আমগুৰি : ‘‘মই দলটো শক্তিশালী হৈ থকাটো বিচাৰো ৷ হয়তো বহুতে অনুভৱ কৰা নাই যে দলত দলীয় কৰ্মীৰ গুৰুত্ব কিমান ৷ আমি দলটো সৃষ্টি কৰোতেই দেখিছিলো যে দলৰ সাধাৰণ কৰ্মীসকলে কিমান কষ্ট বা ত্যাগ কৰিছে, আজি তেওঁলোক অৱহেলিত ৷’’ এই মন্তব্য বিজেপিৰ প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাইৰ ৷
গোঁহায়ে কয়, ‘‘অৱশ্যে এতিয়া নতুন সভাপতি আহিছে দিলীপ শইকীয়া ৷ তেওঁ যি কাম কৰিছে বা কৰিবলৈ হাতত লৈছে সেই কামে দলীয় কৰ্মীৰ মাজত আশাৰ সঞ্চাৰ কৰিছে ৷ ময়ো কৈছো যে তোমলোক হতাশ নহ’বা ৷ দলটো আমাৰ দল ৷ আমাৰ দলটোক দুৰ্বল হ’বলৈ দিব নোৱাৰো ৷ নতুন সভাপতি আহিছে, নিশ্চয়কৈ তেওঁ ভাল পদক্ষেপ ল’ব ৷’’
‘‘সব মানুহৰ মানসিকতা একে নহয়, একে সাহসো নাই ৷ আজি দিলীপে যি পদক্ষেপ লৈছে বা তেওঁ যি ধৰণে সভাপতি হৈছে নিশ্চয়কৈ আমাৰ বহু দলীয় অভিভাৱক আছে, তেওঁলোকে মন্ত্ৰণা বা উপদেশ দিছে, যাৰ বাবে তেওঁ এইখিনি কৰিবলৈ সাহস কৰিছে ৷ তাক আমি প্ৰসংশা কৰিছো ৷’’
‘‘ন-পুৰণি সকলোৰে সংমিশ্ৰণত দলটো শক্তিশালী হৈ থাকিব লাগে ৷ নতুনক আদৰি ল’ম, পুৰণিক পাহৰি যাম, সেইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ৷ মই বিচাৰো আমাৰ দলীয় কৰ্মীসকলে তেওঁলোকৰ অধিকাৰটো যাতে পায় ৷’’ তেওঁ কয় ৷