গুৱাহাটী:দিহিং পাটকাইৰ প্রস্তাৱিত চালেকি সংৰক্ষিত বনাঞ্চলত অবৈধ কয়লা খননৰ এক ৰাজহুৱা স্বাৰ্থজনিত গোচৰক কেন্দ্ৰ কৰি চৰকাৰৰ ভূমিকাকলৈ ক্ষুন্ন হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় । অধিবক্তা মৃণ্ময় খাটনিয়াৰ আৰু পর্বতাৰোহী অমৰজ্যোতি ডেকাই দাখিল কৰা এখন পি আই এলৰ শুনানী গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে এক কঠোৰ স্থিতি গ্ৰহণ কৰা দেখা যায় । বৃহস্পতিবাৰে শুনানি হৈছিল এই গোচৰটোৰ ।
অধিবক্তা মৃণ্ময় খাটনিয়াৰ আৰু পর্বতাৰোহী অমৰজ্যোতি ডেকাই চালেকি সংৰক্ষিত বনাঞ্চলত ক'ল ইণ্ডিয়া লিমিটেডক অবৈধভাৱে কয়লা খননৰ অনুমতি প্রদানৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত পি আই এল দাখিল কৰিছিল । এই পি আই এলখনৰ শুনানি লৈ ২০২৩ চনতে উচ্চ ন্যায়ালয়ে গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্রধান সচিব আৰু আৰক্ষী সঞ্চালক প্রধানক শপতনামা দাখিলৰ বাবে সময় প্রদান কৰিছিল ।
কিন্তু ২০২৪ চনৰ ২৯ অক্টোবৰ আৰু ২০ নৱেম্বৰত পি আই এলখনৰ শুনানি হয় যদিও প্রধান সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানে কোনো শপতনামা দাখিল কৰিব নোৱাৰিলে । যাৰ বাবে দুবছৰে শপতনামা দাখিল কৰিব নোৱৰা বিষয়টোক লৈ শুনানিকালত ক্ষুব্ধ হৈ পৰে ন্যায়ালয় ।