অসম

assam

ETV Bharat / state

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতে চৰ্চাত দক্ষিণ কামৰূপৰ এখন আশ্ৰম

Ramchandra Ashram: দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তত আছে ৰামচন্দ্ৰ আশ্ৰম । সীতাক বিচাৰি ফুৰাৰ সময়তেই জমাগুৰি ৰামচন্দ্ৰ আশ্ৰমত আশ্ৰয় লৈছিল ভগৱান ৰামে । ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতে অগণন লোকৰ ভিৰ দেখা গৈছে ।

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 4:48 PM IST

Ramchandra Ashram
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতে চৰ্চাত দক্ষিণ কামৰূপৰ এখন আশ্ৰম

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতে চৰ্চাত দক্ষিণ কামৰূপৰ এখন আশ্ৰম

গুৱাহাটী,২২ জানুৱাৰী :আজি অযোধ্যাত ৰাম লালাৰ প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন হয় । দেশৰ ভিন্ন প্ৰান্তত প্ৰাণ প্ৰতিষ্ঠাক লৈ ব্যাপক উছাহ দেখিবলৈ পোৱা গৈছে । ইয়াৰ মাজতে অসম-মেঘালয় সীমান্তৰ গুৱাহাটীৰ সমীপৱৰ্তী এখন আশ্ৰম চৰ্চাত আছে । দক্ষিণ কামৰূপত থকা জমাগুৰি ৰামচন্দ্ৰ আশ্ৰমখনক লৈ চৰ্চা হোৱাৰ সমান্তৰালকৈ অসংখ্য ভক্তৰ আগমন হোৱাও দেখা গৈছে ।

বিভিন্ন ইতিহাস আৰু জনবিশ্বাস অনুসৰি ৰামে সীতাক বিচাৰি ফুৰাৰ সময়তেই হেনো আশ্ৰয় লৈছিল জমাগুৰি ৰামচন্দ্ৰ আশ্ৰমত । য'ত ৰামায়ণত উল্লেখ থকা বালি আৰু সুগ্ৰীৱৰ যুদ্ধৰ পৰা আৰম্ভ কৰি ৰামে লংকালৈ যোৱাৰ পূৰ্বে প্ৰথমখন পূজাও হেনো এই আশ্ৰমতে আগবঢ়াইছিল । এনেবোৰ জনবিশ্বাসৰ বাবেই অযোধ্যাত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতেই এই আশ্ৰমখনে বিশেষ গুৰুত্ব লাভ কৰিছে ।

বহুতে দাবী কৰা মতে এইখনেই উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ৰামচন্দ্ৰ আশ্ৰম । দক্ষিণ কামৰূপৰ অসম-মেঘালয় সীমান্তত থকা এই আশ্ৰমখনলৈ সুদূৰ জব্বলপুৰৰ পৰা ৪ গৰাকী সাধু আহি বাহৰ পাতিছে । ৰাম, সীতা আৰু লক্ষ্মণৰ মূৰ্তিও জব্বলপুৰৰ পৰা আনি এই আশ্ৰমখনতেই প্ৰাণ প্ৰতিষ্ঠা কৰা হয় । হোম যজ্ঞ, নাম-কীৰ্তন আদিৰ জৰিয়তে আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আশ্ৰমখনত।

জনবিশ্বাস অনুসৰি ৰাম, সীতা, লক্ষ্মণ, হনুমান, বালি, সুগ্ৰীৱ সকলোৰে পদচিহ্ন অংকিত হৈ আছে এই আশ্ৰমৰ প্ৰতিটো শিলত। প্ৰকৃতিৰ নান্দনিক পৰিৱেশৰ মাজত থকা এই আশ্ৰমখনলৈ আজিৰ দিনটোত বহু ভক্তৰ আগমন হৈছে । অসংখ্য ভক্তৰ আগমনৰ লগে লগে এই আশ্ৰমখনে ঐতিহাসিক গুৰুত্ব লাভ কৰিছে ।

লগতে পঢ়ক :মুখ্যমন্ত্রীয়ে অসমখনক গুণ্ডাৰাজলৈ পৰিণত কৰিলে: মীৰা বৰঠাকুৰ

ABOUT THE AUTHOR

...view details