অসম

assam

নাহৰৰ দেশত উখল-মাখল পৰিৱেশ, ভোট নপৰিল আছুৰ সপক্ষে - DU Election results 2024

Dibrugarh University: ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আছুৰ বিপৰ্যয় । সভাপতি-সম্পাদকসহ বহুকেইটা পদত পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিৱাসৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়লাভ । উদুলি-মুদুলি নাহৰৰ দেশ ।

By ETV Bharat Assamese Team

Published : 5 hours ago

Published : 5 hours ago

Dibrugarh University post graduate students union election results declared
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আছুৰ বিপৰ্যয় (ETV Bharat Assam)

ডিব্ৰুগড়,৩ অক্টোবৰ: নাহৰৰ দেশত উৰিল পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিৱাসৰ পতাকা । স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত চৰম বিপৰ্যৰ সন্মুখীন সদৌ অসম ছাত্ৰ সন্থা । বিগত বৰ্ষসমূহত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভা সদৌ অসম ছাত্ৰ সন্থাৰ দখলত আছিল যদিও এইবাৰ ছাত্ৰ-ছাত্ৰীৰ ভোট নপৰিল আছুৰ সপক্ষে ।

বৃহস্পতিবাৰে উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন । স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ বৃহস্পতিবাৰৰ পুৱাৰে পৰা উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছিল নাহৰৰ দেশত । পুৱাৰ ভাগৰে পৰা অনুষ্ঠিত হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাত ১৮ টা পদ আছিল যদিও ১৪ টা পদৰ বাবে অনুষ্ঠিত হয় নিৰ্বাচন। ছাত্ৰ একতা সভাৰ ১৮টা পদৰ ৪ টা পদত বিনা প্ৰতিদ্বন্দ্বিতাৰে চাৰিগৰাকী প্ৰাৰ্থী বিজয়ী হোৱাত ১৪ টা পদৰ বাবে অনুষ্ঠিত হয় নিৰ্বাচন ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আছুৰ বিপৰ্যয় (ETV Bharat Assam)

১৪ টা পদৰ বিপৰীতে মুঠ ২৯ গৰাকী প্ৰাৰ্থীয়ে ভোটযুদ্ধত অৱতীৰ্ণ হয় । সন্ধিয়া পৰ্যন্ত হোৱা ভোট গণনাত বিশ্ববিদ্যালয়ৰ ঐতিহ্যমণ্ডিত পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিৱাসৰ সমৰ্থিত প্ৰাৰ্থী সভাপতি-সম্পাদককে ধৰি প্ৰায়বোৰ পদতে জয়লাভ কৰে । ঐতিহ্যমণ্ডিত পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিৱাসৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি সভাপতি পদত যুগল কিশোৰ গগৈ আৰু সাধাৰণ সম্পাদকৰ পদত লেনিশ মিলিয়ে জয়লাভ কৰে । ফলাফল ঘোষণাৰ পাছতে গীত-নৃত্যৰে বিজয় উৎসৱ অনুষ্ঠিত কৰে ছাত্ৰ-ছাত্ৰীসকলে ।

জয়লাভ কৰি কি কয় নৱ-নিৰ্বাচিত সভাপতি যুগল কিশোৰ গগৈয়ে:

"জয়লাভ কৰি যথেষ্ট সুখী হৈছো । আগৰে পৰা বিশ্ববিদ্যালয়ৰ বাবে কাম কৰি আহিছিলো । এতিয়া সভাপতিৰ দায়িত্ব লাভ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বিশ্ব পৰ্যায়ত যাতে জিলিকাই তুলিব পাৰো তাৰ বাবে কাম কৰি যাম । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিভিন্ন সমস্যা আছে বিশেষকৈ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে আমি প্ৰথমে কাম কৰিম ।"

আজীৱন নাহৰবাসীৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম:

নৱ-নিৰ্বাচিত সাধাৰণ সম্পাদক লেনিশ মিলিয়ে কয়,"এটা বছৰ ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ বাবে কাম কৰিবলৈ যি সুযোগ নাহৰবাসীয়ে দিলে তাৰ বাবে মই আজীৱন নাহৰবাসীৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম । এই নিৰ্বাচনৰ জডিয়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰমাণ কৰি দিলে আমাৰ কোনো হাইকমাণ্ড নাই । আমাৰ হাইকমাণ্ড কোনো দল-সংগঠনৰ নেতা নহয় । ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পৰিৱৰ্তনৰ বাবে ভোট দিছে , সেয়ে এটা বৰ্ষ উজাৰি কাম কৰিম ।"

কোনে কি পদত জয়লাভ কৰিলে:

  • সভাপতি পদত যুগল কিশোৰ গগৈ
  • উপ-সভাপতি পদত ভাস্কৰ জ্যোতি পাৱে
  • সাধাৰণ সম্পাদক পদত লেনিশ মিলি
  • সহঃ সাধাৰণ সম্পাদক পদত হিৰুজ বৰুৱা
  • আলোচনী সম্পাদক পদত মৃণ্ময় বৰা
  • সংগীত সম্পাদক‌ পদত গৌৰৱজ্যোতি নেওগ
  • সাংস্কৃতিক সম্পাদক পদত ভৈৰৱ কুমাৰ গগৈ
  • তৰ্ক আৰু আলোচনা চক্ৰ সম্পাদক পদত হামিম সাফিক শইকীয়া
  • কলা আৰু সাহিত্য সম্পাদক পদত কৰৱী গগৈ
  • সাধাৰণ ক্ৰীড়া সম্পাদক পদত অনুৰাগ শইকীয়া
  • আন্তঃ ক্ৰীড়া সম্পাদক পদত হেমা লামা
  • ফুটবল সম্পাদক পদত ৰাহুল ডাৰিক
  • সমাজ সেৱা সম্পাদক পদত খামীৰঞ্জন ভূঞা
  • শৰীৰ চৰ্চা বিভাগৰ সম্পাদক পদত পলাশ ৰঞ্জন শইকীয়া

বিনা প্ৰতিদ্বন্দ্বিতাৰে কোনে কোনে জয় লাভ কৰে:

  • ক্ৰিকেট সম্পাদক পদত জয়িং চাওহাই
  • ভলীবল সম্পাদক পদত নিজম বসুমতাৰী
  • ছাত্ৰী জিৰণি কোঠা সম্পাদিকা প্ৰতিষ্ঠা কাশ্যপ
  • ছাত্ৰ জিৰণি কোঠা সম্পাদক পদত দ্বীপ জ্যোতি ফুকন

লগতে পঢ়ক:নাহৰৰ দেশত বেলটৰ যুঁজ; ১৪ টা পদত ২৯ গৰাকী প্ৰাৰ্থীৰ যুঁজ - DU Election 2024

কৃষ্ণচূড়াৰ দেশত উৰিল গেৰুৱা পতাকা - GU Election results 2024

ABOUT THE AUTHOR

...view details