অসম

assam

ETV Bharat / state

কিয় বন্ধ হ'ল কমলাবাৰী-নিমাতী পাৰঘাট ?

Majuli Ferry Service : অস্বাভাৱিকভাৱে ক্ষীপ্ৰ গতিত শুকাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । বন্ধ হ'ল কমলাবাৰী-নিমাতী পাৰঘাট ।

By ETV Bharat Assamese Team

Published : 13 hours ago

Ferry service suspended at Kamalabari-Nimati ghat due to drying up of Brahmaputra water
বন্ধ হ'ল কমলাবাৰী-নিমাতী পাৰঘাট (ETV Bharat Assam)

মাজুলী: অস্বাভাৱিকভাৱে ক্ষীপ্ৰ গতিত প্ৰতিদিনে শুকাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ । যাৰ ফলশ্ৰুতিত দেওবাৰৰ পৰা বন্ধ কৰা হৈছে কমলাবাৰী-নিমাতী পাৰঘাট । আভ্যন্তৰীণ জল পৰিবহন বিভাগে এই বন্ধ ঘোষণা কৰে । যোৱা কিছুদিন পূৰ্বে কমলাবাৰী আৰু নিমাতীৰ মাজত চলাচল কৰা যাত্ৰীবাহী ব্ৰহ্মপুত্ৰত আৱদ্ধ হৈ পৰিছিল । যাৰ ফলশ্ৰুতিত যাত্ৰীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত আজিৰ পৰা কমলাবাৰী নিমাতী ফেৰী সেৱা বন্ধ ঘোষণা কৰে বিভাগে ।

হঠাৎ কমলাবাৰী নিমাতী ফেৰী বন্ধ ঘোষণা কৰাত অফলামুখ ফেৰী ঘাটত দেখা গৈছে যাত্ৰীৰ অভাৱনীয় ভিৰ । যিহেতু যোৰহাট আৰু মাজুলীৰ মাজত সংযোগ স্থাপনৰ একমাত্ৰ ব্যৱস্থা আজিৰ তাৰিখত আফলামুখ-নিমাতী ফেৰী সেৱা । যদিহে এই পাৰঘাটত ফেৰীৰ সংখ্যা বৃদ্ধি নকৰে তেন্তে নিতৌ যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হব মাজুলীবাসী । এতিয়া আহি থকা দিনত বিভাগে কি ব্যৱস্থা কৰিব সেয়া লক্ষ্যণীয় হ'ব ।

বন্ধ হ'ল কমলাবাৰী-নিমাতী পাৰঘাট (ETV Bharat Assam)

ইফালে মাজুলীৰ শৰৎ উৎসৱ ৰাস মহোৎসৱলৈ মাজত মাথোঁ কেইটামান দিন । এতিয়া এটা পাৰঘাট বন্ধ হৈ যোৱাৰ ফলত যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হ'ব সেইটো নিশ্চিত । যদিহে নিতৌ ব্ৰহ্মপুত্ৰৰ পানী কমি থাকে তেন্তে অফলামুখ পাৰঘাটত ফেৰী চলাচল কৰাটো বাধা । ইফালে যোৰহাট মাজুলী সংযোগী দলংৰ নিৰ্মাণকাৰ্যও বন্ধ হৈ আছে ।

ইফালে বৰ্তমান উত্থাপন হৈছে আন এক প্ৰশ্ন । কিয় অস্বাভাৱিকভাৱে শুকাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ? চীনত স্থাপন কৰা ৬০ হাজাৰ মেগাৱাটৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বাবে কমিছে নেকি ব্ৰহ্মপুত্ৰৰ জলস্তৰ ? তাক লৈ চলিছে সৰৱ চৰ্চা ।

লগতে পঢ়ক:পানীৰ তলত ৰেম্প : বন্ধ ফেৰী চলাচল, যাত্ৰীৰ হাহাকাৰ - Majuli ferry service

ABOUT THE AUTHOR

...view details