গুৱাহাটী: বিদ্যুৎ মাচুল বৃদ্ধিৰে উপভোক্তাক কেকোঁৰা-চেপা দিয়া ৰাজ্যৰ শক্তি বিভাগে কিন্তু চৰকাৰী বিভাগসমূহৰ পৰা মাচুল আদায় কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে । স্মাৰ্ট মিটাৰৰ যোগেদি বেলেন্স নাথাকিলে সাধাৰণ উপভোক্তাৰ নিমিষতে বিদ্যুৎ কৰ্তন কৰা হয় । কিন্তু চৰকাৰী বিভাগসমূহৰ অনাদায় হৈ থকা বৃহৎ পৰিমাণৰ বিদ্যুৎ মাচুল সংশ্লিষ্ট কৰ্তৃপক্ষই আদায় কৰিবলৈ সক্ষম নহয় । ইফালে স্মাৰ্ট মিটাৰৰ নামত লুণ্ঠন চলোৱাৰ অভিযোগৰ পৰা শক্তি বিভাগ এতিয়াও মুক্ত হোৱা নাই ।
এক কথাত চৰকাৰী বিভাগৰ পৰা বিদ্যুৎ মাচুল আদায় কৰিব নোৱাৰি সাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ শোধাইছে শক্তি বিভাগে । প্ৰতি বছৰে বিভিন্ন উপায়েৰে তথা অজুহাতত বিদ্যুৎ মাচুল বৃদ্ধি কৰা হয় আৰু যাৰ বোজা বহন কৰে সাধাৰণ জনতাই । কিন্তু ইয়াৰ বিপৰীতে চৰকাৰী বিভাগসমূহৰ বিদ্যুতৰ মাচুলৰ পৰিমাণ প্রতিদিনেই বৃদ্ধি পাইছে । এখনৰ পাছত আনখনকৈ জাননী দিও বিদ্যুৎ বিভাগে উক্ত ধন আদায় কৰিব পৰা নাই । উপভোক্তাৰ ক্ষেত্রত নিমিষতে বিদ্যুৎ সংযোগ কৰ্তন কৰা হয় ।
চৰকাৰী বিভাগে দিবলৈ আছে বৃহৎ পৰিমাণৰ ধন :
বৰ্তমান সময়ত ৰাজ্য চৰকাৰৰ স্বাস্থ্য, শিক্ষা, জনস্বাস্থ্য আৰু কাৰিকৰী আদি বহুকেইটা বিভাগে বৃহৎ পৰিমাণৰ ধন বিদ্যুৎ বিভাগ অর্থাৎ এ পি ডি চি এলক আদায় দিবলৈ আছে । নাম প্ৰকাশত অনিচ্ছুক এ পি ডি চি এলৰ এজন বিষয়াই জনোৱা মতে, ৰাজ্য চৰকাৰৰ স্বাস্থ্য, শিক্ষা আৰু জনস্বাস্থ্য আৰু কাৰিকৰী এই তিনিটা বিভাগেই প্রায় তিনিশ কোটি টকাৰ বিদ্যুৎ মাচুল দিবলৈ বাকী আছে । বিষয়াজনে জনোৱা মতে ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰ পৰাই এ পি ডি চি এলে পাবলগীয়া ধনৰ পৰিমাণেই হৈছে প্রায় ২৫ কোটি টকা ।
ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহে দিবলৈ আছে ২৫ কোটি টকা :
চৰকাৰী আন বিভাগৰ কথা বাদেই ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰ পৰা এ পি ডি চি এলে পাবলৈ আছে ২৫ কোটি টকা । অংগনৱাড়ী কেন্দ্ৰসমূহৰ ক্ষেত্ৰত সৰ্বাধিক ধন দিবলগীয়া জিলাখন হৈছে ধুবুৰী জিলা । ধুবুৰীত পাবলগীয়া ধনৰ পৰিমাণ হৈছে ১,৯৪,৯৪,১১০ টকা । আনহাতে এই তালিকাৰ দ্বিতীয় স্থানত আছে বৰপেটা জিলা । জিলাখনৰ পৰা এ পি ডি চি এল-এ পাবলৈ আছে ১,৭৭,৬৪,৫০৬ টকা । তৃতীয় স্থানত থকা কামৰূপ জিলাৰ পৰা পাবলৈ আছে ১,৭০,৬৩,৯১৭ টকা ।
আনহাতে বাক্সা জিলাৰ অংগনৱাড়ী কেন্দ্ৰৰ পৰা ৮৩,২৮,৩৭১ টকা, বিশ্বনাথ জিলাৰ পৰা ৫,২৮,৯৩৫ টকা, বঙাইগাঁও জিলাৰ পৰা ১,৪৩,২৭,০২৮ টকা, কাছাৰ জিলাৰ পৰা ৮৭,৪২,৪৮৭ টকা, চৰাইদেউ জিলাৰ পৰা ৭,৫৮,১২৪ টকা, চিৰাং জিলাৰ পৰা ৩৪,৩৯,৮১২ টকা, দৰং জিলাৰ পৰা ১,৬৩,২১,৯৯১ টকা, ধেমাজি জিলাৰ পৰা ৫৬,৬৭,০৬৬ টকা, ডিব্ৰুগড় জিলাৰ পৰা ৭৩,০৮,৭০৮ টকা, ডিমা হাছাও জিলাৰ পৰা ২,৯৯,৭০১টকা, গোৱালপাৰা জিলাৰ পৰা ১,৫৮,৫৯,১৫০ টকা, গোলাঘাট জিলাৰ পৰা ১,২৮,০৩,৭৮৯ টকা, হাইলাকান্দি জিলাৰ পৰা ২৫,৩৩,৮২২ টকা, হোজাই জিলাৰ পৰা ৬৮,৫০,৪৬৬ টকা, যোৰহাট জিলাৰ পৰা ৩৬,৬৬,৮২৩ টকা, কামৰূপ মহানগৰ জিলাৰ পৰা ২০,৮৩,৬৯০ টকা, এ পি ডি চি এলে পাবলৈ আছে ৷