যোৰহাট: এটা কুকুৰা, এটুকুৰা মাংসপিণ্ড আৰু এক লোমহৰ্ষক কাহিনী ৷ দেওবাৰে ৰাতিপুৱাৰ কথা, যোৰহাট চিনামৰা আৰক্ষী চকীৰ অন্তৰ্গত বাঘধৰাত হঠাৎ লাগিল হৈ চৈ ৷ পুৱাৰ আহাৰ মুঠি খাই চুবুৰীটোৰ মানুহে যাৱতীয় কাম-কাজত লাগি আছে ৷ কোনো কোনোৱে বাহিৰতে বহি পিঠি ৰ’দাইছে, এই কেইদিন পুৱা-গধুলি অলপ ঠাণ্ডাও পৰিছে নহয় ৷ দেওবাৰ যেতিয়া বাগানৰ কামো আজি বন্ধ ৷ পুৱা ঠিক 10/10.30 বাজিছে, হঠাৎ এটা কুকুৰে মুখত এটুকুৰা মাংসপিণ্ড লৈ বাগানৰ লাইনৰ মাজেৰে গৈ আছিল ৷ এগৰাকী বৃদ্ধাই দেখি প্ৰথমে মুৰ্গী বুলি ভাবিলে ৷ ভালদৰে লক্ষ্য কৰাত তেওঁ হতবাক হৈ পৰিল ৷
কুকুৰটো মুখত সেইটো মুৰ্গী নহয়, এটি নৱজাতকৰ দেহৰ এচোৱাহে ৷ আচৰিত হৈ পৰিল সেই ঠাইত গোটখোৱা লোকসকল ৷ বাগিচাৰ মহৰীও আহিল, খবৰ দিলে চিনামৰা আৰক্ষীক ৷ আৰক্ষী অহাৰ পিচত ঘটনা অধিক গুৰুতৰ হৈ পৰিল ৷
মাটি পুতি থোৱা অৱস্থাৰ পৰা কুকুৰে শিশুটিৰ মৃতদেহটো উলিয়াই ভক্ষণ কৰিছিল ৷ এজন লোকৰ ঘৰৰ পিচফালে আৰক্ষীয়ে এটা গাঁতত প্ৰত্যক্ষ কৰিলে তেজৰ কৰাল ৷ সেই গাঁতটোৰ পৰাই কুকুৰে মৃতদেহটো উলিয়াই নিয়া বুলি আৰক্ষী আৰু স্থানীয় লোক নিশ্চিত হয় ৷ শিশুটিৰ পিতৃ-মাতৃৰ পৰিচয়ো উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ ককালৰ অংশতে দুছোৱাকৈ কটা হৈছিল শিশুটিক ৷ খোদ মাতৃৰ বিৰুদ্ধে উঠিছে হত্যাৰ অভিযোগ ৷
লগতে পঢ়ক:মধুস্মিতাৰ মৃত্যুক লৈ কি ভাবে পৰিয়ালে ?