মৰাণ, ২৯ এপ্ৰিল:প্ৰচণ্ড ধুমুহাৰ পাছতে চৰাইদেউ জিলাখনত হাহাকাৰ পৰিবেশ । তিনিদিনে অন্ধকাৰত ডুব গৈ আছে চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ লগতে জিলাখনৰ প্ৰায়সমূহ অঞ্চল । তিনিদিন পূৰ্বে কালৰূপী ধুমুহাই সমগ্ৰ চৰাইদেউ জিলাতে বিস্তৰ ক্ষতিসাধন কৰে । লগতে বিদ্যুৎ ব্যৱস্থাপনা তচনচ কৰাৰ ফলত সোণাৰিত তিনিদিনে বিদ্যুৎ যোগান ব্যাহত । এই ধুমুহাত ১০ কোটিৰো অধিক ক্ষয়-ক্ষতি হোৱাৰ আশংকা কৰিছে বিভাগটোৰ বিষয়াসকলে ।
সোণাৰিত এতিয়া প্ৰতিঘৰেই অন্ধকাৰত ডুব গৈ আছে । ইনভাৰটাৰৰো কাম নোহোৱাত ম'মৰ সহায়েৰে অতিবাহিত কৰিছে দিন । সমান্তৰালকৈ ব্যৱসায়ী মহলৰো একে অৱস্থা, ম'ম জ্বলাই গ্ৰাহকক আগবঢ়াইছে সেৱা । অৱশ্য়ে ভয়াৱহ ধুমুহাৰ তাণ্ডৱৰ পাছতেই তীব্ৰ গতিত চলিছে বিদ্যুৎ পুনৰ সংযোগৰ কাম । অতি সোনকালে বিদ্যুৎ যোগান ধৰা হ'ব বুলি সদৰী কৰিছে বিভাগটোৰ বিষয়াসকলে । দিনে- নিশাই কাম কৰিছে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে ।