লখিমপুৰ, ১ জুলাই :লখিমপুৰত বানৰ প্ৰলয় । বহু গাঁও বৰ্তমান বানৰ কবলত । জিলাখনৰ চৌদিশে এতিয়া কেৱল বানৰ প্ৰকোপ । যাৰ ফলত বহু গাঁও, শস্যক্ষেত্র, ঘৰ-বাৰী পানীৰ তলত । আনহাতে, ধাৰাসাৰ বৰষুণে অধিক জটিল কৰিছে জিলাখনৰ বান পৰিস্থিতি ।
ইফালে ভূতৰ ওপৰত দানহ পৰা দি নীপকো আৰু এন এইচ পি চিয়েও এৰি দিছে ৰঙানদী আৰু সোৱণশিৰি প্ৰকল্পৰ পানী । যাৰ বাবে জিলাখনৰ বিস্তৃত অঞ্চল জলমগ্ন হৈ পৰিছে । সোমবাৰে জিলাখনৰ জামুগুৰিত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমাৰ ৭৮ মিলিমিটাৰ ওপৰেৰে বৈ আছে । তেনেদৰে সোৱণশিৰি নদীৰ জলপৃষ্ঠই ধলঘাটত বিপদসীমাৰ ১.০১, ঘনচৰাইত ১.০১, শিলিখাগুৰিত ৩০ মিলিমিটাৰ অতিক্রম কৰিছে ৷
আনহাতে, চিচাপথাৰত ডিক্ৰং নৈৰ পানী বিপদসীমাৰ ৬২ মিলিমিটাৰ, ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত শিঙৰা নৈ ১.২০ মিলিমিটাৰ, পাভ নৈ ৩৮ মিলিমিটাৰ আৰু কাকৈ নৈ বিপদসীমাৰ ১৮ মিলিমিটাৰ ওপৰেৰে বৈ আছে । ইফালে এন এইচ পি চিয়ে পানী এৰি দিয়াৰ ফলত ঘূণাসুঁতিত সৃষ্টি হৈছে দোকলটকা বান । ঘূণাসুঁতিৰ কেইবাখনো গাঁও সোৱণশিৰিৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে । যাৰ ফলত নৈপৰীয়া অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।
ইয়াৰ উপৰি বানত একাকাৰ হৈছে পথ-পথাৰ । জিলাখনৰ বহুকেইটা গড়কাপ্টানী পথৰ ওপৰেৰে বৈছে বাঢ়নী পানী । বোকানদী আৰু গাভৰু নদীৰ বানত প্লাৱিত হৈছে সোণাপুৰ, ৰাণাবাৰী, কঁঠালপুখুৰী, লোকামপুৰ, হাৰিবৰ, দলনি, বোকানদী, বিষ্ণুপুৰ আৰু ১নং সোণাপুৰ গাঁও । শিঙৰা আৰু পাভ নদীৰ বানত বুৰ গৈছে বৰছলা, পাণধোৱা, উত্তৰ মহঘূলি আৰু গেলাহাতী ।
আনহাতে, সোৱণশিৰি নদীৰ বানত প্লাৱিত হৈছে মুদৈবিল, ৰন্তীজান, তেলীয়াপথাৰ, চাউলধোৱা, ঘনচৰাই আদি বহু গাঁও । ৰঙানদীয়ে পাচনৈ অঞ্চলকে ধৰি পানীগাঁৱৰ সমীপৰ কেইবাখনো গাঁও জলমগ্ন কৰিছে । ইয়াৰ উপৰি ডিক্ৰং নদীৰ বাঢ়নী পানীয়ে যিকোনো মুহূৰ্ততে ধৰিব পাৰে কাল ৰূপ ।
নদীখনৰ বহু অংশত মথাউৰিৰ তলেৰে পুং ওলাই দুয়োপাৰৰ মথাউৰিলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে । প্ৰকৃতিৰ ৰোষৰ লগতে মানবসৃষ্ট নদীবান্ধৰ পানীয়ে এতিয়া জিলাখনক সাগৰসদৃশ পৰিৱেশত পৰিণত কৰাৰ উপক্ৰম কৰিছে ।