ডিব্ৰুগড়/ শিৱসাগৰ : শংকৰদেৱ সংঘ আৰু আহোম জনগোষ্ঠীৰ সংগঠনৰ যুঁজ অব্যাহত আছে । শংকৰদেৱ সংঘৰ বিৰুদ্ধে নাচোৰবান্দা স্থিতি লৈছে টাই আহোম যুৱ পৰিষদে । মে-ডাম-মেফিত অংশ লোৱাৰ বাবে শংকৰ সংঘই এটা পৰিয়ালক এঘৰীয়া কৰাৰ লগতে জৰিমনা বিহাৰ বিৰুদ্ধে আজিও ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ তথা প্ৰতিক্ৰিয়া ।
এই ঘটনাৰ পাছতে শংকৰ সংঘক আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনাইছিল টাই আহোম যুৱ পৰিষদৰ লগতে আহোম সংগঠনসমূহে । কিন্তু শংকৰ সংঘই এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰাত নাচোৰবান্দা স্থিতি লৈছে টাই আহোম যুৱ পৰিষদে ।
শংকৰ সংঘৰ বিৰুদ্ধে ডিব্ৰুগড়-শিৱসাগৰত এজাহাৰ দাখিল (ETV Bharat Assam) ইয়াৰ মাজতে মৰাণ আৰক্ষী থানাত শুকুৰবাৰে শংকৰ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা, মুখ্য সম্পাদক কুশল ঠাকুৰীয়া আৰু সেৱা বাহিনীৰ অধিনায়ক সঞ্জীৱ বৰাৰ বিৰুদ্ধে টাইপাই দাখিল কৰিলে এজাহাৰ । টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ আৰু কাৰ্যকৰী সভাপতি ৰুদ্ৰসাগৰ বুঢ়াগোঁহাইৰ উপস্থিতিত সংগঠনটোৱে দাখিল কৰে শংকৰ সংঘৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে এজাহাৰ ।
এজাহাৰ দাখিল কৰি টাইপাৰ নেতৃবৃন্দই কয়, "মে-ডাম-মেফিক অপমান কৰা কোনো কাৰণতে মানি লোৱা নহ'ব । প্ৰয়োজন হ'লে হেংদাং তুলি লোৱা হ'ব ।" উল্লেখ্য যে 'জাতীয় অস্তিত্বৰ প্ৰসংগত আহোম সদায় ঐক্যবদ্ধ' শীৰ্ষক শ্ল'গানেৰে মৰাণত বৃহস্পতিবাৰে আহোমৰ ১০ টা সংগঠন একত্ৰিত হৈ শুকুৰবাৰে এজাহাৰ দাখিলৰ সিদ্ধান্ত লোৱা হৈছিল ।
কিয় শংকৰ সংঘ আৰু টাইপাৰ মাজত সৃষ্টি হৈছে সংঘাত ?
গহপুৰৰ চন্দ্ৰ বৰুৱাই ৩১ জানুৱাৰীত মে-ডাম-মেফিত অংশ লৈ উক্ত অনুষ্ঠানৰ সভাত সভাপতিত্ব কৰাৰ বাবে শংকৰ সংঘৰ ককিলাগুৰি প্ৰাথমিক শাখাই চন্দ্ৰ বৰুৱালৈ পত্ৰ প্ৰেৰণ কৰি এঘৰীয়া কৰাৰ লগতে জৰিমনা বিহে । এই খবৰ ৰাজহুৱা হোৱাত আহোম জনগোষ্ঠীৰ বিভিন্ন দল-সংগঠনে শংকৰ সংঘৰ বিৰুদ্ধে সৰৱ হৈ আহিছে ।
এই ঘটনাৰ পাছতে শংকৰ সংঘক আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনাইছিল টাইপাই । আহোম জনগোষ্ঠী আৰু অসমবাসীৰ ওচৰত ক্ষমা নুখুজিলে শংকৰ সংঘৰ অনুষ্ঠানত টাইপাই বাধা প্ৰদান কৰাৰ হুংকাৰ দিছিল । লগতে চৰাইদেউৰ সোণাৰিত টাইপাৰ শ্ৰীমন্ত শংকৰ সংঘৰ সংবিধান দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম যুৱ পৰিষদে ।
ইয়াৰ পাছতে সংগঠনটোৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত শংকৰ সংঘৰ আঞ্চলিক আৰু শাখাসমূহে দাখিল কৰিছিল এজাহাৰ । ফলত শংকৰ সংঘ আৰু টাইপাকে ধৰি আহোম সংগঠনৰ মাজত সংঘাত বৃদ্ধি পাইছে ।
- শংকৰ সংঘক বন্ধ কৰিবলৈ চৰকাৰক দাবী টাইপাৰ
ইফালে ১০ টাকৈ আহোম সংগঠনৰ একত্ৰিত সিদ্ধান্ত অনুসৰি মৰাণ আৰক্ষী থানাত শংকৰ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা, মুখ্য সম্পাদক কুশল ঠাকুৰীয়া আৰু সেৱা বাহিনীৰ অধিনায়ক সঞ্জীৱ বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ কয়, "টাই আহোমসকলৰ অতি পবিত্ৰ অনুষ্ঠান হ'ল মে-ডাম-মেফি । এই অনুষ্ঠানক শংকৰ সংঘই অপবিত্ৰ বুলি যি চৰম অপমান কৰিলে, তাৰ পৰিপ্ৰেক্ষিতত শংকৰ সংঘক আমি ক্ষমা খুজিবলৈ দাবী জনাই আহিছিলো যদিও তেওঁলোকে ক্ষমা নুখুজিলে । সেয়ে আমি বাধ্য হৈ শংকৰ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰ নাথ ডেকা, মুখ্য সম্পাদক কুশল ঠাকুৰীয়া আৰু সেৱা বাহিনীৰ অধিনায়ক সঞ্জীৱ বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছো ।"
তেওঁ লগতে কয়, "তেওঁলোকে অসমত থকা জাতি-জনগোষ্ঠীৰ ৰীতি-নীতিক আঘাত হানিছে । তেওঁলোকে ভাৰতীয় সংবিধানৰ পৰিপন্থী কাম কৰিছে । যিসকলৰ বিৰুদ্ধে আমি এজাহাৰ দাখিল কৰিলো তেওঁলোকক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিব লাগে ।"
আনহাতে, টাইপাৰ কাৰ্যকৰী সভাপতি ৰুদ্ৰসাগৰ বুঢ়াগোঁহায়ে কয়, "মে-ডাম-মেফিক অপমান কৰা কোনো কাৰণতে মানি লোৱা নহ'ব । প্ৰয়োজন হ'লে হেংদাং তুলি লোৱা হ'ব । মহাপুৰুষ শংকৰদেৱক শান্তিত থাকিবলৈ দিয়ক । শংকৰদেৱৰ নাম লৈ বিভেদ সৃষ্টি নকৰিব ।"
লগতে শংকৰ সংঘক বন্ধ কৰি দিবলৈ চৰকাৰক দাবী জনালে টাইপাৰ কাৰ্যকৰী সভাপতি ৰুদ্ৰসাগৰ বুঢ়াগোঁহায়ে ।
- শিৱসাগৰ সদৰ থানাত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এজাহাৰ দাখিল
আনহাতে, সমগ্ৰ ৰাজ্যত টাইপা আৰু শংকৰ সংঘৰ বিতৰ্ক অব্যাহত থকাৰ সময়তে শংকৰদেৱ সংঘৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে আনুসূচিত জাতি ছাত্ৰ সন্থা। অনুপম দত্ত নামৰ এজন ব্যক্তিয়ে কৈৱৰ্ত জাতিক সকলোতকৈ পিছপৰা জাতি বুলি মন্তব্য কৰাক লৈ ক্ষোভিত হৈ পৰিছে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা ।
আহাতে, এই মন্তব্যৰ বিৰুদ্ধে শুকুৰবাৰে শিৱসাগৰ সদৰ থানাত শংকৰ সংঘৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে অনুসূচিত জাতি ছাত্ৰ সন্থাই । লগতে অনতি পলমে অনুপম দত্ত নামৰ সংঘৰ সদস্যজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে শংকৰ সংঘৰ ওচৰত দাবী জনাইছে ।
গুৰুজনাই একত্ৰিত কৰি যোৱা অসমীয়া জাতিটোক এতিয়া শংকৰ সংঘৰ সদস্যসকলে নিজ নিজ মত পোষণ কৰি বিভাজন কৰাটো অশনি সংকেত বুলিও অভিহিত কৰিছে জাতীয় সংগঠনটোৰ সদস্যসকলে ।