অসম

assam

By ETV Bharat Assamese Team

Published : 5 hours ago

ETV Bharat / state

বিদেশত ব্যৱসায় কৰিব বিচৰা এইসমূহ ৰাশিৰ লোকৰ বাবে আজি দিনটো শুভ... এই ৰাশিৰ লোকৰ ওপৰত থাকিব লক্ষ্মী দেৱীৰ কৃপা...কি কয় জ্যোতিষ শাস্ত্ৰই... - DAILY HOROSCOPE FOR 3RD OCTOBER

Daily Horoscope: কোন কোন ৰাশিৰ জাতক-জাতিকাৰ বাবে আজি দিনটো উত্তম ৷ কোন ৰাশিৰ লোকে ন্যায়ালয়লৈ যাব লগা হ’ব পাৰে ৷ জানিবলৈ পঢ়ক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল...

Daily Horoscope
আজি দিনটোৰ ৰাশিফল (ETV Bharat Assam)

মেষ ৰাশি:ব্যক্তিগত বা ব্যৱসায়িক সকলো ক্ষেত্ৰতে সফলতা দেখা যায় ৷ ব্যৱসায়ত প্ৰচুৰ লাভ হ’ব ৷ আপুনি সুন্দৰভাৱে ধনৰ সকলো দিশ চম্ভালি ল’ব পাৰিব ৷ বিয়লি পৰিয়াল আৰু বন্ধুৰ লগত বনভোজ বা আন ঠাইলৈ ফুৰিবলৈ যাওক ৷ ধৰ্মীয় কামত কিছুসময় কটাওক ৷ দিনটো সুন্দৰভাৱে পাৰ হ’ব ৷

বৃষ ৰাশি: আপোনাৰ মিঠা কথা-বাৰ্তাই আনক আকৰ্ষণ কৰিব আৰু মানসিক স্থিতি উন্নত কৰিব ৷ আজি দিনটো তৰ্ক প্ৰতিযোগিতা আৰু আলোচনাত বহাৰ উত্তম সময় ৷ যদিও আপুনি বিচৰা ধৰণৰ ফল লাভত ব্যৰ্থ হয় তেতিয়াও চিন্তাৰ কোনো কাৰণ নাই, ধৈৰ্য নেহেৰুৱাব ৷ সকলো বিষয় লাহে লাহে উন্নত হ’ব ৷ বাহিৰত খোৱা বন্ধ কৰক, হজম শক্তি হ্ৰাস হৈছে ৷ সাহিত্যত আপোনাৰ হেঁপাহ বৃদ্ধি হ‘ব ৷

মিথুন ৰাশি:আপুনি আজি সকলো ক্ষেত্ৰত খোকোজাৰে পাৰ হ’ব লাগিব, দুটাৰ মাজত এটা বিচাৰ কৰাটো কঠিন হৈ পৰিব ৷ মাতৃৰ সংগত সুখ অনুভব কৰিব ৷ ধৰ্মীয় বা জ্ঞানবৰ্ধক আলোচনাত যাতে একো তৰ্ক-বিতৰ্ক নহয় তাৰ প্ৰতি চকু ৰাখক ৷ পৰিয়ালৰ ডাঙৰসকলৰ লগত উপৰিপুৰুষৰ সম্পত্তিৰ ক্ষেত্ৰত হোৱা আলোচনাত ভাগ নোলোৱাই ভাল, নহ’লে আপুনি মানসিকভাৱে আঘাত পাব পাৰে ৷ ব্যৱসায়িক ভ্ৰমণৰ যোগ আছে কিন্তু পাৰে যদি বাতিল কৰক ৷

কৰ্কট ৰাশি:আপোনাৰ ভ্ৰাতৃসুলভ মৰম দেখুওৱাৰ সময় ৷ আপোনাৰ ভ্ৰাতৃয়ে অকলশৰীয়া অনুভব কৰিব আৰু আপোনাৰ সংগই তেওঁক আনন্দিত কৰি তুলিব ৷ ব্যৱসায় বঢ়োৱাৰ কথা আলোচনা কৰিব পাৰে ৷ আপোনাৰ কথাই আনক আকৰ্ষণ কৰিব, গতিকে বন্ধু আৰু প্ৰিয়জনৰ লগত ব্যক্তিগত সম্পৰ্ক ভাল কৰক ৷ সুন্দৰ ঠাইলৈ ভ্ৰমণলৈ যাব পাৰে ৷ আজি আপুনি কৰা সকলো কামতে কৃতকাৰ্যতা লাভ কৰিব ৷ সামাজিক সন্মান বৃদ্ধি কৰাৰ বাবে এই সময় উত্তম আৰু আপুনি ধনৰ ফালৰ পৰাও সবল হৈ উঠিব ৷

সিংহ ৰাশি:গণেশৰ কৃপাত আজিৰ দিনটো মিশ্ৰ ফলদায়ক ৷ ফল লাভত পলম হ’ব পাৰে ৷ আপোনাৰ দ্বাৰা বিচাৰ কৰোতেও ভুল হ’ব পাৰে, গতিকে সেই চিন্তা বাদ দি পৰিয়ালৰ লগত সময় কটোৱাত গুৰুত্ব দিয়ক আৰু সুখী হওক ৷ দূৰ সম্পৰ্কীয় লোক আপোনাৰ বাবে সাহস হ’ব পাৰে ৷ টকা ঘটিবলৈ অধিক কাম কৰা বন্ধ কৰক ৷

কন্যা ৰাশি:পৰিয়াল আৰু বন্ধুৰ লগত সময় কটাব পাৰিব ৷ প্ৰিয়জনৰ লগত হৃদয়ৰ কথা পাতিব পাৰিব আৰু লোভনীয় খাদ্য আৰু আনন্দই আপোনালৈ বাট চায় আছে ৷ শৰীৰ উন্নত থাকিব আৰু আপুনি মানসিকভাৱে অদ্ভুত শান্তি লাভ কৰিব ৷ লক্ষ্মী দেৱীৰ কৃপা থাকিব ৷ ধনৰ আগমন ঘটিব ৷ আজিৰ ভ্ৰমণ সুন্দৰ হ’ব ৷ সুন্দৰ সময় উপভোগ কৰক আৰু আনকো আনন্দ লাভত সহায় কৰক ৷

তুলা ৰাশি:আপোনাৰ খঙক দমন কৰক ৷ আজি কিছুমান আইনী কামৰ বাবে আপুনি ন্যায়ালয়লৈ যাব লগা হ’ব পাৰে ৷ সাৱধানে থাকক, আপোনাক লৈ কোনোবাই বেয়া মন্তব্য দিব পাৰে, তাৰ প্ৰত্যুত্তৰ সেই ঠাইতে দিয়ক ৷ আপোনাৰ কিছুমান কামৰ বাবে আপুনি অনুশোচনাত ভুগিব পাৰে ৷ প্ৰিয়জনৰ লগত তৰ্ক আৰু চিন্তাৰ বাবে শৰীৰ বেয়া হ’ব পাৰে ৷ গতিকে অহেতুক খৰচৰ বাবে সাজু থাকক ৷ চকু চিকিৎসকৰ ওচৰলৈ যাব লগা হ’ব পাৰে ৷ ধৰ্মীয় কাম-কাজ বা প্ৰাৰ্থনাই মনক স্থিৰ কৰি তুলিব ৷

বৃশ্চিক ৰাশি:শুভ ভাগ্য, বাস্তৱিক আৰাম আৰু আনন্দই আপোনাৰ বাবে বাট চাই আছে ৷ আজি আপুনি বহুতো শিহৰণকাৰী ঘটনাৰ সন্মুখীন হ’ব ৷ ভাল সময় উপভোগ কৰক ৷ বিবাহৰ বাবে উত্তম সময় ৷ আপোনাৰ সপোনৰ সংগীৰ লগত মিলন হ’ব ৷ ব্যৱসায় আৰু চাকৰি কৰাসকলৰ বাবে ভাল সময় ৷ বচ আপোনাৰ বাবে সুপৰামৰ্শদাতা আৰু বিশ্বাসযোগ্য হৈ উঠিব ৷ বন্ধু আৰু প্ৰিয়জনৰ লগত ৰোমান্তিক ভ্ৰমণত যাব পাৰে ৷

ধনু ৰাশি:আজি নিজকে আত্মবিশ্বাসী আৰু সুখী অনুভৱ কৰিব আৰু আপোনাৰ দিন ভালেৰে যাব ৷ পিতৃৰ ফালৰ পৰা ধনৰ উপহাৰ পাব পাৰে ৷ বচৰ পৰা ভাল ব্যৱহাৰ লাভ কৰিব ৷ ব্যৱসায় সংক্ৰান্তীয় আলোচনা সফল হ’ব আৰু আপুনি আৰম্ভ কৰিবলৈ বিচৰা ব্যৱসায়ৰ বাবে উচিত ধন লাভ কৰিব ৷ আপুনি আনৰ বাবে বহুত উপকাৰী হৈ পৰিব ৷ সকলো কাম সুন্দৰভাৱে সফল হ’ব আৰু আনন্দৰ বাবে যথেষ্ট সময় লাভ কৰিব ৷ সোনকালে ঘৰ সোমাওক আপোনাৰ পত্নীয়ে আপোনালৈ আগ্ৰহেৰে বাট চাব ৷ সমাজিক জীৱনত আপুনি সফলতা লাভ কৰিব আৰু আপোনাৰ আত্মবিশ্বাস বাঢ়িব ৷

মকৰ ৰাশি:কষ্ট কৰাসকলৰ বাবে সুন্দৰ দিন ৷ এই সময় সকলো জ্ঞানী লোকৰ বাবে সফল সময় ৷ এই সময়ত কৰা সকলো কাৰ্য সফল হ’ব ৷ লিখক আৰু কলাৰ লগত জড়িতসকল সফল হ’ব ৷ আপুনি কলাৰ বিষয়ত কোনো কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰে ৷ সাৰ্বজনীন বা সামাজিক কাম কৰাসকলে ভাল ফল নাপায় ৷ সাৱধান থাকক, যদিহে আপুনি ভাগৰুৱা অনুভৱ কৰিছে অলপ দিন কামৰ পৰা অব্যাহতি লওক অথবা অলপ শান্ত থাকক ৷ মানসিক অৱস্থা বেয়াৰ ফালে যাব পাৰে ৷

কুম্ভ ৰাশি:আজি আপুনি মানসিকভাৱে ভাগি পৰাৰ সম্ভাবনা আছে যিহেতু আপুনি বেছি চিন্তা কৰিব ! শান্ত হওক ! সকলো সমস্যাৰে সমাধান আছে ৷ নহ’লে আপোনাৰ খং, উদ্বিগ্নতা আৰু বিপৰীতমূখী চিন্তাধাৰাই আপোনাক আৰু দিগদাৰ দিব ৷ আপুনি কিছুমান নকৰিবলগীয়া কাম কৰিব পাৰে ৷ গতিকে প্ৰতিবাদী বিচাৰধাৰাত গুৰুত্ব দিয়ক আৰু বেয়া বিচাৰধাৰাক দলিয়াই পেলাওক ৷ এইকেইদিনতে পৰিয়ালত বিবাহৰ আয়োজন হ’ব পাৰে, কিন্তু আপুনি আপোনাৰ মানসিক অশান্তিৰ বাবে ভালদৰে আনন্দ কৰিব নোৱাৰিব ৷ মনক শান্ত ৰাখিবলৈ যোগ আৰু ধ্যান কৰিব পাৰে ৷

মীন ৰাশি:আপোনাৰ সপোনবোৰ সফল হোৱাৰ দিশত ৷ আপুনি যদিহে কবি, সাহিত্যিক, মূৰ্তিকাৰ বা চিত্ৰশিল্পী হয় তেন্তে নিজৰ যুঁজত নামি পৰক ৷ ব্যৱসায়ীসকলে নতুন কাম আৰম্ভ কৰাৰ সু-সময় ৷ বিদেশত ব্যৱসায় কৰিব বিচাৰিছে যদি আগবাঢ়ক ! ভাল কামৰ ভাল পুৰস্কাৰ পোৱাৰ সময় ৷ কামৰ পৰা অব্যাহতি লৈ অলপ কলাসুলভ কামত মন দিয়ক ৷ বনভোজ আয়োজনৰ বাবে উচিত সময়, বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ ব্যৱস্থা কৰিব পাৰে ৷ প্ৰেয়সীৰ লগত চিনেমা চাবলৈ যাব পাৰে ৷

ABOUT THE AUTHOR

...view details