অসম

assam

ETV Bharat / state

বেংকৰ পৰা ফোন আহিলে সাৱধান ! চকুৰ সমুখতে আপোনাৰ বেংক একাউণ্ট হৈ পৰিব পাৰে খালী - Financial Fraud In Dhemaji

Financial Fraud In Dhemaji: প্ৰৱঞ্চকে ৰচিছে নিতৌ ন ন কৌশল ৷ প্ৰৱঞ্চকৰ জালত ভৰি থৈ সৰ্বস্বান্ত হৈ পৰিল ধেমাজিৰ তৰুণ চন্দ্ৰ গগৈ ৷ প্ৰৱঞ্চকৰ জালত পৰা তৰুণ চন্দ্ৰ গগৈৰ পৰা কেইবা লক্ষ ধন লুট কৰিলে প্ৰৱঞ্চকে ৷ প্ৰৱঞ্চকৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰিলে তৰুণ চন্দ্ৰ গগৈয়ে ৷

3.60 lakh by fraud under the identity of a fake female bank officer
বেংকৰ পৰা ফোন আহিলে সাৱধান ! অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পৰা লুটিলে 3.60 লক্ষ ধন

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 12:11 PM IST

বেংকৰ পৰা ফোন আহিলে সাৱধান ! অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ পৰা লুটিলে 3.60 লক্ষ ধন

ধেমাজি, 23 মাৰ্চ :সাৱধান !বেংকৰ মানুহ বুলি পৰিচয় দি কোনো লোকে ফোনযোগে অথবা ঘৰত আহি ভীতিগ্ৰস্ত কৰিলেই শংকিত হৈ নপৰিব । ততাতৈয়াকৈই বেংক কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰক ৷ নহ’লে হয়তো আপুনিও প্ৰৱঞ্চকৰ জালত ভৰি থৈ তৰুণ চন্দ্ৰ গগৈৰ দৰে সৰ্বস্বান্ত হৈ পৰিব পাৰে ৷

ধেমাজিত আৰক্ষীৰ জালত পৰিল ভুৱা বেংক বিষয়া । প্ৰৱঞ্চনাৰ গোচৰত নাম সাঙোৰ খোৱা বেংক বিষয়াগৰাকীক তেওঁৰ স্বামী বিতু শইকীয়াই সহায় কৰি আহিছিল বুলি অভিযোগ উত্থাপন হৈ আহিছে । দুই অভিযুক্তৰে ঘৰ যোৰহাটত বুলি জানিব পৰা গৈছে ।

জানিব পৰা মতে, প্ৰৱঞ্চনাৰ বলি হোৱা ভুক্তভোগী পৰিয়ালটো ধেমাজি আওঁহতীয়া অঞ্চলৰ নৰোৱাথান পোৱা শইকীয়া গাঁৱৰ চৰকাৰী কাৰ্যালয়ৰ চতুৰ্থ বৰ্গৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তৰুণ চন্দ্ৰ গগৈ বুলি জানিব পৰা গৈছে ৷ ধেমাজি সদৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰখনত ভুক্তভোগী গগৈয়ে উল্লেখ কৰিছে যে বিগত বৰ্ষত এক্সিছ বেংকত ঋণ আছে বুলি গগৈক জানিবলৈ দিয়ে ধৃত দম্পতীয়ে ৷

ইয়াৰ পিচতে প্ৰৱঞ্চক দম্পতীয়ে লোকজনৰ বেংক একাউণ্টৰ সৈতে Gpay এপ সংযোগ কৰোৱায় ৷ প্ৰথমে সৰকাই নিয়ে দুই লাখ বিশ হাজাৰ টকা, দ্বিতীয়বাৰত এক লাখ চল্লিশ হাজাৰ টকা সৰকাই নিয়ে বুলি অভিযোগ তুলিছে ভুক্তভোগীয়ে ৷ মুঠ তিনিলাখ ষাঠি হাজাৰ টকা নিয়াৰ পিচত পৰিয়ালটোৰ সন্দেহ ওপজাত সংশ্লিষ্ট বেংকৰ সৈতে যোগাযোগ কৰাত ভুক্তভোগী তৰুণ চন্দ্ৰ গগৈৰ নামত এক্সিছ বেংকত কোনো ঋণ নাই বুলি বেংকে অৱগত কৰে ৷

সমান্তৰালভাৱে তেনে নামৰ কোনো কোনো মহিলা বেংকটোৰ কৰ্মচাৰী বা বিষয়া নাই বুলিও সংশ্লিষ্ট বেংকটোৱে জনায় ৷ উপায়ন্তৰ হৈ পৰিয়ালটোৱে পৰিকল্পনা কৰি বাকী থকা এক লাখ বিশ হাজাৰ টকা প্ৰৱঞ্চক দলটোক নিবলৈ ঘৰলৈ শুকুৰবাৰে মাতে আৰু আৰক্ষীক এই বিষয়ে অৱগত কৰাৰ পিচত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হাতে-লোটে কৰায়ত্ত কৰে প্ৰৱঞ্চক দম্পতীক ৷

বেংক অথবা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ফোন আহিলে সাৱধানতা অৱলম্বন কৰক আৰু সতৰ্কতাৰে পদক্ষেপ গ্ৰহণ কৰক ৷

লগতে পঢ়ক:প্ৰেমিকে প্ৰৱঞ্চনাৰে সৰকালে ১২ লক্ষাধিক টকা

ABOUT THE AUTHOR

...view details