অসম

assam

ETV Bharat / state

অসাৰ স্বচ্ছ ভাৰত অভিযান; আয়ুক্তৰ কাৰ্যালয়তে কদৰ্য ৰূপ - Swachh Bharat Mission - SWACHH BHARAT MISSION

Swachh Bharat Mission: অসমত কিমান সফল হৈছে স্বচ্ছ ভাৰত অভিযান ? লখিমপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত কদৰ্য ৰূপ দেখা গৈছে । শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী সচেতন ৰাইজৰ ।

Swachh Bharat Mission
অসাৰ স্বচ্ছ ভাৰত অভিযান;আয়ুক্তৰ কাৰ্যালয়তে কদৰ্য ৰূপ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jun 16, 2024, 4:58 PM IST

লখিমপুৰ, ১৬ জুন:স্বচ্ছ ভাৰত অভিযান এতিয়া ইতিহাস হ'ল ! কোটি কোটি টকা ব্যয় কৰি এই অভিযান চলোৱাৰ পিচতো এতিয়া চাৰিওফালে কদৰ্যময় পৰিৱেশ । চৰকাৰী কাৰ্যালয়তে এই অভিযান এলাগী হৈ পৰিছে । লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়তে স্বচ্ছ ভাৰত অভিযানৰ বিফলতাৰ ছবি দেখা গৈছে ।

লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত কদৰ্য ৰূপ (ETV Bharat)

কাৰ্যালয়টোৰ চাৰিওফালে এতিয়া কেৱল কদৰ্য ৰূপ দেখা গৈছে । আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰায়বোৰ চিৰিৰ কাষতে লেতেৰা পৰিৱেশ । চাৰিওফালে তামোল আৰু গুটখাৰ পিক দেখা গৈছে । ধূলি-মাকতি, মকৰাজালেৰে চিৰিবোৰ ভৰি আছে । চাফাই কৰ্মী থকাৰ পিচতো কাৰ্যালয়টো কদৰ্যময় হৈ পৰিছে । প্ৰতিদিনে কাৰ্যালয়টোলৈ আয়ুক্তকে ধৰি প্ৰশাসনীয় বিষয়া-কৰ্মচাৰীসকল আহে যদিও এনে পৰিৱেশ দেখিও কোনো ব্যৱস্থা গ্রহণ কৰা নাই ।

নিতৌ কাৰ্যালয়টোলৈ অহা শ শ লোকে এনে পৰিৱেশ দেখি নাকত ৰুমাল দি যাবলগীয়া হয় । লক্ষণীয়ভাৱে চলিত মাহৰ শেষৰফালে লখিমপুৰত জিলা আয়ুক্তসকলৰ সন্মিলন অনুষ্ঠিত হোৱাৰ কথা আছে । তেনে পৰিস্থিতিত ৰাজ্যৰ বিভিন্ন জিলাৰ আয়ুক্তসকলে যদি লখিমপুৰ জিলাৰ আয়ুক্তৰ কাৰ্যালয়টো পৰিদৰ্শন কৰিবলৈ আহে, তেন্তে জিলাখনৰ স্বচ্ছতাৰ আচল স্বৰূপটো ওলাই পৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।

উল্লেখ্য যে, স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰি চৰকাৰে হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰিছে । এই অভিযানৰ দ্বাৰা চৰকাৰ যথেষ্ট পৰিমাণে সফলো হৈছে । চৰকাৰী বিষয়া-কৰ্মচাৰীসকলেও এই অভিযানত সহযোগ কৰিছিল । ৰাইজক উৎসাহিত কৰিবলৈ মন্ত্রী-বিধায়কেও হাতত ঝাড়ু লৈছিল । কিন্তু সম্প্ৰতি এই অভিযান অসাৰ হৈ পৰিছে ।

খোদ জিলা আয়ুক্তৰ কাৰ্যালয়তে এই অভিযানৰ বিফলতা দেখি হতবাক হৈছে সাধাৰণ ৰাইজ । লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ এনে ৰূপ দেখি উদ্বেগ প্ৰকাশ কৰিছে লখিমপুৰ জিলা সচেতন নাগৰিক মঞ্চকে ধৰি বিভিন্ন সংগঠনে । আয়ুক্তগৰাকীক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও আহ্বান জনাইছে সচেতন নাগৰিকসকলে ।

লগতে পঢ়ক :ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত দুমাহেই অচল গাঁও পঞ্চায়ত - Irregularities Alleged In Panchayat

ABOUT THE AUTHOR

...view details