গুৱাহাটী, 19 আগষ্ট : উত্তৰ-পূৰ্বাঞ্চলৰ 6 খন ৰাজ্যত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ ৷ ইয়াৰে তিনিখন ৰাজ্যত বৰষুণৰ পৰিমাণ ঘাটি হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যত এই কথা প্ৰকাশ পাইছে ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ ভিতৰত নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামত ঘাটি বৰষুণৰ হৈছে ৷
বতৰ বিজ্ঞান কেন্দ্ৰই বিগত 1 জুনৰ পৰা 15 আগষ্টলৈ চলোৱা এক অধ্যয়ন অনুসৰি, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামত ঘাটি বৰষুণ হৈছে ৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, বিগত 1 জুনৰ পৰা 15 আগষ্টলৈ চলোৱা অধ্যয়ন অনুসৰি, নাগালেণ্ড 24 শতাংশ, মণিপুৰত 37 শতাংশ আৰু মিজোৰামত 33 শতাংশ ঘাটি বৰষুণ হৈছে ৷ অৰ্থাৎ এই সময়ছোৱাত নাগালেণ্ডত স্বাভাৱিকতে 697.5 মিলিমিটাৰ বৰষুণ হ’ব লাগিছিল, কিন্তু বৰষুণ হৈছে 524.4 মিলিমিটাৰ ৷ আকৌ এই সময়ছোৱাত মণিপুৰত স্বাভাৱিকতে 716.4 মিলিমিটাৰ বৰষুণ হ’ব লাগিছিল, কিন্তু বৰষুণ হৈছে 454.6 মিলিমিটাৰ ৷ আনহাতে এই সময়ছোৱাত মিজোৰামত স্বাভাৱিকতে 1050.7 মিলিমিটাৰ বৰষুণ হ’ব লাগিছিল, কিন্তু বৰষুণ হৈছে 708.6 মিলিমিটাৰ ৷