অসম

assam

ETV Bharat / state

বান বিভীষিকা অব্যাহত; বানত মৃত্যু হোৱা লোকৰ সংখ্যা 52 জনলৈ বৃদ্ধি - Assam flood 2024

Assam flood situation: ক্ৰমাৎ ৰাজ্যত বানে লৈছে ভয়াৱহ ৰূপ ৷ শেহতীয়াকৈ বানত বুৰ গৈছে ৰাজ্যৰ 29 খন জিলাৰ 3,208 খন গাঁও ৷ মৃতকৰ সংখ্যা বৃদ্ধি পাইছে 52 জনলৈ ৷

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 8:50 AM IST

Different places of 29 districts are still reeling under floods in assam
বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি 52 জনলৈ (ETV Bharat Assam)

গুৱাহাটী, 5 জুলাই: ৰাজ্যত অব্যাহত বানৰ বিভীষিকা । ৰাজ্যৰ 29 খন জিলাৰ 107 টা ৰাজহ চক্ৰৰ 3,208 খন গাঁও বৰ্তমানেও পানীত বুৰ গৈ আছে । বানৰ ফলত শিশু আৰু মহিলাকে ধৰি 21.13 লাখ লোক প্ৰভাৱিত হৈ আছে । বাঢ়নী পানীত বুৰ গৈছে 57,018 হেক্টৰ কৃষিভূমি ।

বানত পৰি পুনৰ বৃহস্পতিবাৰৰ দিনটোত 6 জনৰ মৃত্যু হৈছে । এতিয়ালৈকে বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পালে 52 জনলৈ ।

সম্প্রতি আশ্রয় শিবিৰ আৰু সাহায্য কেন্দ্ৰবোৰতো যথেষ্টসংখ্যক বন্যার্তই আশ্রয় গ্ৰহণ কৰি আছে । ৰাজ্যৰ কোনো কোনো অঞ্চলত বান পৰিস্থিতিৰ সামান্য উন্নতি হৈছে যদিও বহু অঞ্চলৰ পৰিস্থিতি এতিয়া অপৰিৱৰ্তিত অৱস্থাত আছে । বিভিন্ন স্থানত এন ডি আৰ এফ, এছ ডি আৰ এফ, স্থানীয় প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত আছে । বিভিন্ন জিলাত বানাক্রান্ত ৰাইজৰ বাবে চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ দল নিয়োজিত হৈ আছে ।

বানৰ কবলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ইপিনে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 223 টা বন শিবিৰৰ ভিতৰত 141 টা এতিয়াও পানীত বুৰ গৈ আছে । ৰাষ্ট্ৰীয় উদ্যানখনত এতিয়ালৈকে 17 টা বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ বিপৰীতে বানৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে 72 টা বন্যপ্রাণী । বানৰ ফলত ৰাজ্যৰ কেইবাটাও অঞ্চলত বন্যপ্রাণীয়ে জনাঞ্চলত প্ৰৱেশ কৰাৰ ঘটনা ঘটিছে ।

কেন্দ্রীয় জল আয়োগৰ তথ্য

কেন্দ্রীয় জল আয়োগে বৃহস্পতিবাৰৰ বিয়লি প্ৰকাশ কৰা তথ্য অনুসৰি, ৰাজ্যৰ 10 খন নৈ 16 টা স্থানত বিপদসীমাৰ ওপৰেৰে বৈ আছে । আনহাতে, 5 খন নৈ সতর্কতা সীমাৰ ওপৰত আছে যদিও বিপদসীমাৰ তলেৰে বৈ আছে ।

কাছাৰৰ অন্নপূর্ণাঘাট আৰু কৰিমগঞ্জৰ বদৰপুৰ ঘাটত বৰাক, বৰপেটাত বেকী, ডিব্ৰুগড়ৰ চেনিমাৰীত বুঢ়ীদিহিং, নগাঁৱৰ কামপুৰ আৰু মৰিগাঁৱৰ ধৰমতুলত কপিলী, ধুবুৰী, তেজপুৰ, যোৰহাট, গোৱালপাৰা আৰু গুৱাহাটীত ব্ৰহ্মপুত্ৰ, কৰিমগঞ্জত কুশিয়াৰা, হাইলাকান্দিৰ মাটিজুতি কাটাখাল, শিৱসাগৰৰ নঙলামূৰাঘাটত দিচাং, গোলাঘাটৰ নুমলীগড়ত ধনশিৰি আৰু শিৱসাগৰত দিখৌ নৈ বিপসীমাৰ ওপৰেৰে বৈ আছে ।

ইপিনে, লখিমপুৰত সোৱণশিৰি, ডিব্ৰুগড়ত ব্ৰহ্মপুত্র, গোলাঘাটত ধনশিৰি, ধুবুৰীত সোণকোষ আৰু শোণিতপুৰত জীয়াভৰলী সতর্কতা সীমাৰ ওপৰেৰে বৈ আছে যদিও, বিপদসীমাৰ তলত আছে । আকৌ কাছাৰ আৰু কৰিমগঞ্জত বৰাক ক্ৰমে বিপদসীমাৰ 1.22 মিটাৰ আৰু 1.17 মিটাৰ, ডিব্ৰুগড়ত বুঢ়ীদিহিং বিপদসীমাৰ 1.56 মিটাৰ, ধুবুৰীত ব্ৰহ্মপুত্ৰ বিপদসীমাৰ 1.33 মিটাৰ, শিৱসাগৰত দিচাং বিপদসীমাৰ 1.73 মিটাৰ ওপৰেৰে বৈ আছে ।

বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য

আনহাতে, গুৱাহাটীৰ বৰঝাৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই 8 জুলাইলৈকে দিয়া বতৰৰ আগলি বতৰা অনুসৰি, এই সময়ছোৱাত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ প্ৰায়বোৰ অঞ্চলতে মজলীয়া বৰষুণ অব্যাহত থাকিব । কোনো কোনো অঞ্চলত প্ৰৱলৰপৰা অতি প্রৱল বৰষুণ অহাৰ সম্ভাৱনা আছে ।

যোৱা 24 ঘণ্টাত ডিব্ৰুগড়ত ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক 64 মিলিমিটাৰ বৰষুণ হয় । ৰাজ্যৰ আন কেইখনমান চহৰত হোৱা বৰষুণৰ পৰিমাণ আছিল— নলবাৰী 28 মিলিমিটাৰ, নামচাই 25 মিলিমিটাৰ, লামডিং 11 মিলিমিটাৰ, যোৰহাট 10 মিলিমিটাৰ, গুৱাহাটী 8 মিলিমিটাৰ আৰু ধুবুৰী 19.6 মিলিমিটাৰ ৷

লগতে পঢ়ক:দিক-বিদিক হেৰুৱাইছে অবোধ জীৱ-জন্তুৱে : পানী বাঢ়িয়েই আছে কাজিৰঙাত - ASSAM FLOOD 2024

জাঁজীৰ বাঢ়নী পানীয়ে ভাবুকি কঢ়িয়াইছে টীয়কৰ বনাই নপমুৱাৰ ৰিং বান্ধলৈ - ASSAM FLOOD 2024

বলীয়া বানৰ সংহাৰ ; ঘৰ এৰি ৰাষ্ট্ৰীয় ঘাইপথত আশ্ৰয় গ্ৰহণ বন্যাৰ্তৰ - ASSAM FLOOD 2024

অপৰিৱৰ্তিত কাজিৰঙাৰ বান পৰিস্থিতি, কেবাটাও বন্যপ্ৰাণী উদ্ধাৰ - Assam Flood 2024

অপৰিৱৰ্তিত বান পৰিস্থিতি : জিলাই জিলাই মন্ত্ৰীৰ পদাৰ্পন - Assam flood 2024

ভূৰাগাঁৱত বান পৰিস্থিতি পৰিদৰ্শন ৰাজ্যপাল কাটাৰীয়াৰ - Assam Flood 2024

ABOUT THE AUTHOR

...view details