নগাঁও/ধিং, 4 ছেপ্টেম্বৰ:আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ 456 সংখ্যক তিৰোভাৱ তিথি । গুৰুজনাৰ পবিত্ৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ বিভিন্ন সত্ৰ-নামঘৰৰ লগতে শংকৰদেৱ গুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱা থানতো পুৱাৰে পৰাই বিৰাজ কৰিছে এক উখল-মাখল পৰিবেশ । পুৱাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ লোকৰ সমাগমেৰে উখল-মাখল হৈ পৰে বটদ্ৰৱা থান ।
গুৰুজনাৰ 456 সংখ্যক তিৰোভাৱ তিথি দুদিনীয়াকৈ আয়োজন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বটদ্ৰৱা থানত ৷ গুৰুজনাৰ আশিস বিচাৰি পুৱাৰ পৰাই ভিৰ কৰে ভক্তপ্ৰাণ লোকে । নাম-প্ৰসংগৰে মুখৰিত হৈ পৰিছে বটদ্ৰৱা থান । শংকৰদেৱৰ তিৰোভাৱ তিথি উৎসৱটি বটদ্ৰৱা থানত 'গুৰু কীৰ্তন' হিচাপে পালন কৰা হয় । বটদ্ৰৱা থানৰ পৰম্পৰা অনুসৰি শ শ বছৰ ধৰি গুৰু কীৰ্তন উৎসৱ দুদিনীয়া কাৰ্যসূচীৰে পালন হৈ আহিছে । এই বছৰো হোৱা নাই কোনো ব্যতিক্ৰম ।
ধৰ্মীয় পৰম্পৰাৰে মঙলবাৰৰ পৰাই আৰম্ভ হোৱা গুৰু কীৰ্তনৰ আজি পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগ আদি বিভিন্ন কাৰ্যসূচীৰে চলি আছে তিৰোভাৱ তিথিৰ কাৰ্যসূচী । ইফালে পুৱাৰে পৰা ঊষা কীৰ্তনকে কৰি বটদ্ৰৱাৰ চৌপাশ হৰি নামৰ অমল ধ্বনিৰে মুখৰিত হৈ পৰিছে ।