মৰাণ, 27 এপ্ৰিল:দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা অসুস্থ । জানিব পৰা মতে, জটিল ৰোগত আক্ৰান্ত হৈ উন্নত চিকিৎসাৰ বাবে চেন্নাইৰ এপ'ল' হাস্পতালত চিকিৎসাধীন হৈ আছে দুলীয়াজানৰ বিধায়কজন । উল্লেখ্য যে,, প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত থকা বিধায়কগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা 24 এপ্ৰিলৰ দিনা চেন্নাইৰ এপ'ল' হাস্পতালত ভৰ্তি কৰোৱা হয় বিধায়ক গোৱালাক ৷
জ্যেষ্ঠ চিকিৎসক ইউৰ’লজিষ্ট ড৹ নিতেশ জৈনৰ অধীনত বৰ্তমান চিকিৎসাধীন হৈ চিকিৎসা গ্ৰহণ কৰি বিধায়ক । প্ৰস্ৰাৱৰ সংক্ৰমনজনিত সমস্যাত দীৰ্ঘদিন ধৰি ভুগি আছিল বিধায়কগৰাকী । দুলীয়াজানৰ বিধায়কজনৰ স্বাস্থ্যৰ সকলো দিশ ঠিকে থাকিলে শনিবাৰৰ দুপৰীয়া এটা জটিল অস্ত্ৰোপচাৰ কৰাৰ সম্ভাৱনা আছে বুলি বিধায়কগৰাকীৰ পৰিয়ালৰ লোকে জানিবলৈ দিছে । পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে বহুদিনৰ পৰা বিধায়কগৰাকীয়ে প্ৰস্ৰাৱৰ সংক্ৰমণজনিত সমস্যাত ভুগি আছিল যদিও এটা মাহ লোকসভা নিৰ্বাচনত দিনে-নিশাই ব্যস্ত হোৱাৰ পাছতেই সমস্যা অধিক জটিল হৈ পৰে ।