অসম

assam

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত প্ৰথমখন ভোটাৰ তালিকাক লৈ নগাঁও জিলা আয়ুক্তৰ সংবাদমেল

By ETV Bharat Assamese Team

Published : Feb 8, 2024, 2:35 PM IST

Voter list for Nagaon assembly constituencies : সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত নগাঁও নিৰ্বাচনী জিলাৰ বাবে প্ৰকাশ চূড়ান্ত ভোটাৰ তালিকা । জিলা আয়ুক্ত কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি সকলো তথ্য সদৰী কৰে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ।

Nagaon DC press meet
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত নগাঁও নিৰ্বাচনী জিলাৰ বাবে প্ৰকাশ চূড়ান্ত ভোটাৰ তালিকা

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত নগাঁও নিৰ্বাচনী জিলাৰ বাবে প্ৰকাশ চূড়ান্ত ভোটাৰ তালিকা

নগাঁও, ৮ ফেব্ৰুৱাৰী :সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিচত নতুন সমষ্টিৰ নতুন ভোটাৰ তালিকাক লৈ বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজন কৰা সংবাদমেলত আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে সদৰী কৰা তথ্য অনুসৰি নগাঁও নিৰ্বাচনী জিলাত ৬ টাকৈ বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে ।

ধিং, ৰূপহীহাট, চামগুৰি, বঢ়মপুৰ, নগাঁও-বটদ্ৰৱা আৰু ৰহা বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে নগাঁও নিৰ্বাচনী জিলাত । নগাঁৱৰ ৬ টা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৩ লাখ ১২ হাজাৰ ১৪৪ গৰাকী ।

প্ৰাপ্ত তথ্য অনুসৰি, ধিং বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ২০ হাজাৰ ৪৭৭ গৰাকী । ইয়াৰে ১ লাখ ১৩ হাজাৰ পুৰুষ ভোটাৰৰ বিপৰীতে ধিং বিধানসভা সমষ্টিত মহিলা ভোটাৰৰ সংখ্যা ১ লাখ ৭ হাজাৰ ২২৫ গৰাকী । আনকি ধিং বিধানসভা সমষ্টিত ১২ গৰাকী তৃতীয় লিংগৰ ভোটাৰো থকা বুলি তথ্যত প্ৰকাশ ।

একেদৰে ৰূপহী হাট বিধানসভা সমষ্টিতো মুঠ ভোটাৰৰ সংখ্যা হৈছে ২ লাখ ১৫ হাজাৰ ৬২৭ গৰাকী । ইয়াৰে বিধানসভা সমষ্টিটোত ১ লাখ ১০ হাজাৰ ১৫৫ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ১ লাখ ৫ হাজাৰ ৪৫৫ গৰাকী । ৰূপহীহাট বিধানসভা সমষ্টিতো ১৭ গৰাকী তৃতীয় লিংগৰ ভোটাৰ থকাৰ তথ্য প্ৰকাশ পাইছে ।

চামগুৰি বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ১১ হাজাৰ ৯৫৬ গৰাকী । ইয়াৰে ১ লাখ ৬ হাজাৰ ৯০৯ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ১ লাখ ৫ হাজাৰ ৩৬ গৰাকী । একেদৰে বঢ়মপুৰ বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ২৭ হাজাৰ ৫৯৯ গৰাকী ।

ইয়াৰে ১ লাখ ১২ হাজাৰ ৯৪৮ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ১ লাখ ১৪ হাজাৰ ৬৪৪ গৰাকী । নগাঁও-বটদ্ৰৱা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১ লাখ ৯৯ হাজাৰ ৭৮৮ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৯৬ হাজাৰ ৯২১ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ১ লাখ ২ হাজাৰ ৭৫২ গৰাকী ।

ৰহা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ২ লাখ ৩৬ হাজাৰ ৭৯৭ গৰাকী । ইয়াৰে ১ লাখ ১৭ হাজাৰ ৫৯৫ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ১ লাখ ১৯ হাজাৰ ১৮৬ গৰাকী । ইপিনে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত নগাঁও নিৰ্বাচনী জিলাৰ অধীনৰ ৬ টা বিধানসভা সমষ্টিত মুঠ ১৪২৬ টা ভোটকেন্দ্ৰ থকাৰ তথ্যও সদৰী কৰে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ।

বৃহস্পতিবাৰে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা সংবাদমেলত জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে জিলা নিৰ্বাচনী বিষয়া মৌচম প্ৰতীম নাথ, নগাঁও সদৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ঈশান সিঙকে প্ৰমুখ কৰি জিলাখনৰ অধীনত থকা চক্ৰ বিষয়াসকলৰ লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়া অংকিতা গগৈয়ো উপস্থিত থাকে ।

লগতে পঢ়ক :সমষ্টি পুনৰনিৰ্ধাৰণৰ পিচতেই নগাঁৱত প্ৰথমখন খচৰা ভোটাৰ তালিকা প্ৰকাশ

ABOUT THE AUTHOR

...view details