গুৱাহাটী: অৱশেষত আকাশ ফুকনৰ ক্ষেত্রত কঠোৰ হ'ল বাজপেয়ী ভৱন । মন্ত্ৰী ৰণোজ পেগুক লৈ বিতর্কিত মন্তব্য কৰা আকাশ ফুকনৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিলে ৰাজ্যিক বিজেপিয়ে । বিতৰ্কিত বিজেপি নেতা আকাশ ফুকনক দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে । কেৱল মন্ত্রী ডাঃ ৰণোজ পেগুৱে নহয় সাংসদ কামাখ্যা প্রসাদ তাছাক লৈয়ো আকাশ ফুকনে কৰিছিল আপত্তিজনক মন্তব্য ।
মুলতঃ দলীয় অনুশাসন ভংগৰ অপৰাধত দলৰ ৰোষত পৰিছে বিতৰ্কিত বিজেপি নেতাজন । বোকাখাতৰ বিতৰ্কিত এই বিজেপি যুৱ নেতাজনে বাৰে বাৰে দলৰ ক্ষতি কৰা কাৰ্যত লিপ্ত হোৱাৰ যেন একপ্ৰকাৰ প্ৰতিযোগিতাতহে নামিছে । নিজ দলৰে মন্ত্ৰী, সাংসদক নমনা আকাশ ফুকনে কেৰেপ নকৰে দলৰ সাধাৰণ কৰ্মীসকলক । একাংশ শীৰ্ষ নেতাৰে থকা ঘনিষ্ঠতা থকাৰ বাবে মন্ত্ৰী-সাংসদকলৈ আপত্তিজনক মন্তব্য কৰাৰ পাছতো বাচি থকা আকাশ ফুকনে অতিক্ৰম কৰিছিল সকলো সীমা ।
অতি শেহতীয়াকৈ এইজন বিতৰ্কিত নেতাৰ হাতত প্ৰহৃত হৈছিল দলীয় কৰ্মী । তাৰোপৰি সন্মুখীন হৈছিল বিভিন্ন ভয়-ভাবুকিৰ । বাৰে বাৰে এইদৰে দলৰ নেতা, কৰ্মীক অপদস্থ কৰি অহা আকাশ ফুকনক অৱশেষত সকলো দলীয় বিষয়বাবৰ পৰা অব্যাহতি দিয়া হৈছে । লক্ষণীয় বিষয় যে এইজন বিজেপি নেতাই কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বিৰুদ্ধে বিগত সময়ত অশালীন মন্তব্য কৰিছিল ।