মাজুলী, 4 জুলাই :ৰাজ্যৰ চৌদিশে এতিয়া অভাৱনীয় পৰিৱেশ ৷ প্ৰলয়ংকৰী বানে ইতিমধ্যে ৰাজ্যৰ প্ৰায়কেইখন জিলাকে আক্ৰান্ত কৰিছে ৷ জটিল ৰূপ ধাৰণ কৰা বানে বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে ৷ পোহনীয়া জীৱ-জন্তুৰ সৈতে এতিয়া সহাৱস্থান কৰিবলৈ বাধ্য হৈছে বন্যাৰ্ত ৷ সত্ৰপীঠ মাজুলীতো বানে লৈছে ভয়াৱহ ৰূপ ৷ বানত জুৰুলা হৈ পৰিছে নদীদ্বীপ মাজুলীৰ ৰাইজ ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে বান পৰিস্থিতিৰ বুজ ল’বলৈ মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷
ইতিমধ্যে বছৰৰ প্ৰথমটো বানে মাজুলীৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন কৰিছে ৷ বছৰৰ প্ৰথমটো বানে উটুৱাই লৈ যায় আউনীআটী সত্ৰৰ সমীপৰ জুগুনধাৰী আৰু বোকোৰা গাঁৱৰ মাজৰ মথাউৰি ৷ ইয়াৰ পিচতেই বৃহস্পতিবাৰে মাজুলীৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল’লে মাজুলীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মাজুলীৰ মূল ৰক্ষাকৱচ হালধিবাৰী-বেচামৰা মথাউৰিৰ বনগাঁও -আফলামুখ ঘাটৰ মাজৰ অংশ নিৰীক্ষণ কৰে ৷ ইয়াৰ পিচতে মুখ্যমন্ত্ৰীগৰাকীয়ে আউনীআটী সত্ৰৰ সমীপৰ জুগুনধাৰী আৰু বোকোৰা গাঁৱৰ মাজৰ মথাউৰিৰ যিটো অংশ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় সেই অংশ পৰিদৰ্শন কৰে ৷