বৰপেটা :এতিয়া আলু তোলাৰ বতৰ । বৰপেটা জিলাৰ বিভিন্ন অঞ্চল যেনে-বাঘবৰ, মন্দিয়া, মহৰি গাঁও, মহৰি পাম, চাচৰা, দীঘিৰ পথাৰ, মাণিকপুৰ আদিত কৃষকসকল আলু তোলাত ব্যস্ত হৈ পৰিছে । বিঘাই বিঘাই খেতি কৰা কৃষকসকলে পথাৰৰ পৰা আলু সংগ্ৰহ কৰি বজাৰলৈ মুকলি কৰিছে । কিন্তু একে সময়তে থমকি ৰৈছে সাধাৰণ কৃষকসকল । আলুৰ মূল্যক লৈ উদ্বিগ্ন হৈ পৰিছে কৃষকসকল । কিয়নো কৃষকসকলে বজাৰত আলুৰ উচিত মূল্য পোৱা নাই । কেৱল এয়াই নহয়, থলুৱা কৃষকৰ পৰা আলু ল'বলৈও আগ্ৰহী নহয় ব্যৱসায়ীসকল । যাৰ বাবে ৫০ৰ পৰা ২০০ বিঘা ভূমিত আলুৰ খেতি কৰিও মূৰে-কপালে হাত দিছে কৃষকসকলে ।
থলুৱা কৃষকৰ আলু নলয় ব্যৱসায়ীয়ে
জানিব পৰা মতে বৰ্তমান সময়ত বাঘবৰৰ মন্দিয়াত প্ৰতি কুইণ্টল আলু বিক্ৰী হৈ আছে ৮০০ৰ পৰা ৯০০ টকাত । বিশেষকৈ পশ্চিমবংগ, বিহাৰ, উত্তৰ প্ৰদেশ আদি কেইবাখনো ৰাজ্যত এইবাৰ সৰ্বাধিক পৰিমাণৰ আলু উৎপাদন হৈছে । ফলত সেই ৰাজ্যৰ পৰা অসমকে ধৰি উত্তৰ-পূবৰ ৰাজ্যসমূহলৈ কম মূল্যতে আলু ৰপ্তানি হৈ আছে । যাৰ বাবে বজাৰত বৰপেটাৰ আলুৰ চাহিদা কমি যোৱাৰ লগতে প্ৰভাব পৰিছে আলুৰ বজাৰত । যাক লৈ এতিয়া বৰপেটাৰ আলু কৃষকৰ মাজত হাহাকাৰ লাগিছে । সেয়েহে কৃষকসকলে এইক্ষেত্ৰত ৰাজ্য চৰকাৰক আলুৰ মূল্য নিৰ্ধাৰণৰ বাবে দাবী জনাইছে ।