অসম

assam

ETV Bharat / state

আজিৰ দিনটো কেনে যাব আপোনাৰ ? - DAILY HOROSCOPE

ৰাশিফলৰ মতে আজিৰ দিনটো আপোনাৰ বাবে ভাল নে বেয়া, জানি লওঁক...

Daily Horoscope
আজিৰ দিনটো কেনে যাব আপোনাৰ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Jan 17, 2025, 6:53 AM IST

মেষ ৰাশি : দিনটো কঠিন হ'ব ৷ স্বাস্থ্য ভালে নাযাব ৷ ফলত এলেহুৱা, ভাগৰুৱা আৰু দুৰ্বল হৈ থাকিব । অধিক শৰীৰ চৰ্চা কৰাৰ প্ৰয়োজন নাই ৷ ভ্ৰমণ বাতিল কৰক ৷ মানসিক অশান্তি হ'ব পাৰে ৷ প্ৰিয়জনৰ সৈতে মতবিৰোধ হ'ব পাৰে ৷ কথা কওঁতে সাৱধান হ'ব ৷ আপোনাৰ কথাই আনক আঘাত দিব পাৰে ৷

বৃষ ৰাশি : দিনটো মধ্যমীয়া ৷ যিমান ভালকৈ কাম কৰিব, সিমানেই ভাল ফল পাব । আত্মবিশ্বাসৰ সৈতে আগবাঢ়ি যাওঁক । পিতৃৰ পৰা কোনো লাভ আৰু উপকাৰ পাব । খেলুৱৈসকলৰ বাবে দিনটো বৰ ভাল ।

মিথুন ৰাশি :দিনটো মধ্যমীয়া ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ'ব । ব্যৱসায় কৰিলে লক্ষ্যত সফল হ'ব ৷ ব্যৱসায় বৃদ্ধিত লাভ ৷ অৱশ্যে কৰ্ম জীৱনত অশান্তি হ'ব পাৰে ।

কৰ্কট ৰাশি : দিনটো মধ্যমীয়া । মানসিক খেলিমেলি হ'ব পাৰে । কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷

সিংহ ৰাশি : কোনো নিৰ্ণয় বা সিদ্ধান্ত লোৱাত কঠিন হ'ব পাৰে | শান্ত হৈ কর্ম কৰক, সফল হ'ব ।

কন্যা ৰাশি : পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ দিনটো আনন্দেৰে পাৰ হ'ব ৷ আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব । পৰিয়ালবৰ্গৰ মাজত তৰ্ক-বিতৰ্ক হ'ব পাৰে । খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ সন্তানৰ সৈতে সময় কটাওক ৷

তুলা ৰাশি : দিনটো শুভ । চিন্তাধাৰাবোৰ ভাল হ'ব । জীৱনত ভাল পদোন্নতি হ'ব পাৰে । প্ৰশংসা লাভ ৷

বৃশ্চিক ৰাশি :দিনটো শুভ ৷ নিজৰ ব্যৱসায়ত মনোযোগ দিয়ক ৷ কর্ম ব্যস্ততা বৃদ্ধি ৷ ইয়াৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক ।

ধনু ৰাশি :ব্যৱসায়ত অধিক ব্যস্ত হ'ব পাৰে । কর্ম ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷

মকৰ ৰাশি : স্বাস্থ্য ভালে ৰখাত মনোযোগ দিয়ক । পৰিয়ালত কোনো সদস্যৰ বেমাৰ হ'ব পাৰে ৷ ঔষধৰ খৰচ বৃদ্ধি ৷ সদায় যোগ-অনুশীলন কৰক ৷ বাহিৰা খাদ্যৰ পৰা আঁতৰি থাকক ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ৷

কুম্ভ ৰাশি :পৰিয়ালৰ উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব । পৰিয়ালৰ ভালদৰে যত্ন লওক ৷ আনক প্ৰশংসা কৰক । কৰ্ম জীৱনত ভাল বন্ধু লাভ । তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷ খৰচ বৃদ্ধি হ'ব পাৰে ৷

মীন ৰাশি : নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । আনৰ পৰা পৰামৰ্শ নল'ব । শান্ত হৈ কর্ম কৰক ৷ খং-ৰাগ পৰিহাৰ কৰক ৷

ABOUT THE AUTHOR

...view details