অসম

assam

ETV Bharat / state

কলগাছিয়াত অনা-আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত ভুৱা ছাত্ৰৰ নামত লুন্ঠন - special training centre

Samagra Shiksha Assam: কলগাছিয়াৰ বৰতাৰীত সমগ্ৰ শিক্ষা আঁচনি ফোঁপোলা স্বৰূপ । অনা-আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত কাগজ-পত্ৰত ৩০ জন ছাত্রৰ বিপৰীতে বাস্তৱত ৬ জন ছাত্র । আলু পিটিকাৰে আহাৰ গ্ৰহণ ছাত্ৰৰ । শিক্ষাৰ্থীসকলক নিম্নমানৰ খাদ্য দিয়াৰ অভিযোগ । ইউনিফর্মৰ পৰা বঞ্চিত ছাত্ৰ ।

Samagra Shiksha Assam
বৰতাৰীত সমগ্ৰ শিক্ষা আঁচনি

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 9:10 PM IST

বৰতাৰীত সমগ্ৰ শিক্ষা আঁচনি

জনীয়া, ১০ মাৰ্চ: সমগ্র শিক্ষা আঁচনিৰ বৰপেটা জিলাৰ জনীয়াৰ ৰূপসী শিক্ষা খণ্ডৰ অন্তর্গত বৰতাৰী অনা-আৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰত চলিছে ব্যাপক দুৰ্নীতি তথা অনিয়ম । শিশু যাতে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত নহয়, তাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে সমগ্র শিক্ষা আঁচনি নামৰ এখন অভিলাষী আঁচনি আৰম্ভ কৰিছে । এই আঁচনিখন এতিয়া জনীয়াৰ ৰূপসী শিক্ষা খণ্ডত প্ৰহসনত পৰিণত হৈছে ।

বৰ্তমান বিশেষ প্রশিক্ষণ বিভাগৰ জিলা আঁচনি বিষয়া টিকেন্দ্ৰ নাথ আৰু পৰিচৰ্যাকাৰী চাহাব উদ্দিনৰ বাবে সোণৰ কণী পৰা হাহঁত পৰিণত হৈছে । উত্থাপিত অভিযোগ অনুসৰি জিলা আঁচনি বিষয়া টিকেন্দ্র নাথে আৱাসিক কেন্দ্রৰ পৰিচৰ্যাকাৰী চাহাব উদ্দিনৰ প্রত্যক্ষ সহযোগত ৩০/৪০ জন ছাত্রই পঢ়ি থকা বুলি দেখুৱাই শিক্ষার্থীৰ নামত অহা পুঁজি আত্মসাৎ কৰি আহিছে । বৰ্তমান এই কেন্দ্রটোত ৮-১০জন ছাত্রইহে অধ্যয়ন কৰি থকা পৰিলক্ষিত হৈছে । শিক্ষাৰ্থীসকলক যি আহাৰ দিয়া হয় সেয়া একেবাৰে নিম্নমানৰ খাদ্য বুলি অভিযোগ উত্থাপিত হৈছে ।

এই আৱাসিক কেন্দ্রটোত মাত্র এটা কোঠাতেই ছাত্র থকাৰ পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়া সকলো কৰিছে । অভিযোগ অনুসৰি, এন আৰ এছ টি চিসমূহতত অধ্যয়ন কৰি থকা শিক্ষাৰ্থী সকলক গাইপতি দুযোৰকৈ ইউনিফর্ম যোগানৰ ক্ষেত্ৰতো দূৰ্নীতি কৰিছে দুয়োজনেই । এই ক্ষেত্রত এন আৰ এছ টি চিত অধ্যয়ন কৰি থকা ছাত্র -ছাত্রীসকলৰ সংখ্যাৰ ভুল তথ্য দাঙি ধৰি টিকেন্দ্র নাথে ধন আত্মসাৎ কৰাৰ বাতৰি বিভিন্ন সংবাদ মাধ্য়মত প্ৰচাৰ হৈছে । এই ক্ষেত্ৰত অসম চৰকাৰ তথা উৰ্ধ্বতম কৰ্তৃপক্ষই জিলা আঁচনি বিষয়া টিকেন্দ্ৰ নাথ আৰু আৱাসিক কেন্দ্ৰটোৰ পৰিচৰ্যাকাৰী চাহাব উদ্দিনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় ।

লগতে পঢ়ক:চতিয়াৰ স্বনিৰ্ভৰশীল যুৱক ইমদাদুল হকৰ কাহিনীৰে...

ABOUT THE AUTHOR

...view details