অসম

assam

ETV Bharat / state

নলবাৰী জিলা দিৱসত পৰিবহণ বিভাগৰ বাইক ৰেলী - Nalbari District Day - NALBARI DISTRICT DAY

Nalbari District Day: ৩৯ বছৰ পূৰ্বে আজিৰ দিনটোতেই নলবাৰীয়ে লাভ কৰিছিল পূৰ্ণাংগ জিলাৰ মৰ্যাদা । এই উপলক্ষে আজি জিলাখনত ৰূপায়ণ কৰা হয় বিভিন্ন কাৰ্যসূচী ।

Nalbari District Day
নলবাৰী জিলা দিৱস (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 14, 2024, 5:16 PM IST

Updated : Aug 14, 2024, 7:49 PM IST

নলবাৰী, ১৪ আগষ্ট : আজি পালন কৰা হৈছে 'নলবাৰী জিলা দিৱস' । ৩৯ বছৰ পূৰ্বে আজিৰ দিনটোতেই নলবাৰী জিলাই লাভ কৰিছিল পূৰ্ণাংগ জিলাৰ মৰ্যাদা । এই জিলা দিৱসৰ লগত সংগতি ৰাখি নলবাৰী জিলা পৰিবহণ বিভাগে লৈছে এক বিশেষ পদক্ষেপ । বুধবাৰে নলবাৰী জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা উলিওৱা হয় এক বিশাল বাইক ৰেলী । জিলাখনত পথ সুৰক্ষাৰ ক্ষেত্ৰত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াসেৰে উলিওৱা এই বাইক ৰেলীৰ ফ্লেগ অফ কৰে জিলা উন্নয়ন আয়ুক্ত কৰ্মদেৱ ব্ৰহ্মই ।

নলবাৰী জিলা দিৱস (ETV Bharat Assam)

ঘাইপথত গৰু-ছাগলী এৰাল নিদিবলৈ ৰাইজক আহ্বান :

জিলা পৰিবহণ বিষয়া শোণিত কুমাৰ বৰাই ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথসমূহত গৰু-ছাগলী আদি এৰাল নিদিবলৈ ৰাইজক আহ্বান জনায় । জিলা পৰিবহণ বিষয়াগৰাকীয়ে কয়," জিলাখনত দৈনন্দিন এটাৰ পিছত আনটো সৰু-বৰ দুৰ্ঘটনাই বাৰুকৈয়ে ৰাইজক চিন্তিত কৰিছে ।" পৰিবহণ বিষয়াগৰাকীয়ে পুনৰ কয়," পথ দুৰ্ঘটনা ৰোধ কৰাৰ চিন্তাৰে আজিৰ এই বাইক ৰেলীয়ে ৰাইজৰ মাজত সজাগতা আনিব ।"

নলবাৰী চহৰত বাইক ৰেলী :

আনহাতে, বাইক অথবা গাড়ী চলাওতে যিসমূহ যান-বাহন আইন প্ৰযোজ্য সেই সকলো নিয়ম ৰাইজক মানি চলিবলৈ আহ্বান জনাই জিলা পৰিবহণ বিষয়া শোণিত কুমাৰ বৰাৰ লগতে জিলা উন্নয়ন আয়ুক্ত কৰ্মদেৱ ব্ৰহ্মই । আজিৰ এই বিশাল বাইক ৰেলীটো জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ পৰা নলবাৰী চহৰ পৰিভ্ৰমণ কৰি পুনৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত সমাপ্ত কৰা হয় । উল্লেখ্য় যে এই বাইক ৰেলীটোত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শতাধিক লোকে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:বৰ্ণাঢ্য কাৰ্যসূচীৰে শোণিতপুৰ জিলা দিৱসৰ আয়োজন - Sonitpur District Day

Sonitpur District Day: দিনজোৰা কাৰ্যসূচীৰে উদযাপন শোণিতপুৰ জিলা দিৱস

Last Updated : Aug 14, 2024, 7:49 PM IST

ABOUT THE AUTHOR

...view details