অসম

assam

হেকাৰৰ নিয়ন্ত্ৰণত ডিমা হাছাও জিলাৰ পৰ্যটন বিভাগৰ অফিচিয়েল ফেচবুক পেইজ

By ETV Bharat Assamese Team

Published : Feb 16, 2024, 10:57 PM IST

Dima Hasao Tourism : হেকাৰৰ কবলত ডিমা হাছাও জিলাৰ পৰ্যটন বিভাগৰ অফিচিয়েল ফেচবুক পেইজ ৷ জিলা পৰ্যটন বিভাগৰ উপ-সঞ্চালক নৰ্মেন্দু কেম্প্ৰাইৰ সাংবাদমেল ৷

Dima Hasao Tourism
ডিমা হাছাও জিলা পৰ্যটন বিভাগৰ উপ-সঞ্চালকৰ সংবাদমেল

হেক হ’ল ডিমা হাছাও জিলাৰ পৰ্যটন বিভাগৰ ফেচবুক পেজ

হাফলং, 16 ফেব্ৰুৱাৰী : এইবাৰ হেক হ’ল ডিমা হাছাও জিলাৰ পৰ্যটন বিভাগৰ অফিচিয়েল ফেচবুক পেইজ ৷ বৰ্তমানত ডিমা হাছাও জিলা পৰ্যটন বিভাগৰ অফিচিয়েল ফেচবুক পেইজ নিয়ন্ত্ৰণ কৰি আছে হেকাৰে ৷ ফলত এই ফেচবুক পেইজত কিছুদিনৰ পৰা আপত্তিজনক পোষ্ট আপলোড কৰা পৰিলক্ষিত হৈছে ৷ আজি ডিমা হাছাও জিলা পৰ্যটন বিভাগৰ উপ-সঞ্চালক নৰ্মেন্দু কেম্প্ৰাইয়ে এক সাংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে ৷

সংবাদমেলত নৰ্মেন্দু কেম্প্ৰাইয়ে কয় যে, কিছু দিন পূৰ্বে ডিমা হাছাও জিলা পৰ্যটন বিভাগৰ অফিচিয়েল ফেচবুক পেইজ কোনো হেকাৰে হেক কৰি এই পেইজটো সম্পূৰ্ণ নিয়ন্ত্ৰণ কৰি আছে ৷ ইতিমধ্যে এই অফিচিয়েল ফেচবুক পেইজত কিছু দিন ধৰি আপত্তিজনক পোষ্ট আপলোড কৰা পৰিলক্ষিত হৈছে বুলি মন্ত্যব কৰে জিলা পৰ্যটন বিভাগৰ উপ-সঞ্চালক গৰাকীয়ে ৷

তেওঁ কয় যে, ইতিমধ্যে বিভাগীয় ফেচবুক পেইজ হেক হোৱাৰ বিষয় সন্দৰ্ভত কৰ্তৃপক্ষক ৰিপৰ্ট কৰা হৈছে লগতে এই সন্দৰ্ভত হাফলং আৰক্ষী থানাৰ চাইবাৰ চেলত এখন এজাহাৰ দাখিল কৰা হৈছে ৷ কিন্তু এতিয়াও জিলা পৰ্যটন বিভাগৰ এই ফেচবুক পেইজটো বন্ধ কৰা বা হেকাৰক চিনাক্ত কৰা সম্ভৱ হোৱা নাই ৷ বৰ্তমানে ডিমা হাছাও জিলা পৰ্যটন বিভাগৰ 'ডিমা হাছাও টুৰিজম অফিচিয়েল ফেচবুক পেইজ'ৰ পৰিৱৰ্তে আন এক নতুন ফেচবুক পেইজ খোলা হৈছে ৷

নৰ্মেন্দু কেম্প্ৰাইয়ে সংবাদমেলত কয় পূৰ্বৰ বিভাগীয় যি ফেচবুক পেইজ আছিল এই পেইজৰ ফল’ৱাৰ্ছ আছিল 10 হাজাৰ ৷ ডিমা হাছাও জিলাৰ পৰ্যটন বিভাগৰ উপ-সঞ্চালক নৰ্মেন্দু কেম্প্ৰাইয়ে বিভাগৰ পূৰ্বৰ ফেচবুক পেইজ সকলোকে আনফল’ কৰাৰো আহ্বান জনায় ৷

লগতে পঢ়ক :কাৰ্বি আংলং জিলাৰ খেৰণিত উত্তেজনা, ১৭ জনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details