গুৱাহাটী :"অসম চৰকাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটত ধাৰ্য কৰা পুঁজিৰ ৫১ শতাংশ এতিয়াও খৰচ কৰিবলৈ বাকী আছে । অথচ ২০২৪-২৫ বিত্তীয় বৰ্ষ শেষ হ’বলৈ মাথোঁ মাজত দুটা মাহ বাকী আছে । বিধানসভাৰ আগন্তুক অধিৱেশনত ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে আকৌ এখন বাজেট চৰকাৰে দাখিল কৰিব । ২০২৬ চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি স্বাভাৱিকতে এই বাজেটত ভোটাৰৰ মন জয় কৰিবলৈ নানান মনোমোহা প্ৰতিশ্ৰুতিৰে ভৰপূৰ হ'ব ।" এই মন্তব্য জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাৰ ।
বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি ৰিপুণ বৰাই বাজেটৰ প্ৰসংগকলৈ সৰৱ হৈ পৰে । তেওঁ কয়, "কেৱল মিছা প্রলোভনৰে জনতাৰ মন জয় কৰি শাসন ক্ষমতা দখল কৰাটোৱেই যিহেতু বিজেপিৰ একমাত্র লক্ষ্য সেয়েহে ২০২৪-২৫ৰ বিত্তীয় বাজেটো ইয়াৰ ব্যতিক্রম নহয় । ২০২৪-২৫ ৰ বাজেট শেষ হ'বলৈ মাত্র ২ মাহ বাকী আছে । এই দুইমাহত বাজেটত ধাৰ্য ধনৰাশি কিমান খৰছ হ'ল পৰ্যালোচনা কৰিলে দেখা যায় যে এইখন এখন ভুৱা বাজেট, এতিয়াও বাজেটত ধাৰ্য কৰা বহু আঁচনিত চৰকাৰে হাত নিদিলে । এতিয়াও বাজেটত ধাৰ্য টকাৰ ৫১ শতাংশ খৰছ কৰিবলৈ বাকী আছে ।"
প্ৰাক্তন সাংসদ ৰিপুণ বৰাৰ সংবাদমেল (ETV Bharat Assam) ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাজেটখনক আভুৱাভৰা বাজেট আখ্যা দি ৰিপুণ বৰাই ইয়াৰ সমৰ্থনত সংবাদমেলত দাঙি ধৰা তথ্যসমূহ হৈছে:
২০২৪-২৫ ৰ বাজেটত ধাৰ্য কৰা ১৪৩৬০৬ কোটি টকাৰ উৎসসমূহ আছিল এনেধৰণৰ :
২০২৪-২৫ ৰ বাজেটত ধাৰ্য কৰা ১৪৩৬০৬ কোটি টকাৰ উৎসসমূহ (ETV Bharat Assam) ইয়াৰ পৰা স্পষ্ট হ'ল যে বাজেটত ধাৰ্য ১,৪৩,৬০৬ কোটি টকাৰ ৯৭,৪৪৪ কোটি কেৱল কেন্দ্ৰীয় চৰকাৰ আৰু ঋণৰ ওপৰত আশা কৰা হৈছে । আনৰ ওপৰত নিৰ্ভৰশীল বাজেট হোৱা বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা সমুদায় টকা মুকলি কৰি নিদিয়াত পুঁজিৰ অভাৱত বাজেটত ধাৰ্য কৰা আঁচনি তথা লক্ষ্য সমূহ ৰূপায়ন কৰিব পৰা নাই বুলি ৰিপুণ বৰাই অভিযোগ কৰে ।
২০২৪-২৫ বিত্তীয় বৰ্ষৰ এক এপ্ৰিলৰ পৰা ২০২৪ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত এই ৯ মাহত বাজেটত ধাৰ্য কৰা টকাৰ ব্যয় :
৯ মাহত বাজেটত ধাৰ্য কৰা টকাৰ ব্যয় (ETV Bharat Assam) সামগ্রিক ভাৱে বাজেটত ধাৰ্য টকাৰ এতিয়ালৈ প্ৰায় ৪৯ শতাংশহে খৰছ হৈছে ।
বাজেট ব্যয়ৰ নিৰ্ধাৰিত নিয়ম অনুযায়ী খৰচ হোৱাৰ পৰিমাণ :
বাজেট ব্যয়ৰ নিৰ্ধাৰিত নিয়ম অনুযায়ী খৰচ হোৱাৰ পৰিমাণ (ETV Bharat Assam) প্রথম তিনি মাহত সামগ্ৰিকভাৱে খৰছ হ’ব লাগে ২০ শতাংশ । দ্বিতীয় তিনি মাহত সামগ্রিকভাৱে খৰছ হ’ব লাগে ৩০ শতাংশ । তৃতীয় তিনি মাহত সামগ্রিকভাৱে খৰছ হ'ব লাগে ৩০ শতাংশ । চতুর্থ তিনি মাহত সামগ্ৰিকভাৱে খৰছ হ‘ব লাগে ২০ শতাংশ । এই হিচাবত বৰ্তমানলৈ ৮০ শতাংশ খৰছ হ'ব লাগিছিল । কিন্তু খৰছ হৈছে ৪৯ শতাংশ । অহা দুমাহত ৫১ শতাংশ কি যাদুৰে খৰছ কৰিব বুলি ৰিপুণ বৰাই প্ৰশ্ন উত্থাপন কৰে ।
বাজেট ধাৰ্য পুঁজি ব্যয় কৰিব নোৱৰাৰ কাৰণ ক'লে ৰিপুণ বৰাই :
প্ৰকৃততে খৰছ নোহোৱাৰ মূল কাৰণ হৈছে বাজেটত নিৰ্ধাৰিত টকা চৰকাৰে সংগ্ৰহ কৰিব পৰা নাই । বাজেটৰ সিংহভাগ কৰ্মচাৰীৰ দা-দৰমহাত খৰছ হোৱাৰ লগতে মুখ্যমন্ত্রী বিলাস বহুল ভ্রমণ খৰছ, হেলিকপ্টাৰ, চার্টাড বিমান, বিভিন্ন মন্ত্ৰীৰ বিদেশ ভ্ৰমণত খৰছ হৈছে । বিজেপিয়ে যেতিয়াই তেতিয়াই ডাৱল ইঞ্জিনৰ চৰকাৰ বুলি গৌৰৱহে কৰে । কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলগীয়া বিশেষকৈ জি এছ টি অংশ আৰু Centrally sponsored Scheme বিলাকৰ বাবদ পাবলগীয়া টকা নিজৰ গাদী হেৰুৱাৰ ভয়ত কেন্দ্ৰৰ ওচৰত আঁঠু লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মোকোলাই আনিব নোৱৰাৰ বাবে বাজেটত ধাৰ্য অনুযায়ী টকা খৰছ কৰিব পৰা নাই আৰু উপর্যুপৰি ঋণ ল'ব লগা হৈছে । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এম জি এনৰেগাৰ প্ৰাপ্য পুঁজি যোৱা দুটা বছৰত হিচাব মতে কেন্দ্ৰীয় চৰকাৰে মোকোলাই নিদিয়াত অসমৰ ২৬৬১খন গাওঁ পঞ্চায়তৰ ৬৪,৯৮,৭২৮ টা জবকাৰ্ড থকা পৰিয়ালৰ মাত্ৰ ৬৪০২ টাইহে ১০০ দিনৰ কাম পাইছে ।
২০২৪-২৫ৰ বাজেটৰ ২০ টা উল্লেখযোগ্য ঘোষণা :
২০২৪-২৫ৰ বাজেটৰ ২০ টা উল্লেখযোগ্য ঘোষণা (ETV Bharat Assam) ২০২৪-২৫ৰ বাজেটৰ ২০ টা উল্লেখযোগ্য ঘোষণা (ETV Bharat Assam) কিন্তু ইয়াৰ ভিতৰত এটা ঘোষণাও আজি পৰ্যন্ত কাৰ্যকৰী হোৱা নাই । ২০২৪-২৫ বাজেটখন এখন আভুৱা ভৰা, সম্পূৰ্ণ বিফল, ৰাইজক প্ৰতাৰণা কৰা বাজেট বুলি সদৰি কৰে ৰিপুণ বৰাই । সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতা উপস্থিত আছিল ।
লগতে পঢ়ক:অসম এতিয়া ভাৰতৰ ভিতৰতে এখন অতি পিছপৰা ৰাজ্য : ৰিপুণ বৰা