অসম

assam

ETV Bharat / state

ৰাজ্য়ত এদিনৰ বাবে বন্ধ থাকিব সুৰা বিক্ৰী - Lok Sabha Election 2024

Dry Day In Assam: ৰাজ্যৰ সুৰাপায়ীসকলৰ বাবে বেয়া খবৰ । কাৰণ খোলা নাথাকে সুৰা বিপণী । কোন দিনা বন্ধ থাকিব সুৰা বিপণী ।

By ETV Bharat Assamese Team

Published : Jun 2, 2024, 9:01 PM IST

Counting of Lok Sabha election
লোকসভা নিৰ্বাচনৰ ভোটগণনা (Google)

গুৱাহাটী, ২ জুন : ভোটগণনাৰ দিনা ঘোষণা কৰা হৈছে ড্ৰাই ডে'। দেশত শান্তিপূর্ণ, মুক্ত আৰু সফল নির্বাচন অনুষ্ঠিত কৰি শক্তিশালী গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে নিৰ্বাচন আয়োগে ৪ জুনত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনটোত ভোটগণনা শেষ নোহোৱা পর্যন্ত দিনটোৰ বাবে ড্রাই ডে' ঘোষণা কৰিছে ।

ড্রাই ডে' ঘোষণা হোৱা সময়খিনিত কোনো ব্যক্তি বা দলে নিচাজাতীয় দ্রব্য মজুতকৰণ, সুৰা বিক্ৰী, মাদক দ্রব্য বিতৰণ বা হোটেলত এনে ধৰণৰ সামগ্ৰী সেৱন আদিত নিষেধাজ্ঞা জাৰি কৰা হৈছে । সকলো শুল্কাধীন পণ্যাগাৰ, ভাৰতত নিৰ্মিত বৈদেশিক সুৰাৰ খুচুৰা দোকান বা বাৰ অথবা ক্লাব, হোটেল, তাৰকাযুক্ত হোটেল, দেশীয় সুৰা দোকান বা অন্য ধৰণৰ প্রতিষ্ঠানত এই ড্রাই ডে'ৰ সময়ছোৱাত সুৰা বিক্রী বা পৰিৱেশন কৰা বন্ধ থাকিব ।

তদুপৰি এই সময়খিনিত কোনো ব্যক্তিৰ দ্বাৰা সুৰা মজুতকৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে । আৱকাৰী আইনৰ জৰিয়তে অনুজ্ঞাপত্ৰবিহীনভাৱে মাদক দ্রব্য মজুতকৰণৰ বিষয়ত জিলা আয়ুক্তৰ দ্বাৰা ব্যাপক অভিযান চলোৱা হ'ব আৰু আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব । উল্লেখ্য যে নিৰ্বাচন অনুষ্ঠিত হোৱাৰ দিনকেইটাতো সংশ্লিষ্ট এলেকাত ড্ৰাই ডে' ঘোষণা কৰা হৈছিল ।

এইবাৰ দেশত সাতটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হয় । অসমত ১৪ টা লোকসভা সমষ্টিৰ বাবে প্ৰথম তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল । আনহাতে, ৰাজ্যখনৰ ১৪ টা সমষ্টিৰ বাবে মুঠ ১৪৩ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিছে । মঙলবাৰে এই প্ৰাৰ্থী সকলৰ ভাগ্য নিৰ্ণয় হ'ব । কোন ১৪ গৰাকী প্ৰাৰ্থীয়ে শেষ হাঁহি মাৰিব সেয়া মঙলবাৰে বিয়লিলৈ নিশ্চিত হ'ব ।

লগতে পঢ়ক:২৪ এপ্ৰিলৰ সন্ধিয়া ৫ বজাৰ পৰা ২৬ এপ্ৰিল সন্ধিয়া ৫ বজালৈকে ড্রাই ডে' - Lok Sabha Election 2024

৫-৭ মে' কামৰূপ মহানগৰত ড্ৰাই ডে' ঘোষণা - Lok Sabha Election 2024

17 ৰ পৰা 19 এপ্ৰিললৈ চৰাইদেউ জিলাত ড্ৰাই ডে' ঘোষণা - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details