গুৱাহাটী:‘মুখ্যমন্ত্ৰীৰ চকীখন এতিয়া থৰক-বৰক, কেতিয়া দিলীপ শইকীয়া IN আৰু হিমন্ত বিশ্ব শৰ্মা OUT হয় তাৰ ঠিক নাই ৷’ ‘মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি আৰু অন্যান্য কেলেংকাৰীৰ কথা তল পেলাবলৈ এতিয়া মুখ্যমন্ত্ৰীয়ে আবোল-তাবোল বকি আছে ৷’ —মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বুধবাৰে পোনপটীয়া আক্ৰমণ বিৰোধীৰ উপ দলপতি তথা কংগ্ৰেছ নেতা সাংসদ গৌৰৱ গগৈৰ । কিন্তু কিয় এই আক্ৰমণ গৌৰৱ গগৈৰ ? এক অনাকাংক্ষিত বিতৰ্কত লোকসভাৰ উপ দলপতি সাংসদ গৌৰৱ গগৈৰ পত্নী । তাকে লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ বৌদ্ধিক আক্ৰমণ-প্ৰত্যাক্ৰমণ ।
গুজৰাটৰ মিষ্টাৰ সিনহা আৰু ঋষি বাগ্ৰী নামৰ সামাজিক মাধ্যমত ৰাজনৈতিক বিষয়ত সক্ৰিয় দুজন ব্যক্তিয়ে গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ অনিছিল । ইয়াৰে মিষ্টাৰ সিনহা নামৰ ৰাজনৈতিক ভাষ্যকাৰ লোকজনে Xযোগে পোষ্ট দিছিল যে গৌৰৱ গগৈৰ বিদেশী পত্নী ISI ৰ লগত জড়িত থকা বুলি । অভিযোগ তুলিছিল গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ ISI লিংক থকা বুলি । এই প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই X যোগে পৰোক্ষ আক্ৰমণৰ কাঁড় এৰে গৌৰৱ গগৈলৈ ।
তাকে লৈ এতিয়া লোকসভাৰ বিৰোধীৰ উপ দলপতি সাংসদ গৌৰৱ গগৈ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত মুকলি আক্ৰমণ-প্ৰত্যাক্ৰমণ আৰম্ভ হৈছে ।
পত্নী যদি ISI এজেণ্ট তেন্তে, মই ভাৰতৰ RAW ৰ এজেন্ট:
‘মোৰ পত্নী যদি পাকিস্তানৰ ISI এজেন্ট হয়, তেতিয়াহ’লে মই ভাৰতৰ RAW ৰ এজেন্ট ৷’—বুধবাৰে এই মন্তব্য কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ । বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাম উল্লেখ নকৰাকৈ সামাজিক মাধ্যমযোগে সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক টাৰ্গেট কৰি লৈছিল । গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত তাৰেই প্ৰত্যুত্তৰ দিয়ে গৌৰৱ গগৈয়ে । গৌৰৱ গগৈয়ে কয়, “মুখ্যমন্ত্ৰীৰ চকীখন এতিয়া থৰক বৰক, কেতিয়া দিলীপ শইকীয়া IN আৰু হিমন্ত বিশ্ব শৰ্মা OUT হয় তাৰ ঠিক নাই ৷ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি আৰু অন্যান্য কেলেংকাৰীৰ কথা তল পেলাবলৈ এতিয়া আবোল-তাবোল বকি আছে ৷ মই মোৰ পৰিয়ালৰ অপপ্ৰচাৰ যোৱা লোকসভা নিৰ্বাচনৰ সময়তহে পাইছিলো ৷ এইবাৰ বহু আগতেই পালো ৷ বিধানসভা নিৰ্বাচন আহি আছে বাবে এতিয়া এয়া অপপ্ৰচাৰ পাইছো ৷”
মাটিৰ অভিযোগ তল পেলাবলৈহে মুখ্যমন্ত্ৰীৰ এইবোৰ অভিযোগ:
ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মাটিকে ধৰি আন বিতৰ্কৰ কথা উল্লেখ কৰি গৌৰৱ গগৈয়ে লগতে ক’লে, “মোৰ পত্নী যদি পাকিস্তানৰ ISI এজেন্ট হয় তেতিয়াহ’লে মই ভাৰতৰ RAW ৰ এজেন্ট ৷ যিটো পৰিয়ালৰ বিৰুদ্ধে বিভিন্ন গোচৰ আৰু বহু অভিযোগ উঠি আছে, তেনে পৰিয়ালে যদি মোৰ বিৰুদ্ধে অভিযোগ তোলে তেন্তে মোৰ আপত্তি নাই ৷ নিজৰ অভিযোগ তল পেলাবলৈহে মুখ্যমন্ত্ৰীয়ে এইবোৰ অভিযোগ তুলি আছে ৷”