অসম

assam

ETV Bharat / state

অতিথিক আদৰাত ব্যস্ত মোহনবাৰী বিমানবন্দৰ - INTERNATIONAL TOURISM FAIR

ডিব্ৰুগড় বিমানবন্দৰত দেশী-বিদেশীৰ পৰ্যটকৰ ভিৰ । বিমানবন্দৰত বিহুনৃত্যৰে আদৰণি পৰ্যটকসকলক । বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰিব পৰ্যটকৰ দলটোৱে ।

Domestic and foreign tourists throng Dibrugarh airport
অতিথিক আদৰাত ব্যস্ত মোহনবাৰী বিমানবন্দৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 26, 2024, 4:23 PM IST

ডিব্ৰুগড়: ৰাজ্য চৰকাৰে পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন আৰু পৰ্যটকৰ আকৰ্ষণৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । পৰ্যটনে অসমৰ অৰ্থনীতি সৱলীকৰণত বিশেষ অৰিহণা আগবঢ়াবলৈ সক্ষম হোৱাত পৰ্যটন ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে ।

ইয়াৰ পাছতে ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় পৰ্যটকৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ সম্ভাৱনাক বিশ্বত উজলাই তোলাৰ বাবে প্ৰতিবছৰে আন্তঃৰাষ্ট্ৰীয় টুৰিজিম মাৰ্ট অনুষ্ঠিত কৰি আহিছে ।

অতিথিক আদৰাত ব্যস্ত মোহনবাৰী বিমানবন্দৰ (ETV Bharat Assam)

এইবাৰ কাজিৰঙাত অনুষ্ঠিত হ'ব এই আন্তঃৰাষ্ট্ৰীয় টুৰিজিম মাৰ্ট । এই আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ বাবে মঙলবাৰে ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হয় দেশ-বিদেশৰ এশৰো অধিক পৰ্যটক । কিয়নো আজিৰে পৰা কাজিৰঙাত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা-২০২৪ । দেশ-বিদেশৰ বিভিন্ন পৰ্যটকে অংশগ্ৰহণ কৰিবলগীয়া এই আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা ২৭ নৱেম্বৰত আনুষ্ঠানিকভাৱে মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

এই আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলা-২০২৪ৰ বাবে ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱা পৰ্যটকসকলক আজি অসম চৰকাৰৰ পৰ্যটন বিভাগে পৰিদৰ্শন কৰাব ঐতিহাসিক চৰাইদেউ মৈদাম । ডিব্ৰুগড় বিমানবন্দৰত পৰ্যটকসকলক উষ্ম আদৰণি জনোৱাৰ পাছতে পৰ্যটকসকলক লৈ যোৱা হয় চৰাইদেউ মৈদামলৈ । বিমানবন্দৰত বিহু নৃত্যৰে আদৰণি জনোৱা হয় পৰ্যটকসকলক ।

বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ প্ৰথম দিন:

আহোম ৰাজ শাসনৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰিছে ঐতিহাসিক চৰাইদেউ মৈদামে । এই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে এক নতুন পৰিচয় লাভ কৰি আহোম ৰাজ শাসনক পুনৰ বিশ্ব দৰবাৰত উজলাই তুলিলে । এই বৰ্ষৰ ২১ জুলাইৰ পৰা ৩১ জুলাইলৈকে নতুন দিল্লীত অনুষ্ঠিত হোৱা ইউনেস্কোৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৬ সংখ্যক সন্মিলনত ইউনেস্কোৱে চৰাইদেউ মৈদাম ক্ষেত্ৰকো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি প্ৰদান কৰে ।

ঐতিহাসিক চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ পাছতে দেশী বিদেশী পৰ্যটকৰ ভিৰ বাঢ়িছে । বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে । চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সৌন্দৰ্য্যতা যাতে বিশ্বত পৰিচিত হৈ উঠে তাৰ বাবে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ।

চৰাইদেউ মৈদাম ক্ষেত্ৰৰ সৌন্দৰ্য পুনৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকলক উপভোগ কৰাৰ সুযোগ দিয়াৰ বাবে কাজিৰঙাত তিনিদিনীয়াকৈ আয়োজন কৰা দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ এটা দিন চৰাইদেউ মৈদামত কৰা হৈছে । আজি এই অনুষ্ঠানৰ বাবে ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হোৱা পৰ্যটক সকলক পোনে পোনে অনা হ'ব চৰাইদেউ মৈদাম ক্ষেত্ৰলৈ । ইয়াতে দিনটো পৰ্যটক সকলে চৰাইদেউ মৈদাম পৰিদৰ্শন কৰি ৰাওনা হ'ব কাজিৰঙালৈ ।

লগতে পঢ়ক:চৰাইদেউ মৈদামত আহোমৰ পৌৰাণিক কীৰ্তিচিহ্নৰ সংগ্ৰহালয় উদ্বোধন মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ

চৰাইদেউ মৈদাম ক্ষেত্ৰত আৰম্ভ হ'ল বিশ্ব ঐতিহ্য সপ্তাহ

ABOUT THE AUTHOR

...view details