অসম

assam

বোমা বিস্ফোৰণত নিহতৰ পত্নীয়ে ১৬ বছৰে যুঁজিলেও নাপালে সংস্থাপন - Ganeshguri Bomb Blast Victim

By ETV Bharat Assamese Team

Published : Sep 17, 2024, 10:52 AM IST

Ganeshguri bomb blast :৩০ অক্টোবৰৰ বিভীষিকাময় পৰিস্থিতিৰ কথা মনত পৰিলে আজিও সকলোৰে গাৰ নোম শিহৰি উঠে । সেই অভিশপ্ত দিনটোত প্ৰাণ হেৰুওৱা লোকৰ পৰিয়ালৰ বহুতেই নাপালে উপযুক্ত ক্ষতিপূৰণ । এগৰাকী ভুক্তভোগী মহিলাই কৰিলে এনে বৰ্ণনা...

Ganeshguri bomb blast
যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণ (ETV Bharat Assam)

যোৰহাট, ১৭ ছেপ্টেম্বৰ :২০০৮ চনৰ ৩০ অক্টোবৰ । ইতিহাসৰ পৃষ্ঠাত লিখা আছে এটি কলংকিত দিন হিচাপে । এই দিনটোতেই গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্য়ৰ কেইবাঠাইত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণ । কলংকিত দিনটোতেই উগ্ৰপন্থীয়ে সংঘটিত কৰিছিল বিস্ফোৰণ । উক্ত বিস্ফোৰণত মৃত্যু হৈছিল ৮১ জন নিৰীহ লোকৰ । আজিও কিছুমানৰ পৰিয়ালে অপেক্ষা কৰি আছে ন্য়ায় লাভৰ আশাত । গণেশগুৰিৰ বিস্ফোৰণত নিহতসকলৰ মাজত আছিল দিলীপ বৰা ।

যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণ (ETV Bharat Assam)
  • বিস্ফোৰণত নিহতৰ পত্নীয়ে নাপালে সংস্থাপন

২০০৮ চনৰ ৩০ অক্টোবৰত গণেশগুৰিৰ বোমা বিস্ফোৰণত বহুলোক নিহত আৰু আহত হৈছিল । এই নিহতৰ ভিতৰত আছিল যোৰহাট জিলাৰ তিতাবৰৰ ৰশ্মিৰেখা বৰাৰ স্বামী দিলীপ বৰা । দিলীপ বৰাই কেইজনমান লোকৰ সৈতে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক ৰাসলৈ নিমন্ত্ৰণ দিবলৈ যোৱাৰ সময়তে গণেশগুৰিৰ বোমা বিস্ফোৰণত নিহত হৈছিল । সেই সময়ত কংগ্ৰেছ চৰকাৰখনে প্ৰয়াত দিলীপ বৰাৰ পত্নীক এটা সংস্থাপন দিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও সেই প্ৰতিশ্ৰুতি কিন্তু কাৰ্যকৰী নকৰিলে ।

সেই সময়তেই বহু কেইটা অনুষ্ঠান আৰু সংবাদমাধ্যমে সহায় কৰিছিল উক্ত দুৰ্ভগীয় পৰিয়ালটোক। চৰকাৰে সহায় নকৰিলে যদিও সোমবাৰে তেওঁ ন্যায়িক ব্যৱস্থাৰ জৰিয়তে লাভ কৰিলে ক্ষতিপূৰণ । যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ জৰিয়তে তেওঁ এই ক্ষতিপূৰণ লাভ কৰিলে যদিও চৰকাৰৰ পৰা উপেক্ষিত হৈয়ে থাকিল ।

  • ১৬ বছৰে যুঁজিলেও নাপালে সংস্থাপন

বিগত ১৬ বছৰেই ৰশ্মিৰেখা বৰাই নাপালে ন্য়ায় । নাপালে চৰকাৰী চাকৰী । চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি কয়, "মুখ্য়মন্ত্ৰী তৰুণ গগৈয়ে মোক সংস্থাপন দিব বুলি প্ৰতিশ্ৰুতি দিছিল । ১৬ বছৰে অহা-যোৱা কৰাৰ পিচতো চাকৰিটো নহ'ল । তাৰ পিচত মই উচ্চ ন্য়ায়ালয়ৰ কাষ চাপিলো । উচ্চ ন্য়ায়ালয়ে তিনি মাহৰ ভিতৰত মোক এটা সংস্থাপন দিয়াৰ ৰায় দিছিল । তাৰ পিচতো মোৰ চাকৰিটো নহ'ল । মোৰ চাকৰিটো ৰুলত নপৰে বুলি কয় চৰকাৰে ।"

তেওঁ পুনৰ কয়, "মোৰ চলিবলৈ সমস্য়া হৈছে । এতিয়া সামন্য় ক্ষতিপূৰণ পাইছো । মোৰ ছোৱালীজনীয়ে কালি অনুষ্ঠিত চৰকাৰী চাকৰীৰ পৰীক্ষা দিছে । চৰকাৰে এইবাৰ নিৰ্যাতিত পৰিয়াল হিচাপে মোৰ ছোৱালীটোক এটা চাকৰী দিব বুলি আশা কৰিছো । চৰকাৰে সহায় কৰিব বুলি ভাবিছিলো যদিও ইমান দিনে একো নাপালো ।"

  • দেৱশীষ গগৈৰ পৰিয়ালে দৰিদ্ৰ শিক্ষাৰ্থীক প্ৰদান কৰিব সাহাৰ্যৰ ধন

সমান্তৰালভাৱে ২০২০ চনত মৰিয়নীৰ গাভৰু পৰ্বতত দেৱশীষ গগৈ নামৰ এজন প্ৰতিভাৱান যুৱকক এদল লোকে মৰিয়াই মৰিয়াই হত্যা কৰিছিল । মৰিয়নীৰ গাভৰু পৰ্বতত নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিবলৈ যোৱা দেৱশীষ গগৈক গাভৰু পৰ্বততেই এদল লোকে হত্যা কৰিছিল । তেওঁৰ পৰিয়ালেও লাভ কৰে ন্যায়িক ক্ষতিপূৰণ ।

পুত্ৰৰ নিৰ্মম হত্যাৰ কথা কৈ সেমেকি উঠিল পিতৃ-মাতৃৰ চকু । আনহাতে, দেৱাশীষ গগৈৰ পৰিয়ালে ন্যায়িক ব্যৱস্থা জৰিয়তে লাভ কৰা সাহাৰ্য দৰিদ্ৰ শ্ৰেণীৰ শিক্ষাৰ্থীক প্ৰদান কৰিব বুলি উল্লেখ কৰে ।

যোৰহাট জিলা আইন সেৱা প্ৰাধিকৰণৰ জৰিয়তে ১৬ জন এনে ভুক্তভোগীক ৪৫ লাখৰো অধিক ধন প্ৰদান কৰা হয় । ইয়াৰ সৈতে সংগতি ৰাখি আয়োজিত এক অনুষ্ঠানত যোৰহাটৰ জিলা আয়ুক্ত পুলক মহন্ত, আৰক্ষী অধীক্ষক, জিলা আৰু সত্ৰ ন্যায়াধীশ আদি উপস্থিত থাকে ।

লগতে পঢ়ক:দুৰ্ঘটনাত নিহত-আহত শ্ৰমিকৰ বাবে অসম চৰকাৰৰ বিশেষ আৰ্থিক সাহায্য - Special financial assistance

কলেৰাত মৃত্যু হোৱা লোকৰ পৰিয়ালক এক লাখ টকাকৈ আৰ্থিক সাহাৰ্য মুখ্যমন্ত্রীৰ - Cholera cases in Assam

ABOUT THE AUTHOR

...view details