তেজপুৰ, ৪ ছেপ্টেম্বৰ:'ডেষ্টিনেশ্যন ৱেডিং' পাতি চমক দিয়া চুমী বৰাৰ শেহতীয়া 'ডেষ্টিনেশ্যন' এতিয়াও আৰক্ষীয়ে উলিয়াব পৰা নাই যদিও অনলাইন ট্রেডিঙৰ নামত বেলেগৰ ধন আত্মসাৎ কৰাৰ অভিযোগত জালত পৰিয়েই আছে বহুকেইজন । এজনৰ পিছত এজন নতুন নতুন বিনিয়োগৰ মাষ্টাৰ মাইণ্ড গ্ৰেপ্তাৰ হৈছে ৰাজ্যত । তেজপুৰত “গিনি কেপিটেল” নামৰ এটা ট্রেডিং কোম্পানীৰ জৰিয়তে বহু লোকৰ পৰা ধন সংগ্ৰহৰ পাছত ধন লাভ নকৰা ভুক্তভোগীৰ সহায়ত আৰক্ষীয়ে পুৱতি নিশা গ্ৰেপ্তাৰ কৰিলে এই চক্ৰৰ মাষ্টাৰ মাইণ্ড হেমেন ৰাভাক ।
ভুক্তভোগীয়ে কেনেদৰে জমা কৰিছিল ধন ?
“গিনি কেপিটেল” নামৰ ট্রেডিং কোম্পানীটোৱে প্ৰলোভন দিছিল যে ১ লাখ টকা বিনিয়োগ কৰিলে ৭-৮ শতাংশ সুদ লাভ কৰে । এজন ভুক্তভোগীয়ে ই টিভি ভাৰতক জনাই যে তেওঁ ২ লাখ টকা জমা কৰিছিল আৰু প্ৰত্যেক মাহৰ ২৬ তাৰিখে ৮ শতাংশ হিচাপে ২ লাখ টকাৰ ১৬ হাজাৰ টকা লাভ কৰিছিল ।
‘‘মই মোৰ গাঁৱৰ বন্ধু এজনৰ লগত হেমেন ৰাভাৰ ওচৰত তেওঁৰ কোম্পানীত ধন বিনিয়োগ কৰিছিলো, মই ২ লাখ টকাৰ বিনিময়ত মাহে ১৬ হাজাৰ টকা পাই আছিলো । কিন্তু শেহতীয়াকৈ যোৱা মাহত এই ধন নোপোৱাত খবৰ কৰাত ৰাভাই জনাই যে কোম্পানীৰ চৰকাৰী অনুজ্ঞাপত্ৰ লাভ কৰাৰ বাবে ব্যৱস্থা কৰা হৈছে, চিন্তা কৰিব নালাগে ৷ এখন চুক্তিপত্ৰ লৈ এক লাখ টকাৰ বিনিময়ত ৭ ৰ পৰা ১০ শতাংশ সুদ দিয়াৰ চুক্তিত স্বাক্ষৰ কৰায় ।’’ ব্যক্তিজনে কয় ৷
কিমান লোকৰ পৰা ধন সংগ্ৰহ কৰিছিল ?
স্থানীয় গ্ৰাম্যাঞ্চলত থকা লোকে বহু লাখ টকা জমা কৰিছিল হেমেন ৰাভাৰ এই বিত্তীয় প্ৰতিষ্ঠানত । প্ৰতিজন লোকে ১ লাখৰ পৰা ১০ লাখলৈকে টকা বিনিয়োগ কৰিছিল । একাংশ ভুক্তভোগীয়ে (নাম প্ৰাকাশত অনিচ্ছুক) জনোৱা মতে হেমেন ৰাভাৰ অধীনত তেজপুৰত মুঠ ৫৫০ জন লোকে ধন বিনিয়োগ কৰিছিল । গ্ৰাম্যাঞ্চলৰ সাধাৰণ লোকক সহজতে ধন ঘটাৰ প্ৰলোভন দিয়া এটা বৃহৎ চক্ৰ যে আছে সেয়া মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছত আৰক্ষীয়ে চলোৱা অভিযানত পোহৰলৈ আহিছে ।