অসম

assam

ETV Bharat / state

প্ৰতিকূল বতৰক নেওচি যোৰহাটৰ গড়আলিত অগণন ভক্তৰ ভিৰ

Durga Puja 2024: যোৰহাটৰ গড়আলিত নৱমীৰ নিশা ভক্তৰ অভাৱনীয় ভিৰ । সষ্টম প্ৰশাসন ।

Durga Puja 2024
প্ৰতিকূল বতৰক নেওচি যোৰহাটৰ গড়আলিত অগণন ভক্তৰ ভিৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 12, 2024, 9:54 AM IST

যোৰহাট,১২ অক্টোবৰ : দুৰ্গা পূজাক লৈ মতলীয়া ৰাজ্যবাসী । প্ৰতিটো মণ্ডপতে ভক্তৰ লানি নিছিগা ভিৰ পৰিলক্ষিত হৈছে । ব্যতিক্ৰম নহয় যোৰহাটৰ পূজা মণ্ডপসমূহো । প্ৰতিকূল বতৰক নেওচি মাৰ আশীষ ল'বলৈ ওলাই আহিছে হাজাৰ হাজাৰ ভক্ত । একপ্ৰকাৰ জনসমুদ্ৰত পৰিণত হৈছে যোৰহাটৰ ঐতিহাসিক গড়আলি । মহানৱমী উপলক্ষে শুকুৰবাৰে নিশা যোৰহাট নগৰৰ মাজমজিয়াৰ গড়আলিত চৌদিশে দেখিবলৈ পোৱা গৈছে কেৱল মানুহ মানুহ ।

প্ৰতিকূল বতৰে ম্লান পেলাব পৰা নাই পূজাৰ আনন্দ

সন্ধিয়াৰ পৰা যোৰহাটৰ কিছু কিছু স্থানত পাতলীয়া বৰষুণ হোৱা দেখা যায় । অৱশ্যে তাৰ পিছতো পূজা মণ্ডপত অজস্ৰ ভক্তৰ ভিৰ দেখা গ'ল । বিশেষকৈ যোৰহাট নগৰৰ গড়আলি, এটি ৰোড আৰু ঠাকুৰবাৰীত অগণন ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হ'ল । আনহাতে ৰাইজৰ অভাৱনীয় ভিৰৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনকো সষ্টম হোৱা দেখা গ'ল । পূজা মণ্ডপ তথা ৰাজপথত অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰিলে প্ৰশাসনে । দুৰ্গা পূজাৰ লগত সংগতি ৰাখি কেইবাটাও পথত যান-বাহনৰ প্ৰৱেশ বন্ধ কৰি দিলে প্ৰশাসনে । ইফালে গধুৰ বাহনৰ চলাচলৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হয় ।

প্ৰতিকূল বতৰক নেওচি যোৰহাটৰ গড়আলিত অগণন ভক্তৰ ভিৰ (ETV Bharat)

যোৰহাটত দুৰ্গা পূজা

উল্লেখ্য যে যোৰহাট জিলাখনত এইবাৰ ১৯০ খনৰো অধিক পূজা অনুষ্ঠিত হৈছে । কেইবাখনো পূজা মণ্ডপ ব্যতিক্ৰম হোৱা দেখা গৈছে । যাৰ বাবে কেৱল যোৰহাটৰে নহয় চুবুৰীয়া জিলা গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আদিকে ধৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহিছে । গড়আলিৰ সমান্তৰালকৈ যোৰহাট নগৰৰ কেইবাখনো পূজাত নৱমীৰ নিশা অসংখ্য ভক্তৰ ভিৰ দেখা গ'ল ।

লগতে পঢ়ক :দৌলে-দেৱালয়ে, মন্দিৰে-মণ্ডপে মুখ্যমন্ত্ৰী আৰু গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details