অসম

assam

মৰ্মান্তিক : লক্ষীপুৰত বিদ্যুৎস্পৃষ্ট হৈ পিতা-পুত্ৰৰ কৰুণ মৃত্যু - Death Due To Electrocution

By ETV Bharat Assamese Team

Published : Aug 9, 2024, 5:07 PM IST

Man electrocuted : গোৱালপাৰাত সংঘটিত হৈছে এক কৰুণ ঘটনা । পিতা-পুত্ৰৰ কৰুণ মৃত্যুত এটা পৰিয়াললৈ নামি আহিছে অমানিশা ৷ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ ৷

TRAGIC INCIDENT IN GOALPARA
পিতা-পুত্ৰৰ কৰুণ মৃত্যু (ETV Bharat Assam)

গোৱালপাৰা, 9 আগষ্ট : গোৱালপাৰাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ নিজ পুত্ৰৰ প্ৰাণ ৰক্ষা কৰিবলৈ গৈ পুত্ৰৰ লগতে প্ৰাণ হেৰুৱালে পিতৃয়ে ৷ গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ধামৰ ৰুপকুৰা গাঁৱত সংঘটিত হৈছে এই কৰুণ ঘটনা ৷

গোৱালপাৰাত সংঘটিত হৈছে কৰুণ ঘটনা (ETV Bharat Assam)

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় 10 মান বজাত বীৰেশ্বৰ হাজং নামৰ ব্যক্তিজনৰ পুত্ৰ ৰমেন হাজঙে নিশাৰ অহাৰ গ্ৰহণ কৰি গৰমৰ বাবে ঘৰৰ কাষতে থকা ৰাস্তাৰ কাষলৈ ওলাই আহিছিল ৷ বিগত সময়ছোৱাত জিলাখনৰ বান পৰিস্থিতি আৰু এমাহ ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাস্তাৰ কাষত সৌৰশক্তিচালিত লাইটৰ এটা খুটা হাউলি বৈদ্যুতিক তাঁৰত সংযুক্ত হৈ আছিল ৷ এই কথা জানিব পৰা নাছিল ৰমেন হাজঙে ৷

পথৰ কাষলৈ ওলাই অহা ৰমেন হাজঙে এই হাউলি থকা সৌৰশক্তিচালিত লাইটৰ খুটা উঠাবলৈ লওঁতেই বিদ্যুৎস্পৃষ্ট হয় ৷ বিদ্যুৎস্পৃষ্ট হৈ ৰমেন হাজঙক চটফটাই থকা প্ৰত্যক্ষ কৰি পিতৃ বীৰেশ্বৰ হাজঙে পুত্ৰক বচাবলৈ গৈ বিদ্যুতৰ তাঁৰত লাগি ধৰে ৷ পিছত পৰিয়ালৰ চিঞৰ-বাখৰ শুনি স্থানীয় ৰাইজে দুয়োকে উদ্ধাৰ কৰে যদিও দুয়ো পিতা-পুত্ৰ গুৰুতৰভাৱে আহত হয় ৷

লগে লগে স্থানীয় ৰাইজৰ সহযোগত ততাতৈয়াকৈ লক্ষীপুৰ চিকিৎসালয়ত গুৰুতৰভাৱে আহত পিতা-পুত্ৰক ভৰ্তি কৰৰোৱা হয় যদিও চিকিৎসকে দুয়োকে মৃত বুলি ঘোষণা কৰে ৷ শক্তি বিভাগৰ অৱহেলাৰ বাবেই এইদৰে বিদ্যুৎস্পৃষ্ট হৈ পিতা-পুত্ৰৰ মৃত্যু হোৱা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ এই ঘটনাৰ পিছতেই স্থানীয় ৰাইজে বৃহত্তৰ অঞ্চলটোৰ এই সমস্যা সমাধান কৰিবলৈ শক্তি বিভাগক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে দৰিদ্ৰ দুৰ্ভগীয়া পৰিয়ালটোক ক্ষতিপূৰণ দিবলৈ চৰকাৰক আহ্বান জনাইছে ৷ এই ঘটনাই সমগ্ৰ লক্ষীপুৰ অঞ্চলত এতিয়া শোকৰ ছাঁ পেলাইছে ৷

লগতে পঢ়ক :গোলাঘাটত বান বিভীষিকা : চৌদিশে বৰ্নাত্যৰ আৰ্তনাদ - Assam Flood 2024

ABOUT THE AUTHOR

...view details