বিশ্বনাথ : ৰাজ্যত অনুষ্ঠিত হোৱা ৫ টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আজি ভোটগণনা । বাকী সমষ্টিকেইটাৰ সমান্তৰালকৈ বিহালী সমষ্টিৰো ভোটগণনা আৰম্ভ হৈছে । পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয় তথা জিলা নিৰ্বাচনী বিষয়া কাৰ্যালয়ত ভোটগণনা ।
উল্লেখ্য যে ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ এই ভোটগণনাত ১২ খন টেবুলত ১৩ ৰাউণ্ডত সম্পন্ন হ'ব ভোটগণনা । বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা জিলা আয়ুক্ত কাৰ্যালয়ৰ প্ৰথম মহলাত ৰিটাৰ্ণিং বিষয়াৰ তত্বাৱধানত পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে । প্ৰথম পৰ্যায়ত বিহালী বিধানসভা সমষ্টিৰ ২০৩ টা পোষ্টেল বেলটৰ ভোটগণনা কৰা হৈছে ।
উল্লেখ্য যে এই ভোটগণনাত ১৬ গৰাকী কাউন্টিং চুপাৰভাইজাৰ, ১৭ গৰাকী কাউণ্টিং সহায়ক আৰু ১৮ গৰাকী মাইক্ৰ'অবজাৰভাৰ নিয়োগ কৰা হৈছে । ১৩ নৱেম্বৰত অনুষ্ঠিত হোৱা ৭৭ নং বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত ৭৫.৭৯ শতাংশ ভোটদান হৈছিল । তাৰ ভিতৰত ৪৮,৭৭৬ জন পুৰুষ ভোটাৰ আৰু ৫১,৭০০ গৰাকী মহিলা ভোটাৰ আছিল । মুঠ ভোটাৰ আছিল ১,৩২,৫৭৯ টা আৰু তাৰ ভিতৰত ভোটাধিকাৰ সাব্যস্ত কৰিছিল ১,০০,৪৭৬ গৰাকীয়ে ।