গুৱাহাটী, 6 মাৰ্চ : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে অসমত প্ৰস্তুতিৰ বুজ লৈ দুদিনীয়া ভ্ৰমণ সামৰি উভতিল ভাৰতৰ নিৰ্বাচন আয়োগৰ দল ৷ মঙলবাৰে অসমলৈ অহা দলটোৱে আজি ৰাজ্যখনৰ সকলো জিলা নিৰ্বাচনী বিষয়া (ডি ই অ’), গুৱাহাটীৰ আৰক্ষী আয়ুক্ত, সকলো জিলাৰ আৰক্ষী অধীক্ষক (এছ পি), ডি আই জি আৰু অন্যান্য উচ্চপদস্থ বিষয়া সকলৰ সৈতে এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ৷
বুধবাৰে গুৱাহাটীৰ এখন হোটেলত অনুষ্ঠিত এই বৈঠকত আগন্তুক লোকসভাৰ সাধাৰণ নিৰ্বাচন, 2024 ৰ পূৰ্বে ৰাজ্যত নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লয় আয়োগৰ দলটোৱে ৷ উপ-নিৰ্বাচন আয়ুক্ত হৃদেশ কুমাৰৰ নেতৃত্বত অহা দলটোৰ জ্যেষ্ঠ প্ৰধান সচিব এন.এন. বুটোলিয়া, সঞ্চালক পংকজ শ্ৰীবাস্তৱ আৰু সচিব এন.টি. ভূটিয়াই বৈঠকত ভাগ লোৱা বিষয়াসকলৰ সৈতে অসমৰ জিলাসমূহত নিৰ্বাচনৰ প্ৰস্তুতিৰ প্ৰসংগত মত-বিনিময় কৰে ৷ নিৰ্বাচনৰ বাবে ই পি আই চিৰ বিতৰণৰ অৱস্থা, ভোটকেন্দ্ৰত গ্ৰহণ কৰা বিভিন্ন ব্যৱস্থা, ইভিএম/ভিভিপিএট আৰু জনশক্তিৰ ব্যৱস্থা, ভোটাৰৰ ভোটদান বৃদ্ধিৰ বাবে চলি থকা এছ ভি ই ই পিৰ কাম-কাজ, জনশক্তিৰ প্ৰশিক্ষণ, নিৰাপত্তা বাহিনী নিয়োগ, নিৰ্বাচনী ব্যয়ৰ বিষয়ে বৈঠকত আলোচনা কৰা হয় ৷