অসম

assam

By ETV Bharat Assamese Team

Published : 4 hours ago

ETV Bharat / state

গান্ধী মণ্ডপত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন - Gandhi Jayanti celebration

Gandhi Mandap: কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ সহযোগত  মহানগৰীৰ শৰণীয়া পাহাৰস্থিত গান্ধী মণ্ডপত গান্ধী জয়ন্তী উদযাপন । জাতিৰ পিতাক সশ্ৰদ্ধ স্মৰণ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ । মহাত্মা গান্ধীৰ প্ৰতিমূৰ্ত্তিত পুস্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধা নিবেদন সাংসদ বিজুলী কলিতা মেধিৰ ।

Gandhi Jayanti celebration at Gandhi Mandap and Assembly premises
গান্ধী মণ্ডপত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন (ETV Bharat Assam)

গুৱাহাটী,২ অক্টোবৰ:মহামানৱ মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তী আজি ৰাজ্যজুৰি উদযাপন কৰা হয় । গুৱাহাটী মহানগৰীতো বিভিন্ন কাৰ্যসূচীৰে গান্ধী জয়ন্তী পালন কৰা হয় । কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই যৌথভাৱে গান্ধী জয়ন্তী উদযাপন কৰি মহাত্মা গান্ধীক সশ্ৰদ্ধাৰে সোঁৱৰণ কৰে ।

এই উপলক্ষে গুৱাহাটীৰ শৰণীয়া পাহাৰস্থিত গান্ধী মণ্ডপত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । অনুষ্ঠানত গুৱাহাটী সংসদীয় সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকি মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলি অৰ্পণ কৰে ।

গান্ধী মণ্ডপত জাতিৰ পিতা মহাত্মা গান্ধী (ETV Bharat Assam)

জাতিৰ পিতাগৰাকীক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি সাংসদগৰাকীয়ে কয়,"মহামানৱ মহাত্মা গান্ধীয়ে দেখুৱাই যোৱা আদৰ্শ সকলোৱে অনুকৰণ কৰা উচিত । মহাত্মা গান্ধীৰ ত্যাগ আৰু আদৰ্শৰ বাবেই আমি এখন স্বাধীন ভাৰতত বসবাস কৰাৰ সুৱৰ্ণ সুযোগ লাভ কৰিছোঁ ।" শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত আলি হাইদৰে কোৰাণ পাঠ, ক্ষেমানন্দ ভিক্ষুয়ে বৌদ্ধ ধৰ্মীয় পাঠ, ভগত সিঙে শিখ ধৰ্মীয় পাঠ, গীতাঞ্জলী বৰা দেই বাইবেল পাঠ কৰে ।

"লভিতা"ৰ বিশেষ এটি দৃশ্য (ETV Bharat Assam)

অনুষ্ঠানত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কাহিনী আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটক "লভিতা"ৰ বিশেষ এটি দৃশ্যৰে পঞ্চসুৰ গোষ্ঠীয়ে "বাপু তোমাক নমন" শীৰ্ষক এখন নাট প্ৰদৰ্শন কৰে । অনুষ্ঠানত গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ নাৰায়ণ ডেকা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, জিলা আয়ুক্ত সুমিত সত্তাৱান, গুৱাহটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ মুখ্য কাৰ্যবাহী বিষয়া আনবামুথন এম পি, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ উপাধ্যক্ষ মুকুতা ডেকা, উপ-মেয়ৰ প্ৰমুখ্যে জিলা প্ৰশাসন‌ আৰু গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ উচ্চপদস্থ বিষয়া -কৰ্মচাৰীসকল উপস্থিত আছিল ।

মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন বিজুলী কলিতা মেধিৰ (ETV Bharat Assam)

বিধানসভা চৌহদত গান্ধী জয়ন্তী পালন :

গান্ধী জয়ন্তী উপলক্ষে অসম বিধানসভা সচিবালয়ত বুধবাৰে আয়োজন কৰা অনুষ্ঠানত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । অসম বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে গান্ধীৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে । অনুষ্ঠানত বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ, অসম বিধান সভাৰ সচিব দুলাল পেগু সমন্বিতে বিষয়া-কৰ্মচাৰী সকলে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ।

লগতে পঢ়ক:তেজপুৰত অহিংস নীতিৰ বাণী বিলালে মহাত্মা গান্ধীয়ে ! - Mahatma Gandhi In Assam

গান্ধীৰ সৈনিক বনাম গডছে সৈনিকৰ নিৰন্তৰ চলি আছে যুদ্ধ: গৌৰৱ গগৈ - MP Gaurav Gogoi

১৫৫ সংখ্যক গান্ধী জয়ন্তী; মহামানৱৰ স্মৃতি বিজড়িত স্থানে সোঁৱৰাই সোণসেৰীয়া অতীত - Mahatma Gandhi In Assam

ABOUT THE AUTHOR

...view details