মেষ ৰাশি:পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কর্ম প্ৰভাৱান্বিত হʼব ৷ টকাৰ ৰাহি-খৰচ ভাল হʼব ৷ খৰচ সুস্থিৰে কৰিব ৷
বৃষ ৰাশি:আনক শাসন কৰিব ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰখা উচিত ৷ বহুতো ব্যক্তিৰ লগত বন্ধুত্বপূৰ্ণ সংযোগ হʼব ৷ নতুন পৰিকল্পনা নকৰিব ৷ দিনটো প্ৰায় ভাল হʼব ৷
মিথুন ৰাশি: আপুনি যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ লক্ষ্যত সফল, কিন্তু বন্ধুৰ লগত তৰ্কত জড়িত হৈ পৰিব পাৰে ৷ প্ৰেমত শুভ ৷ সৌন্দৰ্য চৰ্চাত মনোযোগ দিব ৷
কৰ্কট ৰাশি:নতুন বন্ধুবৰ্গ পাব, ভাল বন্ধুত্ব হʼব ৷ বন্ধুবৰ্গৰ লগত দিনটো ভালেৰে যাব ৷ মানসিক চিন্তাই দেখা দিব পাৰে ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷
সিংহ ৰাশি: নতুন অধ্যয়ন কৰিবলৈ ইচ্ছা হʼব পাৰে ৷ দিনটো ভাল আৰু সফলতাৰে ভৰা হʼব ৷ সক্ৰিয়তা অনুভৱ কৰিব ৷ পৰিশ্ৰমৰ ফল লাভ ৷ গ্ৰহ ভাল ৷
কন্যা ৰাশি: ভয়, নিৰাপত্তাহীনতা আৰু অনিশ্চয়তাৰে দিনটো পাৰ হʼব ৷ জীৱনত ভাল বন্ধু লাভ হʼব ৷ নৈতিক শুদ্ধতা বজাই ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ আৰু তাক কোনেও ভংগ কৰিব নোৱাৰে । তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷