অসম

assam

ডিপ্ল’মা নথকাকৈ অতুল বৰাই কেনেকৈ গৰুক বেজী দিলে ? গ্ৰেপ্তাৰৰ দাবীত এজাহাৰ দাখিল - FIR against Atul Bora

By ETV Bharat Assamese Team

Published : Jul 14, 2024, 7:28 PM IST

Atul bora as veterinary doctor : অতুল বৰাই গৰুক দিলে বেজী ৷ ইয়াকে লৈ সৰ্বত্ৰে চৰ্চা ৷ মন্ত্ৰীগৰাকীয়ে আইন অমান্য কৰাৰ অভিযোগ ৷ থানাত দাখিল কৰা হ’ল এজাহাৰ ৷

FIR AGAINST ATUL BORA
অতুল বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল (ETV Bharat Assam)

গোলাঘাট, ১৪ জুলাই :গোলাঘাট সদৰ আৰক্ষী থানাত কৃষি আৰু পশু পালন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে ৷ মন্ত্ৰীগৰাকীয়ে এটা গৰুক বেজি দিয়াৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচত সৰৱ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি ৷

অতুল বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল (ETV Bharat Assam)

কৃষক মুক্তি সংগ্ৰাম সমিতৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই জানিবলৈ দিয়া মতে শনিবাৰে বোকাখাত সমষ্টিৰ বংকোৱাল অঞ্চলত এটা পশু চিকিৎসা শিৱিৰত মন্ত্ৰী অতুল বৰাই গৰুক বেজী দিয়া ফটো সামাজিক মাধ্যমত প্ৰকাশ পাইছিল । তাৰ পিচতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ লগতে গোলাঘাট জিলা সমিতি ৷

কৃষক নেতাগৰাকীয়ে কয় যে কৃষিমন্ত্ৰী অতুল বৰাই নিজৰ ব্যৰ্থতা থাকিবলৈ শনিবাৰে পশু চিকিৎসক দৰে হাতত বেজী লৈ গৰুক বেজী দিয়ে ৷ সেয়া সম্পূৰ্ণ বেআইনী । মন্ত্ৰীগৰাকীয়ে দুখনকৈ পশু-পক্ষী আইনক বুঢ়া আঙুলি দেখুৱাই এনেদৰে গৰুক বেজী দিয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

মন্ত্ৰী অতুল বৰাই The Assam Cattle Preservation Act 2023 (Ammended) আৰু The Prrvention Of Cruelty to Animal Act 1060 ৰ বহিৰ্ভূত কাণ্ডৰ বিৰুদ্ধে দেওবাৰে গোলাঘাট সদৰ আৰক্ষী থানাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গোলাঘাট জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হীৰকজ্যোতি শইকীয়া স্বাক্ষৰিত এক এজাহাৰ দাখিল কৰে । কৃষক নেতাগৰাকীয়ে কয় যে মন্ত্ৰী অতুল বৰাৰ কোনোধৰণৰ ডিপ্ল’মা নথকাকৈ এটা অবোধ প্ৰাণীৰ ওপৰত কেনেকৈ এনেধৰণৰ কাৰ্য সংঘটিত কৰিলে বুলি কৃষক নেতাগৰাকীয়ে প্ৰশ্ন কৰে ৷ এই সমগ্ৰ ঘটনাৰ সম্পৰ্কে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এজাহাৰ দাখিল কৰি মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক :মন্ত্ৰী অতুল‌ বৰাৰ ভাইৰেল এখন‌ ফ’টোক লৈ সামাজিক মাধ্যমত চৰ্চা

ABOUT THE AUTHOR

...view details