেখ্য যে, ২০১৩ চনৰ ২৮ আগষ্টত তেজপুৰৰ লিচুৰ বাবে জি আই টেগ লাভ কৰিবলৈ কৰা হৈছিল আবেদন ৷ পৰৱৰ্তী সময়ত অৰ্থাৎ ২০১৫ চনত জি আই টেগ লাভ কৰে তেজপুৰৰ লিচুৱে ৷ ১৯২২ চনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা তেজপুৰ পৌৰসভাৰ প্ৰথমগৰাকী পৌৰপতি পদ্মনাথ গোহাঞি বৰুৱাই ৰোপণ কৰা লিচু গছজোপাৰ পৰা পোৱা ফলে বজাৰ দখল কৰিলে লণ্ডনৰ ৷
যোৱা বছৰ চীনৰ বজাৰতো বেছ সমাদৰ লাভ কৰিলে তেজপুৰৰ লিচুৱে ৷ অগ্নিগড় ফাৰ্মাৰ এছ'চিয়েছন আৰু জিলা কৃষি বিভাগৰ সহায়ত লণ্ডনলৈ প্ৰথমে এই লিচু পঠাইছিল Kiega Exims Private Limited য়ে ৷ 2022 চনত তেজপুৰ কনভেঞ্চন হলৰ পৰা এই কাৰ্যসূচীৰ ফ্লেগ অফ কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
তেজপুৰ লিচু কিয় বিখ্যাত :
তেজপুৰ লিচুৱে ইয়াৰ অনন্য সোৱাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক প্ৰশংসা লাভ কৰিছে ৷ চহৰখনৰ মাজমজিয়াত আছে এটা পুখুৰী, যাক জনপ্ৰিয়ভাৱে জনা যায় লিচু পুখুৰী হিচাপে ৷ সেই পুখুৰীৰ পাৰত এতিয়া উৎপাদন হৈছে বিলাতী আৰু শ্বাহীজাতৰ লিচু ৷ যাৰ সৌন্দৰ্য এতিয়া পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ পথত ৷ তেজপুৰত মুঠ পাঁচবিধ লিচু সহজলভ্য ৷ সেইসমূহ হৈছে বোম্বাই, পিঁয়াজী, বিলাতী, শ্বাহী আৰু ইলাইচি ৷
বিগত সময়চোৱাত নাবাৰ্ডে শোণিতপুৰ কৃষি বিভাগ আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত অগ্নিগড় প্ৰডাক্টৰ কোম্পানী লিমিটেডে তেজপুৰ আৰু ইয়াৰ আশে-পাশে থকা বিভিন্ন ক্ষুদ্ৰ, প্ৰান্তীয় লিচু কৃষকক একত্ৰিত কৰি তেজপুৰ লিচুক প্ৰদান কৰা জি আই টেগৰ সহায়ত কৃষকসকলক বহু সুবিধা প্ৰদান কৰিছে ৷ অগ্নিগড় প্ৰডাক্টৰ কোম্পানী লিমিটেড হৈছে এটা পঞ্জীয়নভুক্ত কোম্পানী, য’ত বৰ্তমান কৃষকৰ সদস্য সংখ্যা প্ৰায় ১০৬ গৰাকী ৷