অসম

assam

ETV Bharat / state

আৰক্ষীক আক্ৰমণ কৰি জালত পৰিল ৰকিবুল হুছেইন - DRUG MAFIA ATTACKS POLICEMEN

নগাঁৱৰ ৰূপহীহাটত ভয়ংকৰকাণ্ড । ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা আৰক্ষীক আক্ৰমণ । জালত পৰিল ৰকিবুল হুছেইনসহ দুই অভিযুক্ত ।

drug smuggler allegedly assaulted policeman
নগাঁৱৰ ৰূপহীহাটত ভয়ংকৰকাণ্ড (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 23, 2025, 7:29 AM IST

নগাঁও :এইবাৰ নগাঁৱৰ ৰূপহীহাটত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা । ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈ আক্ৰমণৰ সন্মুখীন হ'ল ৰূপহীহাট আৰক্ষীৰ এটা দল । লগে লগে গ্ৰেপ্তাৰ কৰা হ'ল ৰকিবুল হুছেইনৰ লগতে আন এজন লোক ।

নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই উল্লেখ কৰা মতে, মঙলবাৰে নিশা এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত ৰূপহীহাটৰ ভকতগাঁও খেলপথাৰৰ সমীপতেই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ উপস্থিত হৈছিল ৰূপহীহাট আৰক্ষীৰ এটা দল । ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱাৰ সময়তেই ড্ৰাগছ মাফিয়াৰ পাঁচজনীয়া এটা দল জঁপিয়াই পৰে অভিযানকাৰী আৰক্ষীৰ দলটোৰ ওপৰত ।

আৰক্ষীৰ দলটোক আক্ৰমণ কৰি ড্ৰাগছ মাফিয়াৰ দলটো পলায়নৰ চেষ্টা কৰে । ড্ৰাগছ মাফিয়াৰ দলটোৱে অভিযানকাৰী আৰক্ষীৰ দলটোত থকা ৰূপহীহাট আৰক্ষীৰ উপ-পৰিদৰ্শক চিন্ময় বৰুণ কোঁৱৰক আক্ৰমণ কৰে ড্ৰাগছ মাফিয়াৰ দলটোৱে । লগে লগে আৰক্ষীৰ দলটোৱে ড্ৰাগছ মাফিয়াৰ দলটোৰ দুই সদস্য ক্ৰমে ৰকিবুল হুছেইন আৰু খলিলুৰ ৰহমানক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ কিন্তু আন তিনি সদস্যই হুলস্থূলীয়া পৰিৱেশ আৰু আন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয় ।

আৰক্ষীৰ জালত পৰিল ৰকিবুল হুছেইন (ETV Bharat Assam)

ধৃত দুই অভিযুক্ত ৰকিবুল হুছেইন আৰু খলিলুৰ ৰহমানৰ ঘৰ নগাঁৱৰ ৰূপহীহাটত বুলিও জানিব পৰা গৈছে । আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰা আন তিনি অভিযুক্তৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষীয়ে অভিযান অব্যাহত ৰখা বুলিও জানিব পৰা গৈছে । অৱশ্যে এই বাতৰি যুগুত কৰা পৰ্যন্ত কৰায়ত্ত কৰিব পৰা নাই পলায়ন কৰা তিনি ড্ৰাগছ ব্যৱসায়ীক । ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এখন মটৰ চাইকেল জব্দ কৰা বুলিও জানিব পৰা গৈছে ।

ইপিনে, মঙলবাৰে নিশা ড্ৰাগছ সৰবৰাহৰ লগতে কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগত আটক কৰা দুই অভিযুক্ত ৰকিবুল হুছেইন আৰু খলিলুৰ ৰহমাক জেৰাৰ অন্তত বুধবাৰে পুৱা এক গ্ৰেপ্তাৰ কৰে ৷ বুধবাৰে ধৃত দুই অভিযুক্ত ৰকিবুল খলিলুৰক আদালতত হাজিৰ কৰি অধিক তথ্যৰ বাবে পুনৰ জিম্মাত বিচাৰিব বুলিও নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জানিবলৈ দিয়ে ।

উল্লেখযোগ্য যে, আৰক্ষীৰ অভিযানৰ সময়ত পলায়ন কৰা আন তিনি অভিযুক্তও কম সময়ৰ ভিতৰতেই জালত পৰাৰ সম্ভাৱনা আছে বুলিও আৰক্ষীয়ে জানিবলৈ দিছে ।

লগতে পঢ়ক :ড্ৰাগছৰ বিৰুদ্ধে মছজিদ কমিটীৰ কঠোৰ স্থিতি, জানাজাত অংশগ্ৰহণ নকৰিলে ৰাইজে

লগতে পঢ়ক :STF ৰ অভিযানত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

ABOUT THE AUTHOR

...view details