গুৱাহাটী, 24 জুন:মহা অম্বুবাচী মেলাৰ আজি তৃতীয়টো দিন । প্ৰখৰ ৰ’দকো নেওচি নীলাচলৰ বুকুত ভিৰ কৰিছে অগণন ভক্তই । ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তগণৰ আৰাধনাৰ সমানে সমানে ভক্তিৰসত বুৰ গৈছে মা কামাখ্যা দেৱালয় ।
কামাখ্যা দেৱালয়ৰ সাধু-সন্নাসীৰ মতামত (ETV Bharat Assam) ঢাক-ঢোলৰ শব্দত গুঞ্জৰিত হৈছে নীলাচলৰ চৌদিশ । অম্বুবাচী মেলাৰ সময়ত নীলাচলত ভক্তৰ বাবে অন্য এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে দেশ-বিদেশৰ পৰা অহা বিভিন্ন সাধু-সন্তসকল । ভিন্ন বেশভূষাৰ সাধু-সন্তসকলৰ আশিস ল’বলৈ দূৰ-দুৰণিৰ পৰা আহে ভক্তসকল । অম্বুবাচী মেলাৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈ সাধুসকলে নীলাচল পাহাৰত থাকি তন্ত্ৰ-মন্ত্ৰ, জপ-তপ আদি কৰা দেখা যায় ।
লগতে পঢ়ক:মা কামাখ্যাৰ দৰবাৰলৈ অহা স্পৰ্শ বাবাৰ মুখত "জয় আই অসম" ধ্বনি - Ambubachi Mela 2024
প্ৰতিবছৰৰ দৰে অম্বুবাচীত মেলালৈ এইবাৰো আহিছে শ্ৰীনন্দ প্ৰজ্ঞানন্দ গিৰি বাবা । বাবাই জনোৱা অনুসৰি, ১৯৬৫ চনৰ পৰা প্ৰতিবছৰে অম্বুবাচী মেলাৰ সময়তে কামাখ্যালৈ আহি আছে তেওঁ । সেইসময়ত কামাখ্যা মন্দিৰলৈ আহিবলৈ নাছিল কোনো বাহন ।
অতীতৰ সেই সময় সুঁৱৰি বাবাগৰাকীয়ে কয় যে, "যেতিয়া ১৯৬৫ চনত প্ৰথমবাৰৰ বাবে কামাখ্যালৈ আহিছিলো, সেইসময়ত কামাখ্যাত অলৌকিক শক্তি বা তন্ত্ৰ-মন্ত্ৰৰ সাধনা ইয়াতকৈ বেছি আছিল । কিন্তু এতিয়া এইবোৰ বহু পৰিমাণে হ্ৰাস পাইছে ৷ সেইসময়ত দেৱী মাৰ সাক্ষাৎ বহুতে লাভ কৰিছিল । ময়ো তিনিবাৰ দেৱী মাৰ সাক্ষাৎ লাভ কৰিছো ৷"
লগতে পঢ়ক:চকলেট বিতৰণ কৰি প্ৰতিগৰাকী ভক্তক কামাখ্যালৈ আদৰিছে চকলেট বাবাই - Ambubachi Mela 2024
উল্লেখযোগ্য যে, এইবর্ষৰ অম্বুবাচী মেলা উপলক্ষে নীলাচলৰ বুকুলৈ আগমন ঘটিছে প্ৰায় ২০ হাজাৰ সাধু-সন্তৰ । যাৰ মাজত আছে চকলেট বাবা, ৰুদ্ৰাক্ষ বাবা, হাত দঙা বাবা, স্পৰ্শ বাবা আদিকে ধৰি ভিন্নৰঙী বাবা ৷
দুখজনক বিষয় যে এইবাৰৰ অম্বুবাচী মেলাত পৰিলক্ষিত নহ’ব ৰেডিঅ’ বাবাক । বিগত কেইমাহমান পূৰ্বে মৃত্যু ঘটিছে ভক্তৰ মাজত ৰেডিঅ’ বাবা নামে হিচাপে পৰিচিত সাধুগৰাকীৰ ।
লগতে পঢ়ক:মা-কামাখ্যাৰ আশিস বিচাৰি নীলাচলৰ বুকুত ভক্তৰ ভিৰ; শংখ-ঘন্টাধ্বনিৰে মুখৰিত চৌপাশ - Ambubachi Mela 2024