লখিমপুৰ ২৩ ছেপ্টেম্বৰ : গোলাঘাটৰ এগৰাকী বাছ চালকৰ কন্যাৰ সাফল্য ৷ বিকল হৈ পৰা বাছখন ভাল কৰি থাকোতেই পিতৃলৈ বাৰে বাৰে আহিছিল কন্যাৰ ফোনকল । পিছে যাত্ৰীৰ কটুবাক্য শুনাৰ ভয়তে অথবা সময়ৰ টনাটনিৰ বাবে তেওঁ ফোনকলটো ৰিছিভ কৰিব পৰা নাছিল ৷ অৱশেষত বাছখন ভাল কৰি তেওঁ কন্যালৈ ফোনকল কৰিলে । তেতিয়াই কন্যাই দিলে শুভ সংবাদটো ৷
‘‘দেউতা মই কেম্ব্ৰিজ বিশ্ববিদ্যালয়, নাছা আদিলৈ যাবলৈ নিৰ্বাচিত হৈছো ।’’- বাছ চালকগৰাকীৰ কন্যা নিকিতা নেওগে দিলে এই শুভ সংবাদ ৷ কন্যাৰ এই শুভ সংবাদে বাকৰুদ্ধ কৰিলে বাছ চালক পিতৃ প্ৰাঞ্জল নেওগক ৷ এয়া মাথো দুদিনমানৰ আগৰ কথা ।
অসমৰ ভিতৰত মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাত স্থান লাভ কৰি লণ্ডনৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়কে ধৰি বিশ্বৰ আগশাৰীৰ কেবাখনো বিশ্ববিদ্যালয় আৰু নাছা পৰিদৰ্শনৰ সুযোগ লাভ কৰিলে গোলাঘাটৰ মিছামৰা বাহৰুৱা গাঁৱৰ প্ৰাঞ্জল নেওগৰ মেধাবী কন্যা নিকিতা নেওগে । দেৰগাঁও ৰেডিয়েন্ট কলেজৰ দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ ছাত্ৰী নিকিতাই ২০২৩ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষাত স্থান লাভ কৰি কঢ়িয়াই আনিলে গৌৰৱ ৷ ইতিমধ্যে এই পৰীক্ষাত সফলতা লাভ কৰা আন চাৰিগৰাকী মেধাবী ছাত্ৰীৰ সৈতে শনিবাৰে লণ্ডনলৈ বুলি উৰা মাৰে নিকিতাই । এজন বাছ চালকৰ কন্যাৰ সাফল্যই পিতৃক স্বাভাৱিকতেই গৰ্বিত কৰি তুলিছে ।