মৰাণ:সন্মুখত পোহৰৰ উৎসৱ দীপান্বিতা । প্ৰতিবছৰৰ দৰে এইবাৰো পৰম্পৰা ৰক্ষা কৰি ৰাইজে অনুষ্ঠিত কৰিব দীপাৱলী । দীপাৱলীৰ দিনা আপোনাৰ ঘৰৰ চৌপাশ আলোকেৰে উজলাই তুলিবলৈ দিন-ৰাতি একাকাৰ কৰিছে মৃৎশিল্পীসকলে । আপোনাৰ-মোৰ ঘৰ আৰু পদুলিমুখ আলোকোজ্বল কৰি তুলিবলৈ মৃৎশিল্পীসকলে সাজি উলিয়াইছে সৰু-বৰ বিভিন্ন আকৃতিৰ মাটিৰ চাকি । কিন্তু অসমৰ বহু শ বছৰ পুৰণি থলুৱা শিল্পী কুমাৰসকলৰ সন্মুখত এতিয়া বৃহৎ প্ৰত্যাহ্বান আহি পৰিছে ।
ৰং-বিৰঙী লাইট আৰু চাকিৰ পয়োভৰে বিপদ মাতিছে ক্ষুদ্ৰ মৃৎশিল্পীসকললৈ । তথাপিও দীপান্বিতাৰ পূৰ্বে বৃদ্ধি পাইছে কুমাৰসকলৰ ব্যস্ততা । অসমৰ পৌৰাণিক এই মৃৎশিল্প জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে তেওঁলোকে । কিন্তু বজাৰত চীনা ৰং-বিৰঙী লাইট আৰু চাকিৰ পয়োভৰে থলুৱা উদ্যোগীসকলৰ ব্যৱসায়ত বিৰূপ প্ৰভাৱ পেলাইছে বুলি উল্লেখ কৰে মৃৎশিল্পীসকলে ।
মৰাণত গ্ৰাহকৰ আশাত ৰৈছে মৃৎ সামগ্ৰীৰ বিক্ৰেতাসকল
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে দীপাৱলী উপলক্ষে মৰাণতো মৃৎশিল্পীসকলৰ এতিয়া ভীষণ ব্যস্ততা । দিনে-নিশাই কুমাৰশালত মাটিৰ চাকি প্ৰস্তুত কৰাত ব্যস্ত এওঁলোক । ঘৰৰ ভিতৰে-বাহিৰে দমে দমে সজাই থোৱা হৈছে মাটিৰ চাকিসমূহ । পূৰ্বতে বিশেষকৈ দীপান্বিতাৰ পূৰ্বে ব্যাপক হাৰত বৃদ্ধি হৈছিল মাটিৰ চাকিৰ চাহিদা । কিন্তু এইবাৰ তেনে পৰিৱেশ নাই বুলি জনাইছে মৰাণৰ ব্যৱসায়ীসকলে ।
পূৰ্বে এইসকলৰ কুমাৰশালৰ পৰা মাটিৰ চাকি আন ব্যৱসায়ীসকলে লৈ গৈছিল অন্যান্য স্থানত বিক্ৰী কৰিবলৈ । বহু লোকে মৰাণৰ ঊষাপুৰত থকা কুমাৰশালৰ পৰা নিজেই ক্ৰয় কৰিছিল মাটিৰ চাকিৰ লগতে আন সামগ্ৰী । কিন্তু এইবাৰ পূৰ্বৰ তুলনাত দীপাৱলীৰ বজাৰ বেয়া বুলি জানিবলৈ দিয়ে মৃৎ সামগ্ৰীৰ বিক্ৰেতাসকলে ।
অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধি হ'লেও কিন্তু মাটিৰ সামগ্ৰীৰ দাম বৃদ্ধি নোহোৱাত আক্ষেপ মৃৎশিল্পীৰ