গুৱাহাটী:আগন্তুক পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে । গুৱাহাটী উচ্চ ন্যায়ালয়ে যোৱা ১৭ ডিচেম্বৰত জাৰি কৰা এক নিৰ্দেশৰ পিছতে আগন্তুক পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাক লৈ সৃষ্টি হৈছে এই অনিশ্চয়তাৰ ।
পঞ্চায়ত নিৰ্বাচনক লৈ বহু ওজৰ-আপত্তিৰে দাখিল কৰা কেইবাখনো লেখ আবেদনৰ শুনানি লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ এজনীয়া বিচাৰপীঠে অহা ৯ জানুৱাৰী পর্যন্ত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰাত ৰাজ্যিক নিৰ্বাচন আয়োগক বাধা আৰোপ কৰিছে । যাৰ বাবে এতিয়া ৰাজ্যত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচন পুনৰ অনিশ্চয়তাৰ গৰাহত সোমাই পৰিছে । উচ্চ ন্যায়ালয়ৰ এই হস্তক্ষেপৰ পিছতে ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন মাজত সোমাই পৰিছে আইনী জটিলতাৰ মাজত ।
এই সন্দৰ্ভত গোচৰীয় পক্ষৰ অধিবক্তা এ কে তালুকদাৰে কয় যে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে যোৱা ৩ আগষ্টত পঞ্চায়তৰ সমষ্টি পুনঃনিৰ্ধাৰণ সন্দৰ্ভত এক এছ অ’ পি প্ৰকাশ কৰিছিল ।
এনে এছ অ' পিৰ পিছতে পঞ্চায়তৰ সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰা প্ৰকাশ পায় । পৰৱৰ্তী পৰ্যায়ত পঞ্চায়ত সমষ্টিসমূহৰ চূড়ান্ত সমষ্টি নির্ধাৰণৰ তালিকা প্ৰকাশ কৰা হ'ব । কিন্তু পঞ্চায়তৰ সমষ্টি পুনঃনির্ধাৰণৰ তালিকা দেখি হতভম্ব হৈ পৰে বহু স্থানীয় লোক ।