অসম

assam

ETV Bharat / state

ঢোলৰ ওজা মহেন্দ্ৰ চুতীয়াক বৰেণ্য শিল্পী বঁটা প্ৰদান

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ পশ্চিম আঞ্চলিকৰ অধিৱেশন সম্পন্ন । এই অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্য়ক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

AJYCP Daskhin Paccim Anchalik Session
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ পশ্চিম আঞ্চলিকৰ অধিবেশন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 10:10 AM IST

যোৰহাট :অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ পশ্চিম আঞ্চলিকৰ অষ্টম দ্বি বাৰ্ষিক অধিৱেশনৰ যোৱা দেওবাৰে সামৰণি পৰে । দুদিনীয়াকৈ আয়োজিত এই অধিৱেশনৰ অন্তিম দিনা ঢোলৰ ওজা মহেন্দ্ৰ চুতীয়াক "বৰেণ্য শিল্পী" বঁটা কৰা হয় । একেটা অনুষ্ঠানতেই কণ্ঠশিল্পী প্ৰাণদ্বীপ হাজৰিকাক "যুৱ নক্ষত্ৰ" বঁটা প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ পশ্চিম আঞ্চলিক সমিতিয়ে ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ পশ্চিম আঞ্চলিকৰ অষ্টম দ্বি বাৰ্ষিক অধিৱেশন যোৰহাটৰ ধলাজানত অনুষ্ঠিত হয় । প্ৰথম দিনা এই অনুষ্ঠানত পতাকা উত্তোলনৰ পিছতেই প্ৰতিনিধি সভাৰ উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক অসীমজ্যোতি শইকীয়াই ।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ পশ্চিম আঞ্চলিকৰ অধিবেশন (ETV Bharat Assam)

দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে ধলাজান অঞ্চলৰ ক্ৰীড়া সংগঠক তথা টেকেলা গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দেৱেন দত্তই । ইয়াৰ পিছতেই ধলাজান খেলপথাৰত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ পঞ্জীয়নভুক্ত চাৰিটা মহিলা ফুটবল দলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হয় । এই প্ৰতিযোগিতাত জংঘল ব্লক ক'চিং চেন্টাৰে কাকজান ক'চিং চেন্টাৰক ২-১ গ'লৰ ব্য়ৱধানত পৰাজিত কৰি প্ৰতিযোগিতাখনৰ খিতাপ লাভ কৰিবলৈ সক্ষম হয় ।

এই অনুষ্ঠানৰ বঁটা বিতৰণি‌ সভাত সভাপতিত্ব কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলাৰ সাংগঠনিক সম্পাদক প্ৰাঞ্জল দাসে । সভাখনত কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক শিৱ কলিতা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নৱ বৰা, যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জুল খাউণ্ডৰ লগতে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিক্ষক যোগেন দত্ত উপস্থিত থাকে । সভাত বিজয়ী আৰু বিজিত দলক ট্ৰফী আৰু মানপত্ৰ প্ৰদান কৰা হয় ।

উল্লেখ্য় যে এই সভাতে তিনিজন কৃতি শিক্ষক ৰূপজ্যোতি গগৈ, জয়ন্ত হাজৰিকা আৰু ৰাজকুমাৰ গুপ্তাৰ লগতে অঞ্চলটোৰ কেইবাজনো জ্যেষ্ঠ নাগৰিকক সন্মান জনোৱা হয় ।

এই অনুষ্ঠানৰ প্ৰতিনিধি সভা আৰু বিষয় বাচনি সভাত যোৰহাট জিলা সমিতিৰ পল্লৱ দাস আৰু জিলা সমিতিৰ সাংগঠনিক সম্পাদক ৰঞ্জন শইকীয়াৰ লগতে জিলা সমিতিৰ ভাৰ প্ৰাপ্ত সভাপতি উত্তম মহন্ত, জিলা সাংগঠনিক সম্পাদক প্ৰাঞ্জল দাসৰ উপস্থিতত ২০২৪ পৰা ২০২৬ লৈকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দক্ষিণ পশ্চিম আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ বণিয়া,উপ সভাপতি মনঞ্জিৎ বণিয়া,বিতু নায়ক,সাধাৰণ সম্পাদক বিনোদ বণিয়া, যুটীয়া সম্পাদক দিৱজ্যোতি সন্দিকৈ আৰু বিশ্বজিৎ বৰাক লৈ ৩১ জনীয়া এখন আঞ্চলিক সমিতি গঠন কৰা হয় ।

লগতে পঢ়ক:সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীক 'সুধাকণ্ঠ ভূপেন হাজৰিকা সংহতি বঁটা' প্ৰদান

শীৰ্ষ জনসম্পৰ্ক সন্মান চাণক্যৰে সন্মানিত গুৱাহাটীৰ নুৰুল লস্কৰ

ABOUT THE AUTHOR

...view details