মেষ ৰাশি: দিনটো সৌভাগ্যশালী ৷ পৰিয়ালত শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে ৷ ব্যৱসায়ত শুভ ৷ নতুন কাম আৰম্ভ কৰাৰ বাবে ভাল সময় ৷ স্বাস্থ্য আৰু আৰ্থিক অৱস্থাৰ প্ৰতি চকু দিয়ক ৷
বৃষ ৰাশি: পৰিয়ালৰ মাজত সংঘাত হ’ব পাৰে ৷ কথাবোৰ অলপ ভালকৈ চিন্তা কৰি চাব ৷ প্ৰচণ্ড দুশ্চিন্তা হ’ব ৷ ইয়ে কামত বাধা সৃষ্টি কৰিব পাৰে ৷ সাৱধানে থাকক ৷
মিথুন ৰাশি: ব্যৱসায় আৰু ব্যৱসায় সম্বন্ধীয় সকলো ধৰণৰ কামৰ বাবে দিনটো বৰ ভাল ৷ বিনিয়োগৰ পৰা অত্যাধিক লভ্যাংশ পাব ৷ বন্ধুসকলৰ দ্বাৰা উপকৃত হ’ব ৷ চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত নিজৰ কামৰ বাবে প্ৰশংসিত হ’ব, তেওঁলোকৰ পদোন্নতি হ’ব পাৰে, কৰ্মক্ষেত্ৰত উন্নতি হ’ব পাৰে ৷ বিবাহপ্ৰাৰ্থীসকলৰ বাবে দিনটো শুভ ৷
কৰ্কট ৰাশি:গ্ৰহঅনুকূল অৱস্থানত বিৰাজ কৰি আছে ৷ কৰ্কট ৰাশিৰ জাতক-জাতিকাসকল আজি সৌভাগ্যবান ৷ কৰ্মক্ষেত্ৰত সফল হ’ব ৷ পৰিয়ালৰ লোকৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ সন্মান বৃদ্ধি হ’ব ৷ আৰ্থিক অৱস্থানৰ উন্নতি হ’ব ৷
সিংহ ৰাশি: দিনটো মধ্যমীয়া ৷ ধৈৰ্য ধৰি থাকক ৷ গ্ৰহ শুভ ৷ দিনটো এলেহুৱা আৰু খঙাল যেন অনুভৱ হ’ব ৷ অত্যধিক চিন্তাত পৰিব ৷ শৰীৰ ভালে নাযাব বা ভাগৰুৱা লাগি থাকিব ৷ কোনোবাৰ কথাত আপোনাৰ খং উঠিলেও সেয়া প্ৰকাশ নকৰিব ৷ তৰ্ক-বিতৰ্ক কৰাৰ পৰা দূৰত থাকক ৷
কন্যা ৰাশি:ব্যয় বৃদ্ধি হ’ব ৷ পৰিস্থিতি হতাশাজনক হ’ব পাৰে ৷ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখক ৷ ধৈৰ্য ধৰক ৷ স্বাস্থ্যৰ যত্ন লওক ৷ শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ ৷