যোৰহাট:আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল এগৰাকী অসম সন্তান । এইবাৰ জিলিকিল এগৰাকী বিজ্ঞানী । অসমৰ বিজ্ঞানী তথা যোৰহাটৰ সু-সন্তানলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি । যোৰহাট নিবাসী ড৹ শশাংক প্ৰতিম শাণ্ডিল্যলৈ ইংলেণ্ডৰ ৰয়েল এণ্টম’ল’জিকেল ছ'ছাইটিৰ ফেল' হিচাপে স্বীকৃতি । বিশ্বৰ বহু বিশিষ্ট বিজ্ঞানীয়ে ইংলেণ্ডৰ এই সম্ভ্ৰান্ত প্ৰতিষ্ঠানটোৰ ফেল' হিচাপে স্বীকৃতি পোৱা বিজ্ঞানীৰ তালিকাত নাম অন্তৰ্ভুক্ত হ'ল এইজন অসমীয়াৰ । কীট-পতংগ সম্পৰ্কীয় গৱেষণাত জড়িত এই প্ৰতিষ্ঠানৰ ফেল' হিচাপে স্বীকৃতি পোৱা বহু কেইজন বিজ্ঞানীয়ে ন'বেল বঁটাকে ধৰি বহু বিখ্যাত বঁটা লাভ কৰিছে ।
তেওঁ বৰ্তমান কাজিৰঙা বিশ্ববিদ্যালয়ৰ লায়ন হেলথ চাইন্সৰ সহকাৰী ডীন হিচাপে কৰ্মৰত হৈ আছে । আনহাতে আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰি ই টিভি ভাৰতৰে হোৱা সাক্ষাৎকাৰত ড৹ শশাংক প্ৰতিম শাণ্ডিল্যই কয়, "এনেধৰণৰ স্বীকৃতিয়ে কাম কৰি যোৱাত বহু সহায় কৰে আৰু মই অনুজীৱ সহিতে পতংগ ওপৰত গৱেষণা কৰিছিলো । উক্ত গৱেষণাত তিনিগৰাকী বিশিষ্ট বিজ্ঞানীৰ অধীনত কৰিছিলোঁ আৰু তেওঁলোকৰ বাবে মই এই আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'লো আৰু বৰ্তমান মোৰ বয়স বহু কম হৈ আছে সেয়েহে আৰু কাম কৰা পৰিকল্পনা আছে লগতে তেওঁ কয় যে ২০১০ চনৰ পৰা উক্ত গৱেষণা লগত জড়িত হৈ আহিছিলোঁ ।"