মেষ ৰাশি:আপোনাৰ দিনটো ভালদৰেই পাৰ হ’ব ৷ আপোনাৰ পৰিয়ালৰ সদস্যৰ লগত বহি এটা গুৰুত্বপূৰ্ণ আলোচনা হ’ব ৷ আপুনি আপোনাৰ ঘৰৰ সজ্জা সলনি কৰিবলৈ ইচ্ছা কৰিব ৷ যিকোনো গুৰুত্বপূৰ্ণ বিষয়ত কাৰ্যালয় বা ব্যৱসায়িক বিষয়াৰ সৈতে আলোচনা হ’ব পাৰে ৷ চৰকাৰী সুবিধা পোৱাৰ সম্ভাৱনা আছে ৷ কাৰ্যালয় সম্পৰ্কীয় কামৰ বাবে যাত্ৰা কৰিব লাগিব ৷ কামৰ বোজা বৃদ্ধি পাব পাৰে ৷ স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক ক্লান্তিৰ লগতে কিছু অসুস্থতাও অনুভৱ কৰিব ৷ মাতৃৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে ৷
বৃষ ৰাশি:আজি ব্যৱসায়ৰ সৈতে জড়িত লোকৰ বাবে দিনটো শুভ ৷ নতুন পৰিকল্পনা কৰিব পাৰে ৷ নতুন ব্যৱসায়তো আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ বহিঃৰাজ্যত বাস কৰা বন্ধু-বান্ধৱী আৰু আত্মীয়ৰ লগত কথা পাতি আনন্দ অনুভৱ কৰিব ৷ বহু দূৰ যাত্ৰা কৰিব লাগিব পাৰে ৷ আপুনি কোনোবা ধৰ্মীয় স্থানলৈ ভ্ৰমণ কৰিবলৈ যাব পাৰে ৷ অত্যধিক কামৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব ৷ পত্নীৰ সৈতে সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব ৷
মিথুন ৰাশি: আজি নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক ৷ আজিয়েই কোনো নতুন কাম আৰম্ভ নকৰিব ৷ যদি আপুনি আপোনাৰ খং নিয়ন্ত্ৰণত নাৰাখে তেন্তে তৰ্ক-বিতৰ্কই ডাঙৰ ডাঙৰ কাজিয়াৰ ৰূপ ল’ব পাৰে ৷ খৰচ বেছি হ’ব ৷ আপুনি হয়তো টকাৰ অভাৱ অনুভৱ কৰিব পাৰে ৷ নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক ৷ আধ্যাত্মিকতা আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰাৰ পৰা আপুনি সকাহ অনুভৱ কৰিব ৷ আজি প্ৰেমৰ সম্পৰ্কৰ বাবে এটা ভাল দিন ৷ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ এচাইনমেণ্ট সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত কষ্ট কৰিব লাগিব ৷
কৰ্কট ৰাশি:আজি বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ লগত সুখেৰে কটাব পাৰিব ৷ আপুনি মনোৰঞ্জনমূলক কাম-কাজত অধিক মনোনিৱেশ কৰিব ৷ ব্যৱসায়তো লাভৰ সম্ভাৱনা বেছি ৷ অংশীদাৰৰ পৰাও সুবিধা থাকিব ৷ চুটি ভ্ৰমণ বা পৰ্যটনৰ আয়োজন হ’ব পাৰে ৷ সামাজিকভাৱে সন্মান পাব ৷ প্ৰেম জীৱনৰ বাবে সময় ভাল ৷ স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি এটা মধ্যমীয়া ফলপ্ৰসূ দিন ৷ বাহিৰত খাদ্য খোৱা-বোৱা পৰিহাৰ কৰিব লাগে ৷
সিংহ ৰাশি:মানসিক চিন্তাৰ বাবে মন বিচলিত হৈ থাকিব ৷ সন্দেহ আৰু বিষাদেও মনটোক আধিপত্য বিস্তাৰ কৰিব, সেয়েহে আজি মনটো গধুৰ হৈ পৰিব ৷ কিবা কাৰণত দৈনন্দিন কাম-কাজত বাধা আহিব পাৰে ৷ ব্যৱসায়ৰ সহকৰ্মীসকলৰ পৰা আজি আপুনি কম বা একেবাৰেই সমৰ্থন নাপাব ৷ বিষয়াৰ লগত তৰ্ক নকৰিব ৷ কৰা কষ্টৰ সঠিক ফল নোপোৱাৰ বাবে মনত হতাশাৰ সৃষ্টি হ’ব ৷ আপোনাৰ পত্নীৰ লগতো মতানৈক্য হ’ব পাৰে ৷
কন্যা ৰাশি:আজি ছাত্ৰ-ছাত্ৰীৰ বাবে কঠিন সময় ৷ আপুনিও নিজৰ সন্তানক লৈ চিন্তিত হৈ থাকিব ৷ বিনিয়োগ কৰাৰ আগতে বহুবাৰ চিন্তা কৰিব লাগিব ৷ মনত দুখ অনুভৱ কৰিব ৷ আজি বৌদ্ধিক আলোচনাত লিপ্ত নহ'লে আপোনাৰ বাবে লাভজনক হ'ব ৷ আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হৈ থাকিব ৷ দুপৰীয়াৰ পিছত কৰ্মস্থলীত ভাল সময় পাৰ কৰিব ৷ সহকৰ্মীসকলে আপোনাৰ কামত সহায় কৰিব ৷